অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেৰিয়েট বাউমেন ল’ কট্টাৰ

হেৰিয়েট বি ল’ কট্টাৰ (৪ জানুৱাৰী, ১৮১১- ২০ জানুৱাৰী, ১৮৮৪) প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অ'লিভাৰ টি. কট্টাৰৰ পত্নী। তেওঁৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্‌ছ প্ৰদেশৰ মিল্টনত। তেওঁ স্বামীৰ সৈতে ১৮৩১ চনত অসমলৈ আহে আৰু শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হেৰিয়েট বি ল’ কট্টাৰ (৪ জানুৱাৰী, ১৮১১- ২০ জানুৱাৰী, ১৮৮৪)১ প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অলিভাৰ থমাছ কট্টাৰৰ পত্নী। তেওঁৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুছেট্‌ছ প্ৰদেশৰ মিল্টনত। তেওঁ স্বামীৰ সৈতে ১৮৩১ চনত অসমলৈ আহে আৰু শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে। ইলাইজা হুইট্‌নি ব্ৰাউনৰ লগ লাগি কেবাখনো অসমীয়া মাধ্যমৰ পঢ়াশালি স্থাপন কৰে। অকল শিৱসাগৰত ১৪খন অসমীয়া মাধ্যমৰ পঢ়াশালি খোলা হৈছিল। তেওঁ ৰচনা কৰা "Vocabulary and Phrases in English and Asamese" শীৰ্ষক গ্ৰন্থ ১৮৪০ চনত জয়পুৰ মিছন প্ৰেছৰপৰা প্ৰকাশিত হয়। এইটোৱেই বোধহয় অসমীয়া খণ্ডবাক্যৰ প্ৰথমটো সংগ্ৰহ। এড্‌ৱাৰ্ড ডব্লিউ ক্লাৰ্কৰ দ্বাৰা সম্পাদিত হৈ ১৮৭৭ চনত দ্বিতীয় সংস্কৰণ প্ৰকাশ পায়।২ ১৮৫২ চনত স্বামীৰ সৈতে ইংলেণ্ডলৈ যায় আৰু মৃত্যু পৰ্যন্ত তাতে বসবাস কৰে।১

তথ্যসূত্ৰ

  1. ↑ (1884). The Baptist Missionary Magazine. 1884-04: Vol 64 Iss 4. Open Court Publishing Co. পৃ. 86-87
  2. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান বেপ্তিষ্ট মিছনেৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰিয়েট বাউমেন ল’ কট্টাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৯৩৩৮ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।