বাংলাদেশৰ ব্যক্তি
১৩২ প্ৰবন্ধ
-
কাজী নজৰুল ইছলাম
কাজী নজৰুল ইছলাম (Kazi Nazrul Islam; ২৪ মে' ১৮৯৯ – ২৯ আগষ্ট ১৯৭৬) অগ্ৰণী বঙালী কবি, বিংশ শতাব্দীৰ জনপ্ৰিয় বঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, যিয়ে বঙালী কাব্যত অগ্ৰগামী ভূমিকাৰ লগতে প্ৰগতিশীল প্ৰণোদনাৰ বাবে সৰ্বাধিক পৰিচিত।
-
বাঙালী জাতি
বাঙালী জাতি (বাঙ্গালী/বাঙালি ), বঙালী জাতি, বাঙালী লোক বা বঙালী লোক এটি ভাৰতীয়-আৰ্য জাতিগত আৰু ভাষাগত গোট যাৰ উৎস আৰু সাংস্কৃতিক কেন্দ্ৰ দক্ষিণ এছিয়াৰ বংগ অঞ্চল। বৰ্তমানে বাঙালী জাতিৰ লোক স্বাধীন বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা তথা অসম, মেঘালয় আৰু মণিপুৰৰ কিছু কিছু অংশত বিয়পি আছে।
-
শেখ হাছিনা
শেখ হাছিনা ৱাজেদ (শেখ হাসিনা ওয়াজেদ;(জন্ম ২৮ ছেপ্টেম্বৰ ১৯৪৭) এজন বাংলাদেশী ৰাজনীতিবিদ যিয়ে ১৯৯৬ চনৰ জুন মাহৰ পৰা ২০০১ চনৰ জুলাইলৈকে আৰু পুনৰ ২০০৯ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ আগষ্টলৈকে বাংলাদেশৰ দশম আৰু দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।শেখ হাছিনা ৱাজেদ বাংলাদেশৰ প্ৰতিষ্ঠাপক পিতৃ তথা…
-
শ্বেখ মুজিবুৰ ৰহমান
শ্বেখ মুজিবুৰ ৰহমান (শেখ মুজিবুব় ব়হমান, ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), জনপ্ৰিয়ভাবে শ্বেখ মুজিব বা বংগবন্ধু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব।
-
শাকিব খান
শাকিব খান (জন্ম: ২৮ মাৰ্চ ১৯৭৯) এগৰাকী বাংলাদেশৰ চলচ্চিত্ৰ অভিনেতা যিয়ে বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ ১৯৯৯ চনত ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ অনন্ত ভালোবাসাৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল আৰু এইখন এখন বাণিজ্যিকভাৱে সফল ছবি আছিল।
-
মুহাম্মদ ইউনুছ
মুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা।
-
জিয়াউৰ ৰহমান
জিয়াউৰ ৰহমান (১৯ জানুৱাৰী ১৯৩৬ – ৩০ মে' ১৯৮১) এজন বাংলাদেশী সামৰিক বিষয়া আৰু ৰাজনীতিবিদ আছিল। ১৯৭৭ চনৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাংলাদেশ জাতীয়তাবাদী দলৰ (BNP) প্ৰতিষ্ঠাপক আছিল আৰু আজীৱন ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
তছলিমা নাছৰিন
তছলিমা নাছৰিন (বাংলা: তসলিমা নাসব়িন, জন্ম: ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।
-
খালেদা জিয়া
খালেদা জিয়া (Khaleda Zia; জন্ম: খালেদা খানম পুতুল; ১৯৪৫ চন–৩০ ডিচেম্বৰ ২০২৫) এগৰাকী বাংলাদেশৰ ৰাজনৈতিক নেতা; যিয়ে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু পুনৰ ২০০১ চনৰ পৰা ২০০৬ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰিত্বৰ দায়িত্বত আছিল।
-
চৈয়দ ইছমাইল হোছেইন ছিৰাজী
চৈয়দ ইছমাইল হোছেইন ছিৰাজী ( বাংলা: সৈয়দ ইছমাইল হোসেন ছিৰাজী; ১৮৮০–১৯৩১) হৈছে বৰ্তমানৰ বাংলাদেশৰ ছিৰাজগঞ্জ নিবাসী এগৰাকী বঙালী লেখক আৰু কবি। তেওঁক বঙালী মুছলমান পুনৰ জাগৰণৰ সময়ৰ অন্যতম মূল লেখক হিচাপে গণ্য কৰা হয়। তেওঁ শিক্ষাৰ প্ৰসাৰক উদগনি যোগোৱাই নহয় ইছলামিক ঐতিহ্যকো মহিমামণ্ডিত কৰিছিল।
-
ছুফিয়া কামাল
