চিত্ৰশিল্পী
১৩১ প্ৰবন্ধ
-
অশোক কুমাৰ
অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ।
-
লিঅ'নাৰ্ড' দা ভিন্সি
লেয়নাৰ্দ’ দি ছেৰ পিয়েৰ’ দা ৱিঞ্চি (Leonardo di ser Piero da Vinci,; ১৫ এপ্ৰিল ১৪৫২ – ২ মে ১৫১৯) আছিল ইতালীয় নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক।
-
মাইকেলেঞ্জেল'
মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি (৬ মাৰ্চ ১৪৭৫ – ১৮ ফেব্ৰুৱাৰী ১৫৬৪), বা চমুকৈ মাইকেলেঞ্জেল আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম।
-
গৌৰী বৰ্মন
গৌৰী বৰ্মন (Gauri Barman) অসমৰ এগৰাকী চিত্ৰশিল্পী, লেখক, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা আছিল। ১৯৭০ৰ চাৰিজন পৰিচালকে চতুৰঙ্গ নামেৰে পৰিচালনা কৰা অপৰাজেয় ছবিৰ অন্যতম পৰিচালক আছিল। পাছলৈ তেওঁ হৃদয়ৰ প্ৰয়োজন, অকণ, যুগে যুগে সংগ্ৰাম, অনুৰাগ, আপোনজন, জীৱন জেউতী আদি ছবি পৰিচালনা কৰে।
-
চালভাড' ডালি
চালভাড' ডমিনিক ফেলিপ জেচিন্ত ডালি ই ডমিনিচ, মাৰ্কুচ দে পিউবল (১১ মে', ১৯০৪ – ২৩ জানুৱাৰী, ১৯৮৯), বা অধিক জনাজাত চালভাড' ডালি, আছিল ফিগুৱেৰেচত জন্মলাভ কৰা এজন প্ৰখ্যাত স্পেনীয় কাটালান চিত্ৰশিল্পী। ডালি কৌশলগত নক্সাত পাৰ্গত আছিল।
-
পাব্ল' পিকাছ'
পাব্ল' ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ বা চমুকৈ পাব্ল' পিকাছ (২৫ অক্টোবৰ, ১৮৮১- ৮ এপ্ৰিল, ১৯৭৩) আছিল এজন স্পেইনৰ চিত্ৰশিল্পী, নক্সাবিদ আৰু ভাস্কৰ্য্যশিল্পী। তেওঁ জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কটাইছিল।
-
ভিনচেণ্ট ভেন গঘ
ভিনচেণ্ট ৱীলেম ভেন গঘ (৩০ মাৰ্চ, ১৮৫৩ – ২৯ জুলাই, ১৮৯০) আছিল হলেণ্ডৰ প'ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ। বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল।
-
অমৃতা শ্বেৰগিল
অমৃতা শ্বেৰগিল (৩০ জানুৱাৰী ১৯১৩ – ৫ ডিচেম্বৰ ১৯৪১) এগৰাকী বিখ্যাত হাংগেৰীয়ান ভাৰতীয় চিত্ৰশিল্পী আছিল। তেওঁক "বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ মহিলা চিত্ৰশিল্পী" আৰু "ভাৰতীয় শিল্পৰ অগ্ৰগামী" বুলি অভিহিত কৰা হয়।
-
অনিতা ডুবে
অনিতা ডুবে (ইংৰাজী: Anita Dube; জন্ম: ২৮ নৱেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় সমসাময়িক চিত্ৰশিল্পী। তেওঁৰ কৰ্মৰাজি ভাৰতত বহুলভাৱে প্ৰদৰ্শিত কৰা হৈছে।
