পদ্মশ্ৰী বঁটা বিজয়ী
৪২৪ প্ৰবন্ধ
-
জাহ্নু বৰুৱা
জাহ্নু বৰুৱা এগৰাকী খ্যাতিমান অসমীয়া চলচ্চিত্ৰ পৰিচালক, যিয়ে অসমীয়া আৰু হিন্দী ভাষাত বোলছবি নিৰ্মাণ কৰি দেশ-বিদেশত স্বীকৃতি লাভ কৰিছে। তেখেতৰ কিছুমান ছবিয়ে ৰাষ্ট্ৰীয় বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সন্মান অৰ্জন কৰি অসমীয়া ছবিক বিশ্বদৰ্শকৰ ওচৰত পৰিচিত কৰাত সহায় কৰিছে।
-
মহেশ্বৰ নেওগ
মহেশ্বৰ নেওগ (১৯১৫–১৯৯৫) আছিল অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু প্ৰাচ্যতত্ত্বৰ ক্ষেত্ৰত সুদীৰ্ঘ প্ৰভাৱ বিস্তাৰ কৰা কবি, গৱেষক, ভাষাবিদ আৰু সম্পাদক-অধ্যাপক।
-
মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী (প্ৰকৃত নাম ইন্দিৰা গোস্বামী) অসমৰ এগৰাকী প্ৰভাৱশালী ঔপন্যাসিকা, গৱেষক আৰু অধ্যাপিকা; তেখেতে অসমীয়া সাহিত্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰিসৰত চিনাকি কৰাই দিছিল।
-
চৈয়দ আব্দুল মালিক
চৈয়দ আব্দুল মালিক (১৯১৯–২০০০) অসমীয়া সাহিত্যৰ অন্যতম বহুমুখী স্ৰষ্টা; বিশেষকৈ আধুনিক অসমীয়া গল্প-সাহিত্যৰ ধাৰা গঢ়াত তেওঁৰ ভূমিকা উল্লেখযোগ্য। গল্প, উপন্যাস, কবিতা, নাটক, গৱেষণামূলক গ্ৰন্থ আৰু ভ্ৰমণকাহিনীৰে তেওঁ দীর্ঘকাল অসমীয়া পাঠকসমাজক প্ৰভাৱিত কৰিছিল আৰু ৰাষ্ট্ৰীয়–ৰাজ্যিক সন্মান লাভ কৰিছিল।
-
মান্না দে
মান্না দে (প্ৰবোধ চন্দ্ৰ দে) ভাৰতীয় চলচ্চিত্ৰ-সংগীতৰ অন্যতম প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী, যিয়ে হিন্দী আৰু বাংলা কেন্দ্ৰ কৰি বহুভাষিক গীত-জগত সমৃদ্ধ কৰিছিল।
-
কৃষ্ণকান্ত সন্দিকৈ
কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮–১৯৮২) অসমৰ বিশিষ্ট সংস্কৃত-সাহিত্য পণ্ডিত, বহুভাষাবিদ আৰু শিক্ষাবিদ, যি অনুবাদ-গৱেষণা আৰু উচ্চশিক্ষা-প্ৰশাসনত একেধাৰে গুৰুত্বপূৰ্ণ অৱদান ৰাখে।
-
লক্ষ্মীনন্দন বৰা
লক্ষ্মীনন্দন বৰা (১৯৩২–২০২১) অসমীয়া সাহিত্যৰ এগৰাকী বহুলপাঠ্য কথাশিল্পী, ঔপন্যাসিক আৰু শিক্ষাবিদ; ‘ৰামধেনু’ যুগত গল্পকাৰ হিচাপে তেখেতৰ সাহিত্যিক আত্মপ্ৰকাশ ঘটে।
-
নলিনীবালা দেৱী
নলিনীবালা দেৱী (১৮৯৮–১৯৭৭) আধুনিক অসমীয়া কাব্যধাৰাৰ এগৰাকী উল্লেখযোগ্য কবি-লেখিকা, যাৰ কবিতাত ৰহস্যবাদ, আত্মসন্ধান আৰু ভগৱৎ-অনুভৱৰ দৃঢ় উপস্থিতি দেখা যায়। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি হিচাপে তেখেতে সাহিত্য-সংগঠনৰ ইতিহাসতো উল্লেখযোগ্য স্থান অধিকাৰ কৰে।
-
প্ৰতিমা বৰুৱা পাণ্ডে
প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ লোক-সংগীত জগতৰ এক উল্লেখযোগ্য কণ্ঠ, বিশেষকৈ গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলাত তেখেতৰ ভূমিকা গুৰুত্বপূর্ণ। ৰাজপৰিয়ালৰ পটভূমিৰ পৰা আহিও তেখেতে চলচ্চিত্ৰ, মঞ্চ আৰু ৰেকৰ্ডিংৰ মাধ্যমেৰে লোকসংগীতক আধুনিক শ্ৰোতাৰ মাজলৈ আগবঢ়াই নিলে।
-
নীলমণি ফুকন (কনিষ্ঠ)
নীলমণি ফুকন (কনিষ্ঠ) (১৯৩৩–২০২৩) অসমীয়া ভাষাৰ কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। অসমীয়া আধুনিক কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ প্ৰভাৱ বিস্তাৰত তেওঁক উল্লেখ কৰা হয়।
-
চন্দ্ৰপ্ৰভা শইকীয়ানী
চন্দ্ৰপ্ৰভা শইকীয়ানী (১৯০১–১৯৭২) অসমৰ শিক্ষয়িত্ৰী, ঔপন্যাসিকা, সমাজসেৱী আৰু স্বাধীনতা সংগ্ৰামী। অসমীয়া নাৰী-আন্দোলনৰ পথ প্ৰদৰ্শক আৰু সদৌ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম হিচাপে তেওঁ স্বীকৃত।
-
পদ্মশ্ৰী
পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
-
অমিতাভ বচ্চন
অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।
-
শ্বাহৰুখ খান
শ্বাহৰুখ খান (Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়।
-
মহম্মদ ৰফি
মহম্মদ ৰফি (জন্মঃ ২৪ ডিচেম্বৰ, ১৯২৪ - মৃত্যুঃ ৩১ জুলাই, ১৯৮০) ভাৰতীয় সঙ্গীতশিল্পী হিচাবে এসময়ত সমগ্ৰ উপমহাদেশত অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব আছিল। তেওঁ সঙ্গীত জগতত সুদীৰ্ঘ চাৰি দশক সময়কাল অতিবাহিত কৰে।
-
অক্ষয় কুমাৰ
অক্ষয় কুমাৰ (Akshay Kumar; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৬৭; জন্ম নাম: ৰাজীৱ হৰি ঔম ভটিয়া) হৈছে এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান অভিনেতা, প্ৰযোজক, মাৰ্চাল আৰ্টিষ্ট আৰু টেলিভিচন ব্যক্তিত্ব যিয়ে বলিউড ছবিত কাম কৰে। ২৯ বছৰৰ বেছি কেৰিয়াৰত, কুমাৰ ১০০ টাতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰিছে।
-
শাবানা আজমী
শাবানা আজমী (Shabana Azmi, জন্ম: ১৮ চেপ্তেম্বৰ ১৯৫০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। চলচ্চিত্ৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁ সামাজিক বিষয়ৰ সৈতেও জড়িত। তেওঁ উৰ্দু ভাষাৰ কবি কাইফী আজমী আৰু মঞ্চ অভিনেত্ৰী চৌকত কাইফীৰ জীয়ৰী।
-
ঐশ্বৰ্যা ৰায়
ঐশ্বৰ্যা ৰায় ( Aishwarya Rai Bachchan; জন্ম ১ নবেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ১৯৯৪ চনৰ মিচ ৱৰ্ল্ড। অভিনয় জীৱনৰ বৃহৎ সাফল্যই তেওঁক ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পীৰূপে প্ৰতিষ্ঠা দিছে।
-
নাছিৰুদ্দিন শ্বাহ
নাছিৰুদ্দিন শ্বাহ (Naseeruddin Shah) হৈছে এগৰাকী প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ মূলসূঁতিৰ হিন্দী চলচ্চিত্ৰৰ লগতে ভাৰতীয় সমান্তৰাল চলচ্চিত্ৰৰ লগতো জড়িত। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেতাজন ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছে। ভেনিচ চলচ্চিত্ৰ মহোৎসৱত তেওঁ বিশেষভাৱে সন্মানিত হৈছে।
-
মণি ৰত্নম
মণি ৰত্নম (Mani Ratnam; জন্ম: জুন ২, ১৯৫৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান হিন্দী, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কাম কৰিছে।
-
হেমা মালিনী
হেমা মালিনী (জন্ম ১৬ অক্টোবৰ ১৯৪৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ছবি ইথু চাথিয়ামৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ।
-
মাদাৰ টেৰেছা
মাদাৰ টেৰেছা (Mother Teresa; ১৯১০ - ১৯৯৭; জন্মৰ নাম: এগ্নেছ গোন্জা বোজাজিউ; উচ্চাৰণ: ) এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল।
-
মাধুৰী দীক্ষিত
মাধুৰী দীক্ষিত (Madhuri Dixit Nene;; জন্ম: ১৫ মে' ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক, নৃত্যশিল্পী, আৰু টেলিভিছন ব্যক্তিত্ব। মাধুৰী দীক্ষিত হৈছে হিন্দী ছবি জগতৰ এগৰাকী জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত অভিনেত্ৰী। বলিউদৰ প্ৰায় সত্তৰখনতকৈও অধিক ছবিত তেখেতে অভিনয় কৰিছে।
-
শ্ৰীদেৱী
শ্ৰীদেৱী কাপুৰ (জন্ম: শ্ৰী আম্মা আয়েংগাৰ আয়াপ্পান; ১৩ আগষ্ট ১৯৬৩ – ২৪ ফেব্ৰুৱাৰী ২০১৮) তেওঁক বলিউডৰ প্ৰথম গৰাকী মহিলা "চুপাৰষ্টাৰ" হিচাপে অভিভীত কৰা হয়। মোহময়ী অভিনেত্ৰী গৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল। শ্ৰীদেৱীয়ে মাত্ৰ চাৰি বছৰ বয়সতে এম. এ.
-
অজয় দেৱগন
অজয় দেৱগন (Ajay Devgn; জন্ম: ২ এপ্ৰিল ১৯৬৯; জন্ম নাম: বিশাল দেৱগন) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেখেত হিন্দী চলচ্চিত্ৰৰ অন্যতম তীব্ৰ তথা প্ৰভাৱশালী অভিনেতা হিচাপে পৰিচিত, যিয়ে শতাধিক হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
প্ৰিয়ংকা চোপ্ৰা
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra; জন্ম: ১৮ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
অৰুণ শৰ্মা
অৰুণ শৰ্মা (Arun Sharma, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ বৰ্ষত সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ বৰ্ষত সংগীত নাটক অকাডেমি বঁটা লাভ কৰে।
-
অনুপম খেৰ
অনুপম খেৰ (Anupam Kher, জন্ম-৭ মাৰ্চ ১৯৫৫) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক৷ তেওঁ মূলতঃ হিন্দী চিনেমাত কাম কৰে। চাৰি দশকৰো অধিক কালজুৰি বিস্তৃত হৈ থকা কেৰিয়াৰত তেওঁ ৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে আৰু বহুতো প্ৰশংসা লাভ কৰিছে৷ তেওঁ ভাৰতীয় চিনেমাৰ এজন প্ৰবীণ শিল্পী।তেওঁ সমালোচকৰ দ্বাৰা…
-
মহাশ্বেতা দেৱী
মহাশ্বেতা দেৱী (Mahasweta Devi; জন্ম ১৪ জানুৱাৰী, ১৯২৬) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।
-
শচীন তেণ্ডুলকাৰ
শচীন ৰমেশ তেণ্ডুলকাৰ (Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে।