গায়িকা
১৯৩ প্ৰবন্ধ
-
ব্লেকপিংক
ব্লেকপিংক (কোৰিয়ান (হাংগুল লিপি): 블랙핑크|ৰোমান লিপ্যন্তৰ: Beullaekpingkeu, বা BLɅϽKPIИK হিচাপে শৈলীভুক্ত) হৈছে ৱাইজি এণ্টাৰটেইনমেণ্টৰ দ্বাৰা গঠিত দক্ষিণ কোৰিয়াৰ এটা ছোৱালী দল। এই দলটো চাৰিজনী গায়িকাৰে গঠিত: জিচু, জেনী, ৰ'জে আৰু লিচা।
-
টিকা (গায়িকা)
কাৰ্তিকা জাহজা (ইংৰাজী: Kartika Jahja; জন্ম: ১৯ ডিচেম্বৰ ১৯৮০), টিকা নামেৰে বেছি পৰিচিত, টিকা আৰু দ্য ডিছিডেণ্টছ বেণ্ডৰ এগৰাকী স্বতন্ত্ৰ গায়িকা আৰু গীতিকাৰ। তেওঁ লিংগ আৰু যৌনতাৰ বিষয়ৰ লেখিকা, অভিনেত্ৰী, উদ্যোগী, সমাজকৰ্মী। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁ " BBC 100 Women " তালিকাত স্থান লাভ কৰে।
-
অপৰ্ণা বালামুৰলী
অপৰ্ণা বালামুৰলী (ইংৰাজী: Aparna Balamurali; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য গায়িকা, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দক্ষিণ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
ছাকিৰা
ছাকিৰা ইছাবেল মেবাৰাক ৰিপ'ল (Shakira Isabel Mebarak Ripoll, জন্ম ২ ফেব্ৰুৱাৰী ১৯৭৭)এগৰাকী কলম্বিয়ান গায়িকা। বাৰাংকুইলাত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা ছাকিৰাক "লেটিন সংগীতৰ ৰাণী" বুলি কোৱা হয়।সংগীতৰ বহুমুখিতাৰ বাবে ছাকিৰা বিখ্যাত।
-
জিচু
কিম জি-চু (কোৰিয়ান হাংগুল লিপিত: 김지수; জন্ম ৩ জানুৱাৰী, ১৯৯৫), জিচু নামেৰে জনাজাত, এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেণ্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল।
-
জেনী
জেনী কিম (কোৰিয়ান: 김제니; জন্ম ১৬ জানুৱাৰী, ১৯৯৬), জেনী নামেৰে জনাজাত, এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, ৰেপাৰ, গীত ৰচয়িতা, আৰু অভিনেত্ৰী। ২০০৪ চনলৈকে দক্ষিণ কোৰিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা জেনীয়ে পিছলৈ নিউজিলেণ্ডত বাস কৰে আৰু ২০১০ চনত দক্ষিণ কোৰিয়ালৈ উভতি আহি ৱাই জি এণ্টাৰটেইনমেণ্টৰ সফলতাৰে…
-
প্ৰিয়ংকা সিং
প্ৰিয়ংকা সিং (ইংৰাজী: Priyanka Singh; জন্ম: ৯ মে' ১৯৯০) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু পৰিবেশক, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী চলচ্চিত্ৰৰ বাবে সক্ৰিয়। মহুৱা চেনেলত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব' সুৰ সংগ্ৰামছিজন - ১ ত তেওঁৰ অভিষেক ঘটে।
-
ফাবিয়া আৰেতে
ফাবিয়া আৰেতে প্ৰাচীন ৰোমৰ এগৰাকী নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। তেওঁ এগৰাকী মুক্ত দাসী আছিল ('মাৰ্কাছ'ৰ মুক্ত দাসী হিচাপে উল্লিখিত), যি সেই সময়ৰ মঞ্চ অভিনেতাসকলৰ মাজত সাধাৰণ আছিল। তেওঁক আৰ্কিমাইমা বুলি উল্লেখ কৰা হৈছে, যি ৰোমান নাট্যশালাৰ শীৰ্ষস্থানীয় অভিনেত্ৰীসকলৰ উপাধি আছিল।
-
ভগৱন্তী নৱানী
ভগৱন্তী নৱানী ( ইংৰাজী: Vagwanti Navani; ১ ফেব্ৰুৱাৰী ১৯৪০ – ২২ অক্টোবৰ ১৯৮৬) আছিল সিন্ধী ভাষাৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ পৰিচিত এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ লোকগীতৰ লগতে প্লে-বেক ছিংগাৰ আছিল। সুৰীয়া আৰু মধুৰ কণ্ঠৰ বাবে তেওঁ "সিন্ধি কোয়েল" নামেৰে জনাজাত হৈছিল।
-
মনপ্ৰীত আখতাৰ
