ভাৰতৰ মহিলা সাংসদ
১৭৪ প্ৰবন্ধ
-
মিমি চক্ৰৱৰ্তী
মিমি চক্ৰৱৰ্তী ( Mimi Chakraborty; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু ৰাজনীতিবিদ। বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে তেওঁ পৰিচিত। তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা, য'ত তেওঁ মূল নাৰী চৰিত্ৰ- ডোলাৰ ভূমিকাত অভিনয় কৰিছিল।
-
ৰচনা বেনাৰ্জী
ৰচনা বেনাৰ্জী (Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে। ১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল।
-
মুন মুন সেন
মুন মুন সেন, মুনমুন সেন ( Moon Moon Sen, জন্ম: শ্ৰীমতী সেন; ২৮ মাৰ্চ ১৯৫৪), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী, বাংলা, মালায়ালম, কানাড়া, তেলেগু, তামিল, আৰু মাৰাঠী ছবিত কৰা অভিনয়-কৰ্মৰ বাবে পৰিচিত। তেওঁ ৬০খন ছবি আৰু ৪০খন টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে।
-
মেহবুবা মুফটি
মেহবুবা মুফটি ছয়েদ (Mehbooba Mufti Sayed; জন্ম: ২২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ নেত্ৰী৷ তেওঁ ২০১৬ চনৰ ৪ এপ্ৰিলৰ পৰা ১৯ জুন ২০১৮ লৈকে পূৰ্বৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ নৱম আৰু শেষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ জম্মু-কাশ্মীৰৰ…
-
প্ৰজ্ঞা সিং ঠাকুৰ
প্ৰজ্ঞা সিং ঠাকুৰ (Pragya Singh Thakur, জন্ম ২ ফেব্ৰুৱাৰী ১৯৭০; সাধ্বী প্ৰজ্ঞা নামেৰে অধিক পৰিচিত), এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভুপালক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত।
-
বিজয়া ৰাজে সিন্ধিয়া
বিজয়া ৰাজে সিন্ধিয়া (Vijaya Raje Scindia, জন্মতে লেখা দিব্যেশ্বৰী দেৱী; ১২ অক্টোবৰ ১৯১৯ – ২৫ জানুৱাৰী ২০০১), জনপ্ৰিয়ভাৱে ৰাজমাতা সিন্ধিয়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্ৰিটিছ ৰাজৰ গোৱালিয়ৰৰ শেষ শাসক মহাৰাজা জীৱজীৰাও সিন্ধিয়াৰ পত্নী আছিল।
-
উমা নেহৰু
উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
-
কৃতি দেৱী দেৱবৰ্মন
কৃতি দেৱী দেববৰ্মন (Kriti Devi Debbarman) ত্ৰিপুৰাৰ ৰাজকীয় পৰিয়ালৰ সদস্য তথা ত্ৰিপুৰাৰ ভাৰতীয় ৰাজনীতিবিদ। ত্ৰিপুৰা পূৱ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ টিপ্ৰা মোথা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ যৌথ প্ৰাৰ্থী আছিল।
-
জোৎস্না মাহন্ত
জ্যোৎস্না চৰণদাস মাহন্ত (Jyotsna Charandas Mahant, জন্ম-১৮ নৱেম্বৰ ১৯৫৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ সাংসদ৷ তেওঁ কোৰবা, চত্তিছগড়ৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
দিয়া কুমাৰী
দিয়া কুমাৰী (Diya Kumari, জন্ম-৩০ জানুৱাৰী ১৯৭১) ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৰ্তমান ভজন লাল শৰ্মাৰ মন্ত্ৰালয়ত প্ৰেম চন্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
দিল কুমাৰী ভাণ্ডাৰী
দিল কুমাৰী ভাণ্ডাৰী (Dil Kumari Bhandari; জন্ম: ১৪ মে' ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ছিকিমৰ পৰা লোকসভাৰ প্ৰথমগৰাকী মহিলা সদস্য। ২০১২ চনলৈকে তেওঁ ভাৰতীয় গোৰ্খাৰ সংগঠন ভাৰতীয় গোৰ্খা পৰিষদৰ সভানেত্ৰী আছিল। তেওঁ নেপালী ভাষী লোকৰ বাবে অহৰহ কাম কৰি আহিছে।
-
নন্দিনী শতপথী
নন্দিনী শতপথী (Nondini Satpathy; ৯ জুন ১৯৩১ – ৪ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু লেখিকা। ১৯৭২ চনৰ জুন মাহৰ পৰা ১৯৭৬ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ওড়িশাৰ মুখ্যমন্ত্ৰী আছিল।
-
নৱনীত কৌৰ ৰাণা
নৱনীত কৌৰ ৰাণা (Navneet Kaur Rana, নৱনীত ৰবি ৰানা নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ তেলেগু চিনেমাত কৰা কামৰ বাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অমৰাৱতীৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
বেগম আবিদা আহমেদ
বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম…
-
শৈলবালা দাস
শৈলবালা দাস (Sailabala Das, ২৫ মাৰ্চ ১৮৭৫ – ২৯ এপ্ৰিল ১৯৬৮) এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। ওড়িশাৰ পৰা ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা তেওঁ প্ৰথমগৰাকী মহিলা।
-
ৰাণী নৰহ
ৰাণী নৰহ (Ranee Narah, জন্ম-জাহানাৰা চৌধুৰী; ৩১ অক্টোবৰ ১৯৬৫) অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৰাজ্যসভাত অসমক সংসদ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ, আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ তেওঁ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰাময়া (অভিনেত্ৰী)
দিব্য স্পন্দনা (Divya Spandana; জন্ম: ২৯ নৱেম্বৰ ১৯৮২), পেছাগতভাৱে ৰাময়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা লোকসভাত সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মূলতঃ কানাড়া ছবিত কাম কৰে, আৰু তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।
-
অনসুয়াবাই কালে
অনসুয়াবাই কালে (Anasuyabai Kale) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নাগপুৰৰ পৰা তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত পুনৰ দ্বিতীয় লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।
-
অনিতা আৰ্য
অনিতা আৰ্য (Anita Arya) ভাৰতীয় লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতীয় জনতা দলৰ এগৰাকী নেত্ৰী। ত্ৰয়োদশ লোকসভাত দিল্লীৰ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত তেওঁ দিল্লীৰ মেয়ৰ আছিল।
-
অনুপ্ৰিয়া পেটেল
অনুপ্ৰিয়া সিং পেটেল (Anupriya Patel, জন্ম ২৮ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী। তেওঁ ২০১৬ চনৰ পৰা আপনা দল (সোনেলাল) দলৰ সভানেত্ৰী আৰু ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ৪ জুনলৈকে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী।
-
অনুসুয়া বাই বৰকাৰ
অনসূয়া বাই বৰকাৰ (Ansuyabai Borkar) আছিল এগৰাকী সমাজ কৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু প্ৰথম লোকসভাৰ (১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ) সদস্য।
-
অনুসূয়া উইকে
অনুসূয়া উইকে (Anusuiya Uikey, জন্ম-১০ এপ্ৰিল ১৯৫৭) এগৰাকী ৰাজনীতিবিদ যি পূৰ্বতে মণিপুৰৰ ৰাজ্যপাল (২০২৩-২০২৪ চনত) হিচাপে কৰ্মনিৰ্বাহ কৰিছিল৷ তেওঁ ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অন্নপূৰ্ণা দেৱী (ৰাজনীতিবিদ)
অন্নপূৰ্ণা দেৱী যাদৱ (Annapurna Devi Yadav, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা ভাৰতৰ মহিলা আৰু শিশু উন্নয়নৰ পঞ্চম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
অম্মু স্বামীনাথন
অম্মু স্বামীনাথন বা এ ভি আম্মাকুটি(Ammu Swaminathan or A. V. Ammakuti, ২২ এপ্ৰিল ১৮৯৪ – ৪ জুলাই ১৯৭৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী৷ তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল।
-
অশ্বমেধ দেৱী
অশ্বমেধ দেৱী (Ashwamedh Devi, জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৬৭) এগৰাকী ৰাজনীতিবিদ আৰু সংসদ সদস্য ৷ ভাৰতৰ বিহাৰ ৰাজ্যৰ উজিয়াৰপুৰ সমষ্টিৰ পৰা জনতা দল (ইউনাইটেড)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰাও বিহাৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আৰ বানোৰজা
আৰ বানাৰোজা (R. Vanaroja জন্ম-১৯৬৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সংসদ সদস্য। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ তিৰুৱন্নমলাই সমষ্টিৰ পৰা আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়।
-
ইন্দিৰা অনন্ত মায়দেও
ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।
-
ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা
ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ৰাজনীতিবিদ,তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ বাংগালুৰুৰ প্ৰাক্তন মেয়ৰ। তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষও।
-
উষা চৌধুৰী
উষা প্ৰকাশ চৌধুৰী (Usha Prakash Choudhari; জন্ম: ১৯৪২) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷তেওঁ দুবাৰকৈ আমৰাৱতীৰ সাংসদ হৈছিল। তেওঁ লিখা প্ৰায় শতাধিক কবিতা প্ৰকাশ পাইছে।
-
এ কে প্ৰেমজম
এ কে প্ৰেমজম (জন্ম ১২ আগষ্ট ১৯৩৮) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু সমাজকৰ্মী।