বেগম ছুফিয়া কামাল ( Sufia Kamal; ২০ জুন ১৯১১-২০ নৱেম্বৰ ১৯৯৯) এগৰাকী বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯৫০ৰ দশকৰ বঙালী জাতীয়তাবাদী আন্দোলনত অংশ লৈছিল আৰু স্বাধীন বাংলাদেশৰ নাগৰিক সমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি আছিল।
-
মৌলানা আব্দুল হামিদ খান ভাসানী
মৌলনা আব্দুল হামিদ খান ভাষাণী (১২ ডিচেম্বৰ ১৮৮০-১৭ নৱেম্বৰ ১৯৭৬) সংক্ষিপ্ত মৌলনা ভাষাণী ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশ) এগৰাকী ইছলামিক পণ্ডিত আৰু ৰাজনৈতিক নেতা আছিল। তেওঁৰ ৰাজনৈতিক আমলত ব্ৰিটিছ উপনিৱেশিক ভাৰত, পাকিস্তান আৰু বাংলাদেশ সময়কাল বিস্তৃত আছিল।
-
ৰিচাৰ্ড উইলিয়াম টিম
ড॰ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।
-
সুমিতা দেৱী
সুমিতা দেৱী (জন্ম: ২ ফেব্ৰুৱাৰী, ১৯৩৬ - মৃত্যু: ৬ জানুৱাৰী, ২০০৪) বাংলাদেশৰ প্ৰথিতযশা চলচ্চিত্ৰ শিল্পী আৰু বাংলাদেশ টেলিভিচন জনপ্ৰিয় অভিনেত্ৰী আছিল। বৰ্তমান বাংলাদেশৰ (তৎকালীন ব্ৰিটিছ ভাৰতৰ) মানিকগঞ্জ জিলাত তেওঁৰ জন্ম হয়।
-
আনিছুল হক (ৰাজনীতিবিদ)
আনিছুল হক বাংলাদেশৰ এজন প্ৰখ্যাত ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদৰ (নেচনেল এচেম্বলী) ২৪৬ খন আসনৰ (ব্ৰাহ্মণবাৰিয়া-৪: কচবা-আখাউৰা) পৰা বৰ্তমানৰ সংসদৰ সদস্য। তেওঁ বৰ্তমান বাংলাদেশ চৰকাৰৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী (আইন মন্ত্ৰী) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
চৈয়দ মাহবুব এ খোদা
চৈয়দ মাহবুব-এ-খোদা (১৪ ডিচেম্বৰ ১৯৪৯ – ২৮ ডিচেম্বৰ ২০২০), জনপ্ৰিয়ভাৱে দেৱানবাগী নামেৰে পৰিচিত, এজন বঙালী চুন্নী মুছলমান, চুফী সাধু, পণ্ডিত, লেখক, সংস্কাৰক, দাৰ্শনিক আৰু ইছলামৰ প্ৰচাৰক আছিল; তেওঁ নিজৰ ধৰ্ম দৰ্শনক মোহাম্মদী ইছলাম বুলি অভিহিত কৰিছিল। তেওঁ দেৱানবাগ শ্বৰীফৰ প্ৰতিষ্ঠাপক আছিল।
-
ছৈয়দ মুজতবা আলী
{{Infobox academic | name = ছৈয়দ মুজতবা আলী | image = Syed Mujtaba Ali.jpg | native_name = সৈয়দ মুজতবা আলী | native_name_lang = bn | pronunciation = | birth_date = ১৩ ছেপ্তেম্বৰ ১৯০৪ | birth_place = কৰিমগঞ্জ, অসম প্ৰদেশ, ব্ৰিটিছ ভাৰত (অধুনা অসম, ভাৰত) | death_date = ১১ ফেব্ৰুৱাৰী ১৯৭৪ |…
-
তাহমিমা আনাম
তাহমিমা আনাম (তাহমিমা আনাম; জন্ম: ৮ অক্টোবৰ, ১৯৭৫) বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক। আ গ’ল্ডেন এইজ তেওঁৰ প্ৰথমখন উপন্যাস। কিতাপখন ২০০৭ চনত প্ৰকাশ হৈছিল আৰু ২০০৮ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপৰ ‘কমনৱেলথ ৰাইটাৰ্ছ প্ৰাইজ’ লাভ কৰিছিল।
-
নুচৰাত ইমৰোজ তিছা
নুচৰাত ইমৰোজ তিছা (Nusrat Imrose Tisha; জন্ম ২০ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু প্ৰযোজক যি মুখ্যতঃ বঙালী দূৰদৰ্শন আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিছা নামেৰে জনাজাত।
-
মওদুদ আহমেদ
বেৰিষ্টাৰ মওদুদ আহমেদ (২৪ মে ১৯৪০ – ১৬ মাৰ্চ ২০২১) এজন উকীল আৰু ৰাজনীতিবিদ আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। তেওঁ বিএনপি আৰু জাতীয় পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক। তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদত বিভিন্ন কাৰ্যকালৰ বাবে সাংসদ হোৱাৰ লগতে বাংলাদেশৰ বিভিন্ন চৰকাৰৰ কাৰ্যকালত এজন মন্ত্ৰীও আছিল।
