যুক্তৰাজ্যৰ ব্যক্তি
১২৩ প্ৰবন্ধ
-
ৱিলিয়াম শ্বেইক্সপিয়াৰ
ৱিলিয়াম শ্বেইক্সপিয়াৰ (William Shakespeare,; (২৬ এপ্ৰিল ১৫৬৪ – ২৩ এপ্ৰিল ১৬১৬) আছিল এজন ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়।
-
এনী বেছাণ্ট
কেৱল মানৱ সমাজৰ উন্নতিৰ বাবেই নিজৰ জীৱন উৎৰ্সগ কৰা মহান ব্যক্তিসকলৰ ভিতৰত মহিয়সী মহিলা এনী বেছাণ্ট এগৰাকী উল্লেখনীয় ব্যক্তি। যি সময়ত ইংৰাজ জাতিয়ে আধুনিকতাৰ শীৰ্ষস্থান আৰোহণ কৰিছিল, মানুহে কল্পনা কৰা সকলো সুখ স্বাচ্ছন্দ্যৰে জীৱন পূৰ্ণমাত্ৰাত উপভোগ কৰিছিল সেই সময়ত এইগৰাকী ব্ৰিটিছ মহিলাই সুদূৰ…
-
আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( Polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে।
-
চাৰ্লছ ডাৰউইন
চাৰ্ল্ছ ৰবাৰ্ট ডাৰৱিন (Charles Darwin; ১২ ফেব্ৰুয়াৰী ১৮০৯ – ১৯ এপ্ৰিল ১৮৮২) আছিল এগৰাকী ইংৰাজ প্ৰকৃতিবিদ আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা আঁতৰাবলৈ সক্ষম হৈছিল।
-
জে. কে. ৰাউলিং
জে. কে. ৰাউলিং (J. K. Rowling) এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত। তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং (Joanne Rowling)। তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়।
-
আলিয়া ভাট
আলিয়া ভাট (Alia Bhatt; জন্ম: ১৫ মাৰ্চ ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। তেখেত ভাৰতৰ লগতে ব্ৰিটেইনৰ নাগৰিকত্বৰ অধিকাৰী। আলিয়াৰ সৰহভাগ কৰ্ম হিন্দী ছবি জগতত আবদ্ধ।
-
চলমান ৰুশ্বদি
আহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে।
-
চাৰ্লি চেপলিন
ছাৰ চাৰ্লছ স্পেনচাৰ `চাৰ্লি চেপলিন (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে।
-
বাৰ্ট্ৰেণ্ড ৰাছেল
বাৰ্ট্ৰেণ্ড ৰাছেল (Bertrand Russell) সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল, অ’ এম, এফ আৰ এছ (১৮ মে' ১৮৭২ – ২ ফেব্ৰুৱাৰী ১৯৭০) একাধাৰে এজন ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মানৱ মুক্তি আৰু মানৱাধিকাৰৰ প্ৰবক্তা আছিল।
-
এলান ট্যুৰিং
এলান মেথিছন ট্যুৰিং (Alan Turing; সম্পূৰ্ণ নাম: Alan Mathison Turing; ২৩ জুন ১৯১২ – ৭ জুন ১৯৫৪) এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী (logician), সংকেতবিশ্লেষক (cryptoanalyst) আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙণি বিশেষভাৱে উল্লেখনীয়।
-
কেটৰিনা কাঈফ
কেটৰিনা কাঈফ (Katrina Kaif; জন্ম: কেটৰিনা টাৰকুইটি; ১৬ জুলাই ১৯৮৩) হৈছে এগৰাকী ইংৰাজ অভিনেত্ৰী। কেটৰিনাই মূলতঃ হিন্দী ভাষাৰ ছবিত অভিনয় কৰি আহিছে। বলিউদৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীলৈ নিজকে ৰূপান্তৰিত কৰা কেটৰিনা হিন্দী ছবি জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ তালিকাতো অন্তৰ্ভুক্ত।
-
ভাৰ্জিনিয়া উল্ফ
এডেলাইন ভাৰ্জিনিয়া উল্ফ (Adeline Virginia Woolf) আছিল বিংশ শতাব্দীৰ এগৰাকী ইংৰাজী সাহিত্যিক। তেওঁক আধুনিকতাবাদী তথা চেতনা-স্ৰোত ধাৰাৰ অন্যতম বাটকটীয়া হিচাপে গণ্য কৰা হয়।
-
মাইকেল ফেৰাডে
মাইকেল ফেৰাডে (Michael Faraday) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
-
ফ্লোৰেন্স নাইটিংগেল
ফ্লোৰেন্স নাইটিংগেল (Florence Nightingale; ১২ মে', ১৮২০ – ১৩ আগষ্ট, ১৯১০) এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰীবিদ্যাৰ বাট-কটকীয়া। তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়।
-
ষ্টিফেন হকিং
ষ্টিৱেন ৱিলিয়াম হকিং (Stephen William Hawking; ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল।
-
ৰিচাৰ্ড ড'কিনছ্
ৰিচাৰ্ড ড'কিনছ্ (Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্) (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য।
-
এডমাণ্ড হেলি
এডমাণ্ড হেলি (বা এডমণ্ড হেলি; Edmond Halley বা Edmund Halley; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত।
-
এডাম স্মিথ
আডাম স্মিথ (Adam Smith; ১৭২৩ – ১৭ জুলাই ১৭৯০) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।
-
এডৱাৰ্ড জেনাৰ
এডৱাৰ্ড এন্থনী জেনাৰ (Edward Anthony Jenner; ১৭ মে' ১৭৪৯ – ২৬ জানুৱাৰী ১৮২৩) বাৰ্কলে, গ্ল'চেষ্টাশ্বায়াৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল। বৰআই ছিটাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।
-
পল ডিৰাক
পল এদ্ৰিয়েন মৰিছ ডিৰাক (Paul Adrien Maurice Dirac; ৮ আগষ্ট ১৯০২ – ২০ অক্টোবৰ ১৯৮৪) আছিল এগৰাকী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁক কুৰি শতিকাৰ সবাতোকৈ প্ৰখ্যাত পদাৰ্থবিজ্ঞানীসকলৰ এজন বুলি আখ্যা দিয়া হয়।
-
হেনৰী ষ্টাডমেন কটন
ছাৰ হেনৰী জন ষ্টাডমেন কটন, (১৩ ছেপ্টেম্বৰ ১৮৪৫ – ২২ অক্টোবৰ ১৯১৫) এগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ব্ৰিটিছ সাংসদ আৰু লেখক। তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। ইংলেণ্ডলৈ উভতি যোৱাৰ পিছত তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে।
-
ৰ'জাৰ পেনৰ'জ
ছাৰ ৰ'জাৰ পেনৰ'জ (Sir Roger Penrose; জন্ম: ৮ আগষ্ট ১৯৩১) হৈছে এগৰাকী ইংৰাজ গাণিতিক পদাৰ্থবিদ, গণিতজ্ঞ, বিজ্ঞানৰ দাৰ্শনিক আৰু পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা বিজয়ী। তেখেত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৰাউছ বল প্ৰফেছৰ অৱ মেথেমেটিক্সৰ এমিৰেটাছ।
-
আগাথা ক্ৰিষ্টি
ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ, লেডি মেলোৱেন (Dame Agatha Mary Clarissa Christie, Lady Mallowan; ১৫ ছেপ্টেম্বৰ ১৮৯০-১২ জানুৱাৰী ১৯৭৬) এগৰাকী বিশ্ববন্দীত ইংৰাজী লেখিকা।
-
চাৰ্লছ ডিকেন্স
চাৰ্লচ ডিকেন্স (Charles Dickens, সম্পূৰ্ণ নাম Charles John Huffam Dickens); ৭ ফেব্ৰুৱাৰী, ১৮১২ – ৯ জুন, ১৮৭০) এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে।
-
জৰ্জ বাৰ্ণাৰ্ড শ্ব
জৰ্জ বাৰ্ণাৰ্ড শ্ব (George Bernard Shaw) আছিল এগৰাকী ব্ৰিটিছ-আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী। ইংৰাজী নাট্য সাহিত্যত উইলিয়াম শ্বেইকছপীয়েৰৰ পাছতে যিজন নাট্যকাৰৰ স্থান তেওঁ হ’ল জৰ্জ বাণাৰ্ড শ্ব। এক নতুন দৃষ্টিভঙ্গীৰে ভালেমান নাটক লিখি তেওঁ ইংৰাজী নাট্য সাহিত্যক চহকী কৰি থৈ গৈছে।
-
টিম বাৰ্নাৰ্ছ লী
ছাৰ টিমথী জন "টিম" বাৰ্ণাৰ্ছ-লী (Sir Timothy John "Tim" Berners-Lee), (জন্ম ৮ জুন ১৯৫৫), বা "TimBL", এজন ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।
-
নৰ্মান প্ৰিচাৰ্ড
নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড (Norman Gilbert Pritchard; ২৩ জুন ১৮৭৫ – ৩০ অক্টোবৰ ১৯২৯), যাক তেওঁৰ মঞ্চ নাম নৰ্মান ট্ৰেভাৰ বুলিও জনা যায়, এজন ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা আছিল যি ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯০০ চনৰ পেৰিছ অলিম্পিকত এথলেটিকছত দুটা ৰূপৰ পদক অৰ্জন কৰিছিল।
-
আলফ্ৰেড হিচকক
চাৰ আলফ্ৰেড জোচেফ হিচকক (Alfred Hitchcock; জন্ম: ১৩ আগষ্ট, ১৮৯৯ - মৃত্যু: ২৯ এপ্ৰিল, ১৯৮০) এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল।
-
আলেকজেণ্ডাৰ গ্ৰাহাম বেল
আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল।
-
ঋষি চুনাক
ঋষি চুনাক (Rishi Sunak; জন্মঃ ১২ মে' ১৯৮০) এগৰাকী ব্ৰিটিছ ৰাজনীতিবিদ। তেওঁ ২৫ অক্টোবৰ ২০২২ৰ পৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু ২৪ অক্টোবৰ ২০২০২২ৰ পিছত সংৰক্ষণবাদী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।