মনপ্ৰীত আখতাৰ (১৯৬৫ – ১৮ জানুৱাৰী ২০১৬) আছিল পঞ্জাবী লোকসংগীতৰ এগৰাকী ভাৰতীয় গায়িকা, যিয়ে বলীউড ছবিত প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছিল। তেওঁ কণ্ঠশিল্পী দিলশাদ আখতাৰৰ ভগ্নী৷ কুছ কুছ হোতা হ্যায় (১৯৯৮) ছবিৰ "তুঝে য়াদ না মেৰী আয়ী" গীতটোৰ বাবে তেওঁক বেছিকৈ স্মৰণ কৰা হয়।
-
লিচা
ললিচা মনোবাল (থাই: ลลิษา มโนบาล; জন্ম পৰাণপৰীয়া মনোবাল, থাই: ปราณปรียา มโนบาล; ২৭ মাৰ্চ, ১৯৯৭), লিচা, কোৰিয়ান: 리사 নামেৰে জনাজাত) এগৰাকী থাই ৰেপাৰ, গায়িকা, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেন্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল।
-
লোপামুদ্ৰা মিত্ৰ
লোপামুদ্ৰা মিত্ৰ এগৰাকী ভাৰতীয় সংগীত শিল্পী। তেওঁ মূলতঃ এজন বিশিষ্ট ৰবীন্দ্ৰ সংগীত আৰু আধুনিক বাংলা গানৰ শিল্পী আৰু গীতিকাৰ। ২০০১ চনত তেওঁ কলকাতাৰ সুৰকাৰ তথা পৰিচালক জয় চৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ উল্লেখযোগ্য এলবাম হ’ল হৰি হে দীনবন্ধু আৰু মন ফকিৰা।
-
শীতল সাঠে
শীতল সাঠে হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লোকগায়ক, কবি, আৰু দলিত অধিকাৰ কৰ্মী, যিয়ে ২০০০ চনৰ মাজভাগত কবীৰ কলা মঞ্চৰ অন্যতম মুখ্য গায়ক হিচাপে ভিতৰতে বিশিষ্টতা লাভ কৰিছিল।
-
ৰ'জে
ৰ'জেন পাৰ্ক (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৯৭), ৰ'জে (কোৰিয়ান: 로제) নামেৰে পৰিচিত, এগৰাকী নিউজিলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ গায়িকা আৰু গীতিকাৰ। ২০১২ চনত ছিডনীত সফল অডিচনৰ পিছত তেওঁ ছউল, দক্ষিণ কোৰিয়ালৈ স্থানান্তৰ হয় আৰু ৱাইজি এণ্টাৰটেইনমেণ্টৰ সৈতে চুক্তিবদ্ধ হয়।
-
অছনাত এলকবিৰ
অছনাত এলকবিৰ (אסנת אלכביר) এগৰাকী ইজৰাইলী গায়িকা, নৃত্যশিল্পী, চিত্ৰশিল্পী আৰু নাট্য পৰিচালক। তেওঁ ভাৰতৰ বনাৰস হিন্দু বিশ্ববিদ্যালয়ত দহ বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু সংগীত অধ্যয়ন কৰিছে।
-
অজিতা শ্ৰীবাস্তৱ
অজিতা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় গায়িকা, শিক্ষাবিদ আৰু এগৰাকী সমাজকৰ্মী। শ্ৰীবাস্তৱ মিৰ্জাপুৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ লোক সংগীতৰ এক জনপ্ৰিয় ৰূপ কাজাৰী লোকগীতৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে জনাজাত। কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২২ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।
-
অদিতি আৰ্য (অভিনেত্ৰী আৰু গায়িকা)
অদিতি আৰ্য (জন্ম: ১৩ অক্টোবৰ, ১৯৯৬) এগৰাকী তেখেতে ফেমিনা মিছ ইণ্ডিয়াৰ বিউটি পেজেণ্টৰ খিতাপ দখল কৰিছিল আৰু পাঞ্জাবী ছবি আপে পেইন ছিয়াপেৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, পিছলৈ তেওঁ মুণ্ডা ৰকষ্টাৰ আৰু খাও পিয়ো আইছ কাৰোৰ দৰে ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।
-
অনিমা ৰায়
অনিমা ৰায় (Anima Roy) বাংলাদেশৰ এগৰাকী ৰবীন্দ্ৰ সঙ্গীত গায়িকা আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা।
-
অনুপমা দেশপাণ্ডে
অনুপমা দেশপাণ্ডে বলিউডৰ প্লেবেক গায়িকা। তেওঁ সোহনী মহিৱাল (১৯৮৪) ছবিত "সোহনী চিনাব দে" নামৰ লোকগীতটোৰ বাবে শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
অনুষা দণ্ডেকাৰ