-
মমতাজ বেগম
মমতাজ বেগম (Momtaz Begum; জন্ম: ৫ মে' ১৯৭৪) হৈছে এগৰাকী বাংলাদেশী কণ্ঠশিল্পী আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈ মাণিকগঞ্জ-২ সমষ্টিৰ পৰা বাংলাদেশৰ জাতীয় সংসদলৈ নিৰ্বাচিত সাংসদ। তেখেতক 'দ্য মিউজিক কুইন' উপাধিৰে উল্লেখ কৰা হয়। তেওঁৰ চাৰি দশকৰ কেৰিয়াৰত প্ৰায় ৭০০টা এলবাম ৰেকৰ্ড কৰিছে।
-
লীলানন্দ ঠাকুৰ
লীলানন্দ ঠাকুৰ (পাগল বাবা নামেৰে অধিক পৰিচিত) আছিল বিংশ শতিকাৰ এজন হিন্দু আধ্যাত্মিক সাধক আৰু সমাজসংস্কাৰক। তেওঁ অবিৰত হৰি নাম সংকীৰ্তনৰ মাধ্যমেৰে ধৰ্মীয় ভক্তিৰ লগতে শিক্ষা, স্বাস্থ্যসেৱা আৰু সমাজসেৱাক একেলগে আগবঢ়োৱাৰ বাবে পৰিচিত আছিল।
-
আজমেৰী হক বাঁধন
আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।
-
আহমদ ছফা
আহমদ ছফা (৩০ জুন ১৯৪৩ – ২৮ জুলাই ২০০১) এগৰাকী বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আছিল। জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মশ্বাৰৰফ হোছেন আৰু কাজী নজৰুল ইছলামৰ পিছত সবতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা।
-
উছমান চিৰাজুদ্দিন
উছমান ছিৰাজ আদ-দীন আল-বাংগালি ( ১২৫৮-১৩৫৭), (আখি সিরাজ) আছিল এজন ১৪ শতিকাৰ বাংলা মুছলমান পণ্ডিত। তেওঁ চিষ্টি অৰ্ডাৰৰ অধীনৰ এগৰাকী চুফী আছিল আৰু দিল্লীৰ নিজামুদ্দিন আউলিয়াৰ শিষ্য আছিল।
-
কবৰী
ছাৰা বেগম কবৰী (বা কবৰী চৰৱাৰ; জন্মːমীনা পাল; Kabori, ১৯ জুলাই ১৯৫০-১৭ এপ্ৰিল,২০২১) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে সুতৰাং, সাৰেং বৌ, আৱিৰ্ভাব, শত ভাই চম্পা, সুজন সখী আৰু লালন ফকীৰ। জীৱনৰ পিছৰ কালছোৱাত কবৰীয়ে ৰাজনীতিৰ লগত জড়িত হৈ পৰে।
-
চিন্ময় কৃষ্ণ দাস
চিন্ময় কৃষ্ণ দাস (Chinmoy Krishna Das) বাংলাদেশী হিন্দু সন্ন্যাসী আৰু বাংলাদেশ সনাতন জাগৰণ মঞ্চৰ মুখপাত্ৰ। ২০২৪ চনৰ ২৫ নৱেম্বৰত তেওঁক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়, যাৰ ফলত তেওঁৰ অনুগামীসকলে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে।
-
চৈয়দ আলী আহছান
'চৈয়দ আলী আহছান' (২৬ মাৰ্চ ১৯২২ - ২৫ জুলাই ২০০২) বাংলাদেশৰ এজন খ্যাতিনামা সাহিত্যিক, কবি, সাহিত্য সমালোচক, অনুবাদক, প্ৰাবন্ধিক আৰু শিক্ষাবিদ। ১৯৮৯ খ্ৰিষ্টাব্দত পক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেওঁ তেওঁৰ পাণ্ডিত্যৰ বাবে প্ৰসিদ্ধ আছিল।
-
জয়নুল আবেদিন
জয়নুল আবেদিন (Zainul Abedin,(২৯ ডিচেম্বৰ ১৯১৪ – ২৮ মে' ১৯৭৬)) হৈছে বাংলাদেশৰ এজন পৰিচিত চিত্ৰশিল্পী। ১৯৪৪ চনত ব্ৰিটিছ ঔপনিৱেশিক কালত বংগৰ কিছুমান দুৰ্ভিক্ষক চিত্ৰিত কৰা বাবে জয়নুল আবেদিন সুপৰিচিত হৈছিল। তেওঁ শিল্পাচাৰ্য হিচাপে সুপৰিচিত।
-
জহিৰ ৰায়হান
জহিৰ ৰায়হান (Zahir Raihan, ১৯ আগষ্ট ১৯৩৫ — ৩০ জানুৱাৰী ১৯৭২) বাংলাদেশৰ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক, ঔপন্যাসিক আৰু গল্পকাৰ। বাংলা সাহিত্যৰ চুটিগল্প শাখালৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৭২ চনত তেওঁ বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে।