স্বাতীলেখা সেনগুপ্ত ( Swatilekha Sengupta; জন্ম: চেটাৰ্জী; ২২ মে' ১৯৫০ – ১৬ জুন ২০২১) এগৰাকী বাংলা অভিনেত্ৰী।১ অভিনেত্ৰী হিচাপে ভাৰতীয় নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
বৃক্কৰ ৰোগত সৃষ্টি হোৱা জটিলতাৰ ফলত ২০২১ চনৰ ১৬ জুনত সেনগুপ্তৰ মৃত্যু হয়।২ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।
কৰ্মজীৱন
১৯৭০ দশকৰ আৰম্ভণিতে প্ৰয়াগৰাজত থিয়েটাৰত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে, য’ত তেওঁ এ. চি. বেনাৰ্জী পৰিচালিত নাটকত অভিনয় কৰিছিল। তেওঁ বি.ভি.কাৰান্থ, তাপস সেন, আৰু খালেদ চৌধুৰীৰ পৰাও তেওঁ দিহা-পৰামৰ্শ লাভ কৰিছিল। তাৰ পিছত তেওঁ কলকাতালৈ গুচি যায় আৰু ১৯৭৮ চনত নাট্যগোষ্ঠী নান্দীকাৰত যোগদান কৰে।৩৪
তেওঁ ভিক্টৰ বেনাৰ্জী আৰু সৌমিত্ৰ চেটাৰ্জীৰ সৈতে সত্যজিৎ ৰায়ৰ ১৯৮৪ চনৰ ছবি “ঘৰে বাইৰে”ত মুখ্য মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন বিখ্যাত বাঙালী সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াৰ উপৰিও তেওঁ চৌৰাংগা, বেলা শেষে, ধৰ্মযুদ্ধ আৰু বেলা শুৰু আদি ছবিতো অভিনয় কৰিছে।৪
তথ্যসূত্ৰ
- ↑ (27 February 2009). My mom and me. India Today
- ↑ Bengali actress Swatilekha Sengupta dies battling kidney ailment
- ↑ Swatilekha Sengupta Akademi Award: Acting. sangeetnatak.org
- ↑ Basu, Shrabanti. Sohini Sengupta on theatre, Nandikar and more-Interview. CalcuttaTube
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতীলেখা সেনগুপ্ত” প্ৰবন্ধৰ সংশোধন ৪৯৫২৫৯ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।