অনুষা দণ্ডেকাৰ ( Anusha Dandekar; জন্ম: ৯ জানুৱাৰী ১৯৮২) এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান এমটিভি ভিজে, অভিনেত্ৰী আৰু গায়িকা, যি ভিজে হিচাপে বেছি পৰিচিত আৰু কেইবাটাও অনুষ্ঠান আয়োজন কৰা আয়োজক।
-
অনেজিৰু
অনেজিৰু (Onejiru) এগৰাকী জাজ গায়ক। কেনিয়াত জন্মগ্ৰহণ কৰা অনেজিৰুৱে কিশোৰী অৱস্থাত জাৰ্মানীলৈ গুচি যায়। তেওঁৰ প্ৰকৃত নাম পিয়েলিনা ৱানজিৰু শ্বিণ্ডলাৰ৷তেওঁৰ মঞ্চনাম অনেজিৰু আৰু অনেজিৰো শ্বিণ্ডলাৰ।
-
অমিকা শ্বাইল
অমিকা শ্বাইল (Amika Shail; জন্ম: ১২ নৱেম্বৰ) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰ, ৱেব চিৰিজ, ৱেব ফিল্ম আৰু টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ বালবীৰ ৰিটাৰ্নছত 'বায়ু পৰী'ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।
-
অমৃতা ভাৰতী
অমৃতা ভাৰতী ওড়িশাৰ এগৰাকী ভাৰতীয় প্লেবেক গায়িকা। তেওঁ চনী টিভিত প্ৰচাৰিত চনী টিভি ইণ্ডিয়ান আইডল ছিজন ৬ৰ শীৰ্ষ বাৰত স্থান লাভ কৰিছিল। অমৃতাই ২০১২ চনত ওলিউডত আৰু ২০১৯ চনত বলীউডত গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
অলকা দাশ
অলকা দাশ (Alaka Das) বাংলাদেশৰ এজন শাস্ত্ৰীয় সংগীতৰ শিল্পী। ১৯৪৬ চনত কুমিল্লাত তেওঁৰ জন্ম হৈছিল। তেওঁ ৰাজ্যিক মালিকানাধীন সংবাদ মাধ্যমত বহুতো অপ্ৰচলিত ৰাগ (শাস্ত্ৰীয় সংগীত) গোৱাৰ বাবে বিখ্যাত।
-
আই জিং
আই জিং (চীনা:艾敬; পিনয়ন: Ài Jìng; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৬৯) এগৰাকী চীনা গায়িকা, অভিনেত্ৰী আৰু চিত্ৰশিল্পী। চীনৰ নৰ্থইষ্ট নিউজে তেওঁক “চীনৰ আটাইতকৈ প্ৰতিভাৱান মহিলা লোক-ৰক গায়িকা” বুলি অভিহিত কৰিছে। আইৰ জন্ম হৈছিল শ্বেনয়াং, লিয়াওনিঙৰ এটা সংগীত পৰিয়ালত।
-
আইৰিছ বেলা
ইৰিছ জেটি ডিৰ্ক ডি বেউলে (ইংৰাজী: Yris Jetty Dirk de Beule; জন্ম: ২৩ এপ্ৰিল ১৯৯৬), যি পেচাগতভাৱে আইৰিছ বেলা নামেৰে অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান অভিনেত্ৰী, মডেল আৰু গায়িকা।
-
আচা ছেপ্ট্ৰিয়াছা
জেলিতা চেপ্ট্ৰিয়াছা (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৯), পেচাগতভাৱে আচা চেপ্ট্ৰিয়াছা নামে পৰিচিত, এগৰাকী ইণ্ডোনেছীয় অভিনেত্ৰী, গায়িকা আৰু মডেল। তেওঁ মিনাংকাবাউ জনগোষ্ঠীৰ।
-
আজম আলী
আজম আলী (ফাৰ্চী: اعظم علی) এগৰাকী ইৰানী সংগীতজ্ঞ। তেওঁ একক শিল্পী হিচাপে নিজাকৈ গীত মুকলি কৰাৰ লগতে 'ভাছ', 'ৰোজলেণ্ড' আৰু 'নিয়াজ' বেণ্ডৰ সৈতেও সংগীত সৃষ্টি কৰিছে।
-
আতাছা মুহলাচ
আতাছা এৰন বনিন মুহলাচ (ইংৰাজী: Atasha Aaron Bonnin Muhlach; জন্ম ৫ নৱেম্বৰ ২০০১) ফিলিপাইনছৰ এগৰাকী অভিনেত্ৰী, গায়িকা, টেলিভিছন আয়োজক আৰু মডেল। তেওঁ ফিলিপাইনছৰ জনপ্ৰিয় অভিনেতা আগা মুহলাচ আৰু প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী, মডেল আৰু টেলিভিছন আয়োজিকা চাৰ্লিন গনজালেছৰ কন্যা।
-
আনমোল গগন মান
আনমোল গগন মান পঞ্জাৱ চৰকাৰৰ এজন ভাৰতীয় ৰাজনীতিবিদ, মন্ত্ৰী আৰু পাঞ্জাৱী গায়িকা। তেওঁ পঞ্জাৱ বিধান সভাৰ খাৰাৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়িকা। তেওঁ আম আদমী পাৰ্টিৰ এগৰাকী সদস্যা।তেওঁ ২০২২ চনৰ পঞ্জাৱ বিধান সভা নিৰ্বাচনত বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল।