জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শ্বীমা কেৰমানী
শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।
-
শৰ্মিষ্ঠা মুখাৰ্জী
শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷
-
সতীশ কুমাৰ
সতীশ কুমাৰ যাদৱ (জন্ম ৪ মে ১৯৮৯) বুলন্দ চহৰৰ এজন ভাৰতীয় বক্সাৰ। তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জিকিছিল। আৰু ললগতে তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰ।
-
সত্যব্ৰত শাস্ত্ৰী
সত্যব্ৰত শাস্ত্ৰী ( Satya Vrat Shastri; জন্ম: ২৯ ছেপ্টেম্বৰ, ১৯৩০) হ'ল ভাৰতৰ এজন সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি। তেওঁ সংস্কৃত ভাষাত তিনিখন মহাকাব্য, তিনিখন খণ্ডকাব্য, এখন প্ৰৱন্ধকাব্য, এখন পত্ৰকাব্য আৰু পাঁচখন আলোচনাত্মক কিতাপ লিখিছে।
-
সানু শৰ্মা
সানু শৰ্মা (নেপালী: सानु शर्मा) এগৰাকী নেপালী উপন্যাসিক, গল্পৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ সাহিত্যিক সৃষ্টি সমূহৰ ভিতৰত উপন্যাস, গল্প আৰু কবিতা আছে, যাৰ বহুতো অডিঅ’বুক হিচাপে প্ৰকাশ পাইছে।
-
সুদীপ্তা চক্ৰৱৰ্তী
সুদীপ্তা চক্ৰৱৰ্তী ( Sudiptaa Chakraborty ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে বেছিভাগ বাংলা চলচ্চিত্ৰত কাম কৰে। বাড়ীৱালী ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সুধা চন্দ্ৰন
সুধা চন্দ্ৰন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত। ১৯৮১ চনত তেওঁ মুম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰুপে জনা গৈছিল।
-
সুনীল কোঠাৰী
সুনীল কোঠাৰী (Sunil Kothari, ২০ ডিচেম্বৰ ১৯৩৩ – ২৭ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক। তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল।
-
সুমন পোখৰেল
সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে।
-
স্বপ্নালী গগৈ
স্বপ্নালী গগৈ তেখেত নৰ্থ লখিমপুৰ কলেজৰ ভূগোল বিভাগৰ অধ্যাপক। সাহিত্যিক আৰু সমালোচক। ভূগোল বিষয়ক গৱেষণা কাৰ্যৰ লগত জড়িত।
-
স্বাতীলেখা সেনগুপ্ত
স্বাতীলেখা সেনগুপ্ত ( Swatilekha Sengupta; জন্ম: চেটাৰ্জী; ২২ মে' ১৯৫০ – ১৬ জুন ২০২১) এগৰাকী বাংলা অভিনেত্ৰী। অভিনেত্ৰী হিচাপে ভাৰতীয় নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। বৃক্কৰ ৰোগত সৃষ্টি হোৱা জটিলতাৰ ফলত ২০২১ চনৰ ১৬ জুনত সেনগুপ্তৰ মৃত্যু হয়।
-
স্বামী ৰামতীৰ্থ
স্বামী ৰামতীৰ্থ (Swami Rama Tirtha) আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।তেখেতক ৰাম সোমী বুলিও জনা যায়।
-
হেমন্ত কুমাৰ শৰ্মা
হেমন্ত কুমাৰ শৰ্মা ( hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|
-
হেমেন হাজৰিকা
হোমেন হাজৰিকা (humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ |
-
হেৰমান হেস
হেৰমান কাৰ্ম হেস্ (Hermann Karl Hesse) (২ জুলাই ১৮৭৭-৯ আগষ্ট ১৯৬২) আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে। ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল।
-
হেৰিয়েট বাউমেন ল’ কট্টাৰ
হেৰিয়েট বি ল’ কট্টাৰ (৪ জানুৱাৰী, ১৮১১- ২০ জানুৱাৰী, ১৮৮৪) প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অ'লিভাৰ টি. কট্টাৰৰ পত্নী। তেওঁৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্ছ প্ৰদেশৰ মিল্টনত। তেওঁ স্বামীৰ সৈতে ১৮৩১ চনত অসমলৈ আহে আৰু শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে।
-
ৰণগৌৰা নাৰ্জাৰী
