অঞ্জলি কিস্কু চাঁওতালি ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী ভাৰতীয় সাহিত্যিক। ২০২০ চনত তেওঁৰ কবিতা পুথি আঞ্জলেৰ বাবে সাহিত্য অকাডেমিৰ যুৱপুৰস্কাৰ বঁটা লাভ কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৯২ চনৰ ১৪ জুলাইত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেখেতে বাংকুৰাৰ এম পি পাঞ্চল গাৰ্লছ হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পশ্চিম বংগৰ নেতাজী মহাবিদ্যালয় আৰামবাগ হুগলীৰ পৰা চাঁওতালিত স্নাতক ডিগ্ৰী আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা চাঁওতালিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ২০১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগে (ভাৰত) অনুষ্ঠিত নেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল।৩
কৰ্মজীৱন
বৰ্তমান তেওঁ পশ্চিমবংগৰ বাংকুৰাৰ ভৰাস্থিত স্বামী ডিডিকে মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মৰত।৩
কৰ্মসমূহ
আঞ্জলে ২০১৮ (কবিতা পুথি), মিড বিটা (২০২০ চনত প্ৰকাশিত কবিতা পুথি), ইপিল (গল্প সংকলন)কে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেখেতৰ ৰচনাসমূহ চিলি, সৰ, উমুল, ভবানা আদি বিভিন্ন সাহিত্য আলোচনীতো প্ৰকাশ পাইছে। বৰ্তমান তেওঁ নিখিল ভাৰতীয় চাঁওতালি লেখক সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য।৩
তথ্যসূত্ৰ
- ↑ PTI. Sahitya Akademi announces Bal Sahitya Puraskar, Yuva Puraskar 2020. Deccan Herald
- ↑ .:: SAHITYA Akademi - Yuva Puraskar::.. sahitya-akademi.gov.in
- ↑ Sahitya Akademy Award: संताली लेखक रूपचांद हांसदा, जयराम टुडू एवं अंजलि किस्कू को साहित्य अकादमी पुरस्कार. Dainik Jagran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জলি কিস্কু” প্ৰবন্ধৰ সংশোধন ৫২২৪৪৭ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।