ৰংগনায়কি অম্মাল (২৮ মে' ১৯১০ – ১৫ আগষ্ট ১৯৯৮) এগৰাকী ভাৰতীয় মৃদংগ বাদক আছিল।১ এইক্ষেত্ৰত তেওঁ লিংগভিত্তিক বাধা অতিক্ৰম কৰা প্ৰথম ভাৰতীয় মহিলা আছিল।২
পৰিয়াল
ৰংগনায়কি অম্মালৰ পিতৃ থিৰুকোকাৰ্নাম শিৱৰামন এজন প্ৰসিদ্ধ ইছাই ৱেল্লালাৰ বানাটুৱানাৰ (শাস্ত্ৰীয় সংগীত লগত জড়িত ব্যক্তি) আছিল। তেওঁ অৱধান পল্লৱিৰ জটিল কলাৰ বাবে খ্যাতি লাভ কৰিছিল, য'ত হাত, ভৰি আৰু মূৰ ব্যৱহাৰ কৰি একাধিক তাল বজাব পাৰিছিল। ৰংগনায়কি অম্মাল সাত ভাই-ভনীৰ মাজত দ্বিতীয় আছিল।২ তেওঁৰ ভাতৃ উলগনাথন পিল্লাই এজন বাইলিনবাদক আছিল।১
প্ৰশিক্ষণ
ৰংগনায়কীয়ে মৃদংগৰ কলা আয়ত্ত কৰিবলৈ প্ৰসিদ্ধ পুদুকোট্টাই দক্ষিণামূৰ্তি পিল্লাইৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। একেলগে, তেওঁ ভাৰতনাট্যমৰো প্ৰশিক্ষণ লৈছিল।৩
সফলতা
২০শ শতিকাৰ আৰম্ভণিত, তেওঁ কৰ্ণাটক সংগীতৰ পাৰ্কুছন ক্ষেত্ৰত মহিলা হিচাপে পথিকৃৎ হয়। ১৯২৭ চনৰ মাদ্ৰাজত অনুষ্ঠিত অল ইণ্ডিয়া সংগীত সম্মিলনত ১৭ বছৰীয়া থিৰুকোকাৰ্নাম ৰংগনায়কি অম্মাল ২৩জন মৃদংগ শিল্পীৰ মাজত একমাত্ৰ মহিলা শিল্পী আছিল।২ ৰংগনায়কি অম্মাল এজন প্ৰসিদ্ধ মৃদংগ বাদক আছিল।১ সংগীত ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি হিচাপে, তেওঁ কালৈমামানি বঁটা লাভ কৰিছিল, যি তামিলনাডুৰ উচ্চতম নাগৰিক সন্মান। ১৯৯৮ চনৰ ১৫ আগষ্টত তেওঁ দেহাৱসান প্ৰাপ্ত কৰে।৪
তথ্যসূত্ৰ
- ↑ Little Big World. University of Iowa Press. পৃ. 61–74
- ↑ (2022-06-09). Ranganayaki Ammal: One of the first women to enter the male-dominated world of percussion. The Hindu
- ↑ (2022-06-10). Ranganayaki Ammal: One of the first women to enter the male-dominated world of percussion - Bharat Times
- ↑ Times top10. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংগনায়কি অম্মাল” প্ৰবন্ধৰ সংশোধন ৪৯৭৮১০ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।