ৰণগৌৰা নাৰ্জাৰী (Rwngwra Narzary) বিজেপি মিত্ৰজোঁটৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ।২০২০ চনৰ পৰা তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(ইউপিপিএল)ৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। লগতে তেওঁ কাজলগাওঁ পৌৰসভাৰ পৌৰপতিৰ পদটো আছে।
-
ৰমাকান্ত চৌধুৰী
ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়। ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী।
-
ৰাণা ক্ষেত্ৰ সিংহ
ৰাণা ক্ষেত্ৰ সিংহ (ৰাজত্ব ১৩৬৪–১৩৮২), মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। তেওঁ পিতৃ আৰু পূৰ্বপুৰুষ ৰাণা হাম্মিৰ সিঙৰ জ্যেষ্ঠ পুত্ৰ ছিছোদিয়াৰ পূৰ্বপুৰুষ আছিল। তেওঁৰ ৰাজত্ব কালত তেওঁ আজমেৰ আৰু মণ্ডলগড়ৰ ভূখণ্ড দখল কৰে।
-
ৰামকুইৱাংবে জেমে নিউমে
ৰামকুইৱাংৱে জেমে নিউমে(লিপ্যন্তৰত: ৰামকুইৱাংবে জেনি; জন্ম: ২১ আগষ্ট, ১৯৫৫) অসমৰ ডিমা হাছাও জিলাৰ এগৰাকী অৱসৰ প্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিশেষকৈ জনা যায়।
-
ৰিহন দৈমাৰী
ৰিহন দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু অসম ৰাজ্যৰ প্ৰাক্তন সাংসদ। তেওঁৰ জন্ম ১ জানুৱাৰী, ১৯৬০ চনত অসমৰ ওদালগুৰি জিলাত হৈছিল। দৈমাৰীয়ে ২০২১ চনলৈকে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰপৰা অসম বিধানসভা ৰ সদস্য আছিল। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰত মন্ত্ৰী হৈছিল।
-
ৰুটজাৰ ব্ৰেগমেন
ৰুটজাৰ চি. ব্ৰেগমেন (Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷…
-
ৰূপ কুমাৰ ৰাথোৰ
ৰূপ কুমাৰ ৰাথোৰ (Roop Kumar Rathod) এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী৷ তেওঁ হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, বঙালী, উড়িয়া, অসমীয়া, নেপালী, ভোজপুৰী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে৷
-
ৰূপজ্যোতি কুৰ্মী
ৰূপজ্যোতি কুৰ্মী (জন্ম 24 জুলাই 1977) হৈছে ভাৰতীয় জনতা পাৰ্টি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেও প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০২১ চনৰ মে' মাহত তেওঁ মৰিয়নীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা
পদ্মশ্ৰী হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকলৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ'ল।
-
অঙ্কুশিতা বড়ো
অঙ্কুশিতা বড়ো (Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
-
অঞ্জলি কিস্কু
অঞ্জলি কিস্কু চাঁওতালি ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী ভাৰতীয় সাহিত্যিক। ২০২০ চনত তেওঁৰ কবিতা পুথি আঞ্জলেৰ বাবে সাহিত্য অকাডেমিৰ যুৱপুৰস্কাৰ বঁটা লাভ কৰিছিল।
-
অতুল বৰা (জ্যেষ্ঠ)
অতুল বৰা (Atul Bora) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিক। ১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল। তেওঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰত মন্ত্ৰী আছিল। ২০১৩ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
-
অনন্ত আচাৰ্য
অনন্ত আচাৰ্য অনন্ত আচাৰ্য আছিল ১৮ শতিকাৰ কবি ৷ ‘আনন্দ লহৰী’ গ্ৰন্থখন তেওঁ ৰচনা কৰা৷ বৰৰজা ফুলেশ্বৰী আৰু শিৱসিংহৰ নিৰ্দেশত আৰু শংকৰাচাৰ্যৰ ‘সৌন্দৰ্য লহৰী’ স্তোত্ৰৰ আদৰ্শত পুথিখন ৰচনা কৰিছিল৷ তেওঁ শক্তি পূজক আছিল৷
-
অনন্যা খাৰে
অনন্যা খাৰে ( Ananya Khare ) এগৰাকী ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। দেৱদাস আৰু চান্দনী বাৰৰ দৰে বলীউডৰ ছবিত অভিনয় কৰি তেওঁ অধিক পৰিচিত। চান্দনী বাৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।