জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আল্পনা গোস্বামী
আল্পনা গোস্বামী (Alpana Goswami; জন্ম: ১৮ আগষ্ট ১৯৫৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে বাংলা চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। তেওঁক আল্পনা বসু নামেৰেও জনা যায়। গোস্বামীৰ ঘৰ হুগলী জিলাৰ বাণ্ডেলত। ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
আশা শৰৎ
আশা শৰৎ (ইংৰাজী: Asha Sharath) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰাৰ উপৰি কেইখনমান তামিল, কন্নড় আৰু তেলুগু ছবিতো অভিনয় কৰিছে। দৃশ্যম চলচ্চিত্ৰ শৃংখলাত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
আহমদ ছফা
আহমদ ছফা (৩০ জুন ১৯৪৩ – ২৮ জুলাই ২০০১) এগৰাকী বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আছিল। জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মশ্বাৰৰফ হোছেন আৰু কাজী নজৰুল ইছলামৰ পিছত সবতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা।
-
আৰণমুলা পোন্নাম্মা
আৰণমুলা পোন্নাম্মা (ইংৰাজী: Aranmula Ponnamma; ৮ এপ্ৰিল ১৯১৪ – ২১ ফেব্ৰুৱাৰী ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে পাঁচ দশকৰো অধিক সময়ৰ কৰ্মজীৱনত অসংখ্য ছবিত নায়কৰ মাতৃ হিচাপে অভিনয় কৰি পৰিচিত আছিল।
-
আৰ্য ৰাজেন্দ্ৰন
আৰ্য ৰাজেন্দ্ৰন (Arya Rajendran, জন্ম: ১২ জানুৱাৰী ১৯৯৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান কেৰালাৰ ৰাজধানী তথা বৃহত্তম নগৰ থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ। তেওঁ ২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত মুদাভানমুকাল ৱাৰ্ডৰ পৰা থিৰুৱন্তপুৰম পৌৰনিগমলৈ নিৰ্বাচিত হৈছিল।
-
আৰৱিন শ্ৰুডিঙগাৰ
আৰৱিন ৰুডলফ জচেফ আলেকজাণ্ডাৰ শ্ৰুডিঙগাৰ (Erwin Rudolf Josef Alexander Schrödinger; ১২ আগষ্ট ১৮৮৭ – ৪ জানুৱাৰী ১৯৬১) এজন প্ৰখ্যাত অষ্ট্ৰিয়ান ভৌতবিজ্ঞানী আছিল। তেওঁ কুৱাণ্টাম তত্ত্বৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ১৯৩৩ চনত পল ডিৰাকৰ সৈতে মিলি নবেল বঁটা লাভ কৰিছিল।
-
ইদ্ৰিছ আলি
ইদ্ৰিছ আলি (; জন্ম: ১৯৪১ ) অসমৰ এগৰাকী সাহিত্যিক আৰু প্ৰসিদ্ধ গীতিকাৰ। তফজ্জুল আলিৰ প্ৰেৰণাৰে তেওঁ সাহিত্য আৰু সংগীত জগতত প্ৰৱেশ কৰিছিল যদিও ঘাইকৈ তেওঁ গীতিকাৰ ৰূপে পৰিচিত।চাকৰিসূত্ৰে তেওঁ এগৰাকী অধ্যাপক আছিল।
-
ইৰশ্বাদ কামিল
ড° ইৰশ্বাদ কামিল (Irshad Kamil; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় কবি আৰু গীতিকাৰ। তেওঁৰ ৰচিত গীতসমূহ ওৱান্স আপন এ টাইম ইন মুম্বাই, জব উই মেট, চামেলি, লাভ আজ কাল, ৰকষ্টাৰ, লায়লা মজনু, আছিকি ২, ৰাঞ্ঝনা, হাইৱে, তামাছা, জব হেৰী মেট চেজল, কবীৰ সিং, ডাংকী আৰু লাভ আজ কালকে ধৰি বলীউডৰ বহুতো ছবিত…
-
ঈশ্বৰ প্ৰসন্ন হাজৰিকা
ঈশ্বৰ প্ৰসন্ন হাজৰিকা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়া। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ১৯৯৬ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোক সভালৈ নিৰ্বাচিত হৈছিল।
-
ঈশ্বৰ্য মেনন
