অৰ্জুন বঁটা বিজয়ী
১২৯ প্ৰবন্ধ
-
লাভলীনা বৰগোহাঁই
লাভলীনা বৰগোহাঁই অসমৰ এগৰাকী ভাৰতীয় বক্সাৰ, যিয়ে আন্তৰ্জাতিক পৰ্যায়ত ৬৯ কেজি শাখাত পদক অৰ্জন কৰি পৰিচিতি লাভ কৰে। তেওঁ টকিঅ’ অলিম্পিকত বক্সিঙৰ ৬৯ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ পদক লাভ কৰে।
-
হিমা দাস
হিমা দাস অসমৰ ধিং গাঁৱৰ ভাৰতীয় ট্ৰেক-এণ্ড-ফিল্ড দৌৰবিদ, যি মূলতঃ ৪০০ মিটাৰ স্প্ৰিণ্টত খ্যাত। ২০১৮ চনত তেওঁ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ লগতে বিশ্ব পৰ্যায়তো পদক অৰ্জন কৰি ভাৰতীয় এথলেটিক্সত বিশেষ স্থান অধিকাৰ কৰে।
-
অৰ্জুন বঁটা
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। ই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।
-
শচীন তেণ্ডুলকাৰ
শচীন ৰমেশ তেণ্ডুলকাৰ (Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে।
-
মেৰী কম
মেৰী কম (Mary Kom; সম্পূৰ্ণ নাম: মাংগ্তে চাংগ্নেইজেং মেৰী কম, Mangte Chungneijang Mary Kom; জন্ম: ২৪ নৱেম্বৰ, ১৯৮২) ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা।
-
বিৰাট কোহলি
বিৰাট ক'হলি (জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল।
-
লিয়েণ্ডাৰ পেজ
লিয়েণ্ডাৰ পেজ (Leander Paes; সম্পূৰ্ণ নাম: লিয়েণ্ডাৰ আদ্ৰিয়ান পেজ) এজন ভাৰতীয় টেনিছ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলকাতাত জন্ম হয়। কলকাতাতেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল।
-
সুনীল গাভাস্কাৰ
সুনীল মনোহৰ গাভাস্কাৰ (Sunil Manohar Gavaskar; জন্ম: ১০ জুলাই,১৯৪৯) ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ। ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন।
-
অভিনৱ বিন্দ্ৰা
অভিনৱ বিন্দ্ৰা (Abhinav Bindra; জন্ম: ২৮ ছেপ্তেম্বৰ ১৯৮২) দেৰাডুনত জন্মগ্ৰহণ কৰে। এয়া আছিল ১৯৮০ বৰ্ষৰ পাছত ভাৰতৰ প্ৰথম স্বৰ্ণ বিজয়, সেইবাৰ পুৰুষ ফিল্ড হকী দলে স্বৰ্ণ পদক জিকিছিল। বিন্দ্ৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ আৰু অলিম্পিক গেমছ উভয় প্ৰতিযোগিতাত বৰ্তমানলৈকে স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ খেলুৱৈ।
-
পি. ভি. সিন্ধু
পুষৰলা ভেংকট সিন্ধু (Pusarla Venkata Sindhu; জন্ম: ৫ জুলাই ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হিচাপে পৰিগণিত হয়। পি. ভি.
-
সৌৰভ গাংগুলী
সৌৰভ চণ্ডীদাস গাংগুলী (Sourav Chandidas Ganguly, সৌব়ভ গঙ্গোপাধ্যায়) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। তেওঁক ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক বুলি বিবেচিত কৰা হৈছে। গাংগুলীৰ অধিনায়কত্বত ভাৰতে ৪৯ টেষ্ট মেচৰ ভিতৰত ২১টা মেচত জয়লাভ কৰে।
-
গগন নাৰং
গগন নাৰং (Gagan Narang; জন্ম: ৬ মে' ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১২ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ৩০ জুলাই ২০১২ তাৰিখে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ৭০১.১ ৰ চূড়ান্ত স্ক'ৰ লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ লণ্ডন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় আছিল।
-
দীপা মালিক
দীপা মালিক (Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল। তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত।
-
দেৱেন্দ্ৰ ঝাঝাৰীয়া
দেৱেন্দ্ৰ ঝাঝাৰীয়া (Devendra Jhajharia; জন্ম: ১০ জুন ১৯৮১) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ। পেৰালিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ।
-
নীৰজ চোপ্ৰা
চুবেদাৰ নীৰজ চোপ্ৰা (Neeraj Chopra; জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭) ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল।
-
ৰাহুল দ্ৰাবিড়
ৰাহুল দ্ৰাবিড় (Rahul Dravid; ১১ জানুৱাৰী, ১৯৭৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওঁক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম।
-
অচন্ত শৰৎ কমল
অচন্ত শৰৎ কমল (Achanta Sharath Kamal; জন্ম: ১২ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ। তেওঁ এতিয়ালৈকে দহবাৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা প্ৰথমজন ভাৰতীয় টেবুল টেনিছ খেলুৱৈ হিচাপে আঠবাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন কমলেশ মেহতাৰ অভিলেখ ভংগ কৰে।
-
কৰ্ণম মালেশ্বৰী
কৰ্ণম মালেশ্বৰী (Karnam Malleswari; জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।
-
ছানিয়া মিৰ্জা
ছানিয়া মিৰ্জা (জন্ম ১৫ নবেম্বৰ, ১৯৮৬, মুম্বাই, মহাৰাষ্ট্ৰ) ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ (ডব্লু’ টি এ)ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে।
-
দীপিকা কুমাৰী
দীপিকা কুমাৰী (Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল।
-
মনু ভাকৰ
মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত সোণৰ পদক লাভ কৰা তেওঁ কনিষ্ঠতম ভাৰতীয় শ্বুটাৰ।
-
মাৰীয়াপ্পান থানগাভেলু
মাৰীয়াপ্পান থানগাভেলু (Mariyappan Thangavelu; জন্ম: ২৮ জুন ১৯৯৫) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ২০১৬ চনত ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত হাই জাম্প টি৪২ ইভেণ্টত স্বৰ্ণ পদক আৰু ২০২০ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন…
-
সুনীল ছেত্ৰী
সুনীল ছেত্ৰী (Sunil Chhetri; জন্ম: ৩ আগষ্ট ১৯৮৪) এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান অধিনায়ক।
-
সুশীল কুমাৰ
সুশীল কুমাৰ (Sushil Kumar; জন্ম: ২৬ মে’, ১৯৮৩)। ২০১২ চনৰ অলিম্পিকৰ চূড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল।
-
ৰাজ্যৱৰ্ধন সিং ৰাথোড়
ৰাজ্যৱৰ্ধন সিং ৰাথোড় (Rajyavardhan Singh Rathore; জন্ম: ২৯ জানুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।
-
অঞ্জু ববী জৰ্জ
অঞ্জু ববী জৰ্জ (Anju Bobby George; জন্ম: ১৯ এপ্ৰিল ১৯৭৭) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় এথলীট। ২০০৩ চনত পেৰিছত অনুষ্ঠিত এথলেটিকছৰ বিশ্ব চেম্পিয়নশ্বিপত লং জাম্পত ৬.৭০ মিটাৰ জঁপিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল।
-
নয়নমণি শইকীয়া
নয়নমণি শইকীয়া (Nayanmoni Saikia; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ। তেওঁ বৰ্তমানলৈকে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।
-
পি. টি. উষা
পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা (চমুকৈ পি. টি. উষা, জন্ম ২৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰে'ক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।
-
প্ৰমোদ ভগত
প্ৰমোদ ভগত (Pramod Bhagat; জন্ম: ৪ জুন ১৯৮৮) এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ছেপ্টেম্বৰ ২০২১-ৰ তথ্য অনুসৰি, তেওঁ পেৰা-বেডমিণ্টন পুৰুষৰ একক এছএল৩ শাখাত বিশ্বৰ প্ৰথম স্থানৰ আছে।
-
বজৰং পুনিয়া
বজৰং পুনিয়া (Bajrang Punia; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু। তেওঁ ২০১৮ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ আৰু অষ্ট্ৰেলিয়াৰ গোল্ড কষ্টত অনুষ্ঠিত কমনৱেলথ গেমছৰ পুৰুষৰ ফ্ৰী ষ্টাইল মল্লযুঁজ প্ৰতিযোগিতাৰ ৬৫ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।