-
ৰতন থিয়াম
ৰতন থিয়াম (Ratan Thiyam; জন্ম: ২০ জানুৱাৰী, ১৯৪৮-২৩ জুলাই ২০২৫) এজন ভাৰতীয় নাট্যকাৰ আৰু থিয়েটাৰ পৰিচালক৷ ১৯৭০ চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় নাট্যক্ষেত্ৰৰ "শিপাৰ থিয়েটাৰ" (theatre of roots) আন্দোলনৰ অগ্ৰগণ্য ব্যক্তি হিচাপে ১৯৮৭ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
এম ভি ধুৰন্ধৰ
ৰাও বাহাদুৰ মহাদেৱ বিশ্বনাথ ধুৰন্ধৰ এফ.আৰ.এছ.এ (১৮ মাৰ্চ ১৮৬৭ – ১ জুন ১৯৪৪) ব্ৰিটিছ ঔপনিৱেশিক যুগৰ এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আৰু পোষ্টকাৰ্ড শিল্পী আছিল। তেওঁৰ জনপ্ৰিয় চিত্ৰসমূহৰ ভিতৰত তেওঁৰ সাধাৰণ ঔপনিৱেশিক যুগৰ মহিলাসকলৰ চিত্ৰকল্পসমূহো আছে।
-
এলব্ৰেখট ড্যুৰাৰ
এলব্ৰেখট ড্যুৰাৰ (Albrecht Dürer) (; ২১ মে, ১৪৭১– ৬ এপ্ৰিল, ১৫২৮) এগৰাকী জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ। তেওঁৰ অতি উচ্চপৰ্য্যায়ৰ কাঠত খোদিত শিল্পকলাসমূহৰ বাবে বিশ বছৰ বয়সতে তেওঁ সমগ্ৰ ইউৰোপতে প্ৰসিদ্ধ হৈ পৰে। বৰ্তমান এই শিল্পসমূহ Meisterstiche নামেৰে প্ৰসিদ্ধ।
-
জেকছন পোলক
জেকছন পোলক (২৮ জানুৱাৰী, ১৯১২ – ১১ আগষ্ট, ১৯৫৬) এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল। জীৱনকালত পোলকে যথেষ্ট সুখ্যাতি আৰু কুখ্যাতি আৰ্জিছিল। তেখেত সেই প্ৰজন্মৰ এজন প্ৰভাৱশালী চিত্ৰকৰ আছিল।
-
ফ্ৰান্সিছক' গয়া
ফ্ৰান্সিছক' জোছ দি গয়া য়ে লুচিয়েণ্টিছ (Francisco José de Goya y Lucientes) (; ৩০ মাৰ্চ ১৭৪৬ - ১৬ এপ্ৰিল ১৮২৮)এগৰাকী স্পেইনদেশীয় চিত্ৰশিল্পী আৰু ছপা-শিল্পী (printmaker)। তেখেতক ৰোমাণ্টিক যুগৰ শেষৰ আৰু আধুনিক যুগৰ আৰম্ভণিৰ শিল্পী বুলি অভিহিত কৰা হয়। গয়া স্পেইনৰ ৰজাৰ দৰবাৰৰ শিল্পী আছিল।
-
ফ্ৰিদা কাল'
ফ্ৰিদা কাল (Frida Kahlo de Rivera) এগৰাকী মেক্সিকান চিত্ৰকৰ। এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি (self-portrait) সমূহৰ বাবে প্ৰসিদ্ধ। তেওঁৰ চিত্ৰসমূহ মেক্সিক'কে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।
-
মিগিশ্বি ছেটছুকো
মিগিশ্বি ছেটছুকো (三岸節子, ৩ জানুৱাৰী, ১৯০৫ – ১৮ এপ্ৰিল, ১৯৯৯ ) এগৰাকী বিশিষ্ট জাপানী যোগ চিত্ৰশিল্পী আছিল। মিগিশ্বিক জাপানী পশ্চিমীয়া তৈল চিত্ৰকলাৰ অগ্ৰগামী হিচাপে জনা যায়।
-
ললিতা লাজমী
ললিতা লাজমী (ইংৰাজী: Lalita Lajmi; ১৭ অক্টোবৰ ১৯৩২ – ১৩ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। কলাৰ সৈতে জড়িত পৰিয়ালত জন্মগ্ৰহণ কৰা স্ব-শিক্ষিত শিল্পী, সৰুতে শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তেওঁৰ অতি আকৰ্ষণ আছিল। তেওঁ হৈছে হিন্দী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা গুৰু দত্তৰ ভগ্নী।
-
ৰে'ম্ব্ৰেণ্ট
ৰে'ম্ব্ৰেণ্ট হাৰ্মেচুন ভন ৰে'ইন (; ১৫ জুলাই ১৬০৬ কলা জগতকৈ তেওঁৰ অৱদানসমূহ এনে এক অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বৰ সময়ত আহিছিল যাক ইতিহাসবিদসকলে ডাচ্চ সোণালী যুগ বোলে। ডাচ্চ সোণালী যুগ চিত্ৰকলা সমগ্ৰ ইউৰোপত প্ৰচলিত বেৰ'ক শৈলীতকৈ বহু পৃথক হ'লেও জনপ্ৰিয় আছিল আৰু ই চিত্ৰকলাত ন ন শ্ৰেণীৰ সৃষ্টি কৰে।
-
ৱাজিদ খান (শিল্পী)
ৱাজিদ খান (জন্ম: ১০ মাৰ্চ ১৯৮১) ভাৰতীয় শিল্পী, প্ৰতিকৃতি চিত্ৰকৰ, ভাস্কৰ্য-শিল্পী, উদ্ভাৱক আৰু স্বত্বাধিকাৰী। তেওঁ কেনভাছত গজালেৰে খোদিত কৰাত পাৰ্গত আছিল।
-
আইছা খালিদ
আইছা খালিদ ( Aisha Khalid; জন্ম: ১৯৭২ চনত পাকিস্তানৰ ফৈছালাবাদত) এগৰাকী মহিলা সমসাময়িক ভিচুৱেল শিল্পী, যিয়ে স্থাপত্য স্থানত ক্ষুদ্ৰ চিত্ৰকলা, বস্ত্ৰশিল্প, ভিডিঅ' আৰু নিৰ্দিষ্ট ইনষ্টলেচনৰ সৈতে কাম কৰে।
-
ইয়েৰানুহি আৰ্ছাকি আছলামাজিয়ান
ইয়েৰানুহি (ইৰান) আৰ্ছাকি আছলামাজিয়ান (Yeranuhi Aslamazyan; ১৫ এপ্ৰিল ১৯১০ – ৪ ফেব্ৰুৱাৰী ১৯৯৮) আছিল এগৰাকী আৰ্মেনিয়ান আৰু ছোভিয়েট শিল্পী আৰু গ্ৰাফিক শিল্পী। ইউ এছ এছ আৰৰ শিল্পী সংঘৰ সদস্য আৰু আৰ্মেনিয়ান এছ এছ আৰৰ সন্মানীয় শিল্পী আছিল।
-
কিৰণ শংকৰ
কিৰণ শংকৰ অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু সামজিক-সাংস্কৃতিক কৰ্মী আছিল। বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদি স্বনামধন্য ব্যক্তিৰ সান্নিধ্য লাভ কৰা বিজ্ঞানমনস্ক কিৰণ শংকৰে মানৱ জাতিৰ কল্যাণৰ বাবে মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰি গৈছে। তেওঁ চিপিআই(এম) দলৰ এগৰাকী সদস্য আছিল।
-
কৰুণা সুক্কা