ঈশ্বৰ্য মেনন (Iswarya Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী; তেওঁ তামিল, কানাড়া, তেলেগু আৰু মালয়ালম ছবিত কাম কৰে। ঈশ্বৰ্য মেননৰ পৰিয়াল কেৰালাৰ চেন্দমংগলমৰ। জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুৰ ইৰোডত হৈছে। ইৰোডৰ ভেলালাৰ মেট্ৰিক স্কুলত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে।
-
উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছন
উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছন (১৮৭০ – ১৯৫৩) কটন কলজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। এখেতৰ জন্ম হৈছিল ইংলেণ্ডৰ নেট্লীত। লণ্ডন বিশ্ববিদ্যালয়ৰপৰা বি.এ. উপাধি লৈ ভাৰতীয় শিক্ষা সেৱা বিভাগত (আই.ই.এছ.) যোগদান কৰে। প্ৰথমে উত্তৰ প্ৰদেশৰ 'বৰেলী কলেজ'ৰ ইংৰাজীৰ অধ্যাপক নিযুক্ত হয়।
-
উইলিয়াম ৰবিনছন
উইলিয়াম ৰবিনছন (? - ১৮৬৩) গুৱাহাটীৰ শ্ৰীৰামপুৰ খৃষ্টান মিছনৰ সদস্য আছিল। অসমৰ প্ৰথম হাইস্কুল 'গুৱাহাটী চেমিনাৰী'ত প্ৰধান শিক্ষক হিচাপে যোগ দিয়ে। ১৮৪৪ চনত এখেত অসমৰ স্কুল পৰিদৰ্শক নিযুক্ত হয়। ৱিলিয়াম ৰবিনছনে প্ৰথম অসমীয়া ব্যাকৰণ পুথি A "Grammar of the Assamese Language" ৰচনা কৰিছিল ১৮৩৯ চনত।
-
উইলিয়াম ৱাৰ্ড
উইলিয়াম ৱাৰ্ড (? -- ১ আগষ্ট ১৮৭৩) অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম। ১৮৪৩ চনত খৃষ্টান ধৰ্মত দীক্ষা লৈ আমেৰিকাৰপৰা ১৮৫০ চনত আহি গুৱাহাটীত উপস্থিত হয় আৰু 'বেপ্টিষ্ট মিছন'ত যোগ দিয়ে।
-
উত্তৰা বাওকৰ
উত্তৰা বাওকৰ (Uttara Baokar; ৫ আগষ্ট ১৯৪৪ – ১২ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ, আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ কেইবাখনো উল্লেখযোগ্য নাটকত অভিনয় কৰিছিল।
-
উদ্ধব বৰ্মন
উদ্ধব বৰ্মন (Uddhab Barman) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিবিদ।তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন অসম ৰাজ্যিক সমিতিৰ সম্পাদক আছিল।তেওঁ সৰভোগ বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ লোকসভালৈ ক্ৰমে ১৯৯১ আৰু ১৯৯৬ চনত…
-
উপাসনা ঘোষ
উপাসনা ঘোষ (জন্ম ১৯৮৭, কলিকতা) পশ্চিম বংগৰ কলকাতা চহৰত বাস কৰা এগৰাকী ভাৰতীয় চিত্ৰকৰ আৰু গ্ৰাফিক ডিজাইনাৰ। তেওঁৰ ৰচনাসমূহ ক্লাবিং সংস্কৃতি, মানসিক আৰু যৌন স্বাস্থ্যৰ ক্ষেত্ৰত নাৰীবাদী দৃষ্টিভংগীৰ বাবে জনাজাত আৰু ইয়াক ৯০ৰ দশকৰ পৰা অনুপ্ৰাণিত, পপ-আৰ্ট-শৈলীৰ ৰচনা বুলি বৰ্ণনা কৰা হৈছে, ভাৰ্ভ আলোচনীৰ…
-
উমা নেহৰু
উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
-
উষা গাংগুলী
উষা গাংগুলী (Usha Ganguli; ১৯৪৫ – ২৩ এপ্ৰিল ২০২০) এগৰাকী ভাৰতীয় নাট পৰিচালক, অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ ১৯৭০ আৰু ১৯৮০ দশকত কলকাতাৰ হিন্দী থিয়েটাৰত কৰা কামৰ বাবে বেছিকৈ পৰিচিত।
-
এছ. এল. শ্বাকধৰ
এছ. এল. শ্বাকধৰ (১৯১৮–২০০২) ভাৰতৰ ষষ্ঠ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৩য় লোকসভা, চতুৰ্থ লোকসভা আৰু ৫ম লোকসভা (ভাৰতীয় সংসদৰ নিম্ন সদন)ৰ প্ৰাক্তন সচিব প্ৰধান আছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। তেওঁ জম্মু-কাশ্মীৰৰ পৰা আহিছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।
-
এছ. পি. সেন বাৰ্মা
এছ পি সেন বাৰ্মা, ১৯৬৭ চনৰ ১ অক্টোবৰৰ পৰা ১৯৭২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।
-
এড'বি ইন্ক.
