সুনীল কোঠাৰী (Sunil Kothari, ২০ ডিচেম্বৰ ১৯৩৩ – ২৭ ডিচেম্বৰ ২০২০)১ এগৰাকী ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক। তেওঁ কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল।২
কৰ্মজীৱন
তেওঁ ১৯৬৪ চনত এম.এ. আৰু ১৯৭৭ চনত পি.এইচ.ডি. সম্পূৰ্ণ কৰে। পেছাদাৰীভাৱে, সুনীল কোঠাৰী এগৰাকী ৰাজকীয় সদনপ্ৰাপ্ত হিচাপবিদ বা চাৰ্টাৰ্ড একাউনটেণ্ট। তেওঁ 'দ্য টাইমছ অফ ইণ্ডিয়া' বাতৰি-কাকতৰ সৈতে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ চিডিনহাম কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সত শিক্ষকতা কৰিছিল। তাৰপিছত তেওঁ কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল। ইয়াৰ মাজে-সময়ে তেওঁ লিখা-মেলাও কৰিছিল। তেওঁ নতুন দিল্লীৰ এছিয়ান গেমছ ভিলেজত বাস কৰিছিল।৩৪
তথ্যসূত্ৰ
- ↑ www.thehindu.com/news/national/dance-historian-s
- ↑ www.rediff.com/entertai/2001/apr/27uday.htm
- ↑ (30 August 2014). સુનિલ કોઠારીને રણજિતરામ સુવર્ણચંદ્રક એનાયત કરાશે (Ranjitram Suvarna Chandrak will be awarded to Sunil Kothari). Divya Bhaskar
- ↑ (2 September 2014). રણજિતરામ ચંદ્રક મારા માટે નોબેલ છે (Ranjitram Chandrak is the Nobel for me). Divya Bhaskar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীল কোঠাৰী” প্ৰবন্ধৰ সংশোধন ৫১১৩৬২ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।