কৰুণা সুক্কা (তেলেগু: కరుణ సుక్క; জন্ম ২০ নৱেম্বৰ ১৯৮০) তেলেংগানা ৰাজ্যৰ এগৰাকী ভাৰতীয় ছপা নিৰ্মাতা আৰু চিত্ৰশিল্পী যিয়ে বৃহৎ পৰিসৰৰ কাঠ-কাটৰ সৈতে কাম কৰি প্ৰিণ্ট তৈয়াৰ কৰে।
-
খলিল জিব্ৰান
খালিল জিব্ৰান (Khalil Jibran) এজন লেবাননীয়-আমেৰিকাৰ কবি আৰু লেখক আছিল। খালিল জিব্ৰানক দাৰ্শনিক বুলিও গণ্য কৰা হয় যদিও তেখেতে নিজকে দাৰ্শনিক হিচাপে পৰিচয় দিবলৈ ভাল নাপাইছিল।
-
জন গ্ৰীফিথছ
জন গ্ৰীফিথছ (২৯ নৱেম্বৰ ১৮৩৭ – ১ ডিচেম্বৰ ১৯১৮) ভাৰতত কাম কৰা এজন ৱেলছৰ এগৰাকী শিল্পী আছিল, তেওঁ তেওঁৰ প্ৰাচ্যবাদী ৰচনাৰ বাবে বিখ্যাত।
-
জয়নুল আবেদিন
জয়নুল আবেদিন (Zainul Abedin,(২৯ ডিচেম্বৰ ১৯১৪ – ২৮ মে' ১৯৭৬)) হৈছে বাংলাদেশৰ এজন পৰিচিত চিত্ৰশিল্পী। ১৯৪৪ চনত ব্ৰিটিছ ঔপনিৱেশিক কালত বংগৰ কিছুমান দুৰ্ভিক্ষক চিত্ৰিত কৰা বাবে জয়নুল আবেদিন সুপৰিচিত হৈছিল। তেওঁ শিল্পাচাৰ্য হিচাপে সুপৰিচিত।
-
জুবেইদা আঘা
জুবেইদা আঘা (Zubeida Agha; উৰ্দু: زبیدہ آغا; ১৯২২–১৯৯৭) প্ৰথম পাকিস্তানী আধুনিক শিল্পীসকলৰ ভিতৰত অন্যতম আছিল। ১৯৪৭ চনত পাকিস্তান সৃষ্টিৰ পিছত তেওঁৰ ছবিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী শিল্পী আছিল। তেওঁ আধুনিক প্ৰবচনটো পাকিস্তানলৈ অনাত সহায় কৰিছিল।
-
দ্বিজেন্দ্ৰনাথ ঠাকুৰ
দ্বিজেন্দ্ৰনাথ ঠাকুৰ ( জন্ম,১১ মাৰ্চ ১৮৪০ – মৃত্যু,১৯ জানুৱাৰী ১৯২৬) এজন ভাৰতীয় কবি, গীতিকাৰ, দাৰ্শনিক, গণিতজ্ঞ আৰু চিত্ৰশিল্পী আছিল। তেওঁ বঙালী লিপিত শ্বৰ্টহেণ্ড আৰু স্বৰলিপিৰ অন্যতম পথপ্ৰদৰ্শক আছিল। তেওঁ দেবেন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ পুত্ৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ আছিল।
-
নগ্নতাৰ বিপৰীতে পোহৰ
নগ্নতাৰ বিপৰীতে পোহৰ (ফৰাচী: Nu à contre-jour) ফৰাচী উত্তৰ-প্ৰতিবাদকাৰীৰ চিত্ৰশিল্পী পিয়েৰ বনাৰ্ডে অংকন কৰা তৈলচিত্ৰ। ১৯০৮ চনত বনাৰ্ডে এই তৈলচিত্ৰখন আঁকিছিল। বৰ্তমান বেলজিয়ামৰ ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছত ৰখা এই ছবিখন ১৯৮০ চনত বিবিচি ২ৰ অনুষ্ঠান হাণ্ড্ৰেড গ্ৰেট পেইণ্টিংছত প্ৰদৰ্শিত হৈছিল।
-
প্ৰফুল্ল ধনুকৰ
প্ৰফুল্ল ধনুকৰ (ইংৰাজী: Prafulla Dahanukar; ১৯৩৪ – ২০১৪) আছিল এজন ভাৰতীয় চিত্ৰশিল্পী। তেওঁ আছিল আধুনিক ভাৰতীয় শিল্পৰ এজন আগশাৰীৰ শিল্পী যিয়ে ভাৰতৰ বহু যুৱ শিল্পীকো সহায় আৰু প্ৰভাৱিত কৰিছিল।