এড'বি ইন্কৰ্পৰেটেড (Adobe Inc., যাক ২০১৮ চনৰ ৩ অক্টোবৰ পৰ্যন্ত এড'বি ছিষ্টেম্চ ইন্কৰ্পৰেটেড বোলা হৈছিল) হ'ল আমেৰিকাৰ এটা বহুজাতিক ছ'ফ্টৱেৰ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্ণিয়াৰ ছেন হ'জে চহৰত অৱস্থিত।
-
এম ইব্ৰাহিম আলি
এম ইব্ৰাহিম আলি(M Ibrahim Ali) (১৯১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, 'মঙলদৈ'ৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত।
-
এলডোজ পল
এলডোজ পল (Eldhose Paul; জন্ম: ৭ নৱেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এথলেটিকছ বিভাগৰ ট্ৰিপল জাম্পত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২২ চনত তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ট্ৰিপল জাম্পৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
-
এলবাৰ্ট বান্দুৰা
এলবাৰ্ট বান্দুৰা (Albert Bandura, জন্ম-৪ ডিচেম্বৰ ১৯২৫) হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত।
-
এলিজাবেথ হাবাৰ্ড
এলিজাবেথ হাবাৰ্ড আছিল এগৰাকী আমেৰিকান মহিলা যি চেলেম ডাইনী বিচাৰৰ প্ৰাথমিক প্ৰৰোচক হিচাপে বেছিকৈ পৰিচিত। ১৬৯২ চনৰ বসন্ত কালত হাবাৰ্ডৰ বয়স আছিল ১৭ বছৰ। বিচাৰ চলি থকা ১৫ মাহত বিশজন লোকক মৃত্যুদণ্ড দিয়া হৈছিল।
-
ওমৰ কুৰেছি
ওমৰ কুৰেছি (Omar Kureishi; জন্ম:১৯২৮ – ১৪ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী সাহিত্যিক। তেওঁ বিমান পৰিবহণ আৰু সাংবাদিকতাৰ উপৰি বিজ্ঞাপন উদ্যোগতো কাম কৰিছিল। তেওঁ ডউন, দ্য পাকিস্তান টাইমছ, মৰ্নিং নিউজ আৰু লণ্ডনৰ দ্য গাৰ্ডিয়ানৰ বাবে নিয়মীয়াকৈ লিখিছিল।
-
কংসাৰি কায়স্থ
কংসাৰি কায়স্থ (১৬ শতিকা) যশৱন্ত খাঁ নামৰ কায়স্থ শ্ৰেষ্ঠৰ বংশধৰ। মাধৱদেৱৰ থানত বাস কৰিছিল। আন এটা নাম আছিল পীতাম্বৰ। মহাভাৰতৰ কিৰাট অনুপৰ্বৰ আৰু বিৰাট পৰ্বৰ দক্ষিণ গোগ্ৰাহৰ কিছু অংশ আৰু উত্তৰ গোগ্ৰাহৰ ভাঙনি কৰিছিল। গাভৰু খাঁ এখেতৰ পৃষ্ঠপোষক আছিল বুলি অনুমান কৰা হয়।
-
কপিল পৰমাৰ
কপিল পৰমাৰ (জন্ম ২০০০) এজন ভাৰতীয় পেৰা-জুডো খেলুৱৈ। ২০২৪ চনৰ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে জুডোত ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক লাভ কৰি ইতিহাস ৰচনা কৰে।
-
কবিন্দৰ সিং বিষ্ট
কবিন্দৰ সিং বিষ্ট (Kavinder Singh Bisht; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৯৫) এজন ভাৰতীয় বক্সাৰ। তেওঁ ফেদাৰৱেট শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ২০১৯ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত বিষ্টে পুৰুষৰ বেণ্টামৱেইট শাখাত ৰূপৰ পদক লাভ কৰিছিল, কোৱাৰ্টাৰ ফাইনেলত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন কাইৰাট য়েৰালিয়েভক…
-
কভাৰ মডেল
কভাৰ মডেল (Cover model) হ'ল এনে এজন পুৰুষ বা মহিলা যাৰ ফটো আলোচনী এখনৰ বেটুপাতত প্ৰকাশিত হয়৷ কভাৰ মডেলজন সাধাৰণতে এগৰাকী ফেশ্বন মডেল বা চেলিব্ৰিটি নাইবা কোনো প্ৰতিযোগিতাৰ বিজয়ী হয়।