অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুটজাৰ ব্ৰেগমেন

ৰুটজাৰ চি. ব্ৰেগমেন (Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷…

হালনাগাদ: ২৩ জুলাই ২০২৪ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

ৰুটজাৰ চি. ব্ৰেগমেন (Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷ 'ৱাশ্বিংটন পোষ্ট', 'দ্য গাৰ্ডিয়েন' আৰু 'বিবিচি'ত তেখেতৰ কৰ্মৰাজি সন্নিৱিষ্ট হৈছে৷ 'দ্য গাৰ্ডিয়েন' সংবাদগোষ্ঠীয়ে তেখেতক "Dutch wunderkind of new ideas" হিচাপে অভিহিত কৰিছে৷ ১ আনহাতে 'টেড-সন্মিলনি'য়ে তেখেতক "ইউৰোপৰ বিশিষ্ট যুৱ চিন্তাবিদ' হিচাপে ঘোষিত কৰিছে৷ ২ ব্ৰেগমেনৰ টেড-বক্তৃতা "Poverty Isn't a Lack of Character; It's a Lack of Cash"ক টেডৰ পৰিচালক ক্ৰিছ এণ্ডাৰছনে ২০১৭ বৰ্ষটোৰ 'শীৰ্ষ দহ'ত অন্তৰ্ভুক্ত কৰিছিল৷ ৩ ব্ৰেগমেনৰ শেহতীয়া গ্ৰন্থখন হৈছে 'হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী'.(৷)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ব্ৰেগমেনৰ জন্ম হৈছিল নেডাৰলেণ্ডৰ ৰেনেছিত৷ তেখেতৰ পিতৃ আছিল প্ৰটেষ্টাণ্ট মন্ত্ৰী৷ আনহাতে তেখেতৰ মাতৃ আছিল বিশেষ শিক্ষাৰ শিক্ষয়িত্ৰী৷ ২০০৯ চনত উটৰেখট বিশ্ববিদ্যালয়ৰ পৰা তেখেত কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ ২০১২ চনত আংশিকভাৱে উটৰেখটত আৰু আংশিকভাৱে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছত ইতিহাস বিষয়ত স্নাতকোত্তৰ অৰ্জন কৰে৷ ৪ স্নাতক পৰ্যায়ৰ শিক্ষাত ব্ৰেগমেনে নগৰাঞ্চল, ৰাজ্য আৰু নাগৰিকত্ব অধ্যয়ন কৰে৷ খ্ৰীষ্টীয়ান শিক্ষা সন্থা SSR-NUৰ তেখেত এজন সদস্য আছিল৷৫

তথ্যসূত্ৰ

  1. ↑ (17 March 2017). Inside the 17 March edition. The Guardian
  2. ↑ (2017). Biography: Rutger Bregman, author of Utopia for Realists. TED Talks
  3. ↑ (nd). Curator's Picks: Top 10 TED Talks of 2017. TED Talks
  4. ↑ (26 February 2018). I Want the State to Think like an Anarchist: Dutch Historian Rutger Bregman on Why the Left Must Reclaim Utopianism. The New Statesman
  5. ↑ (July 2017). Profile. TED2017

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকনেডাৰলেণ্ডৰ ব্যক্তিইতিহাসবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুটজাৰ ব্ৰেগমেন” প্ৰবন্ধৰ সংশোধন ৪২৬৪৩৪ (২৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।