অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুধা চন্দ্ৰন

সুধা চন্দ্ৰন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত। ১৯৮১ চনত তেওঁ মুম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰুপে জনা গৈছিল।

হালনাগাদ: ২৭ মে’ ২০২০ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

সুধা চন্দ্ৰন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত। ১৯৮১ চনত তেওঁ মুম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰুপে জনা গৈছিল। কিন্ত এদিন তেওঁ মুম্বাইৰ পৰা চেন্নাইলৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈ সোঁভৰি হেৰুৱাবলগীয়া হয়। কিছুদিনৰ সফল পৰিচৰ্যাৰ পাছত তেওঁক এটা কৃত্ৰিম ভৰি সংস্থাপিত কৰোৱা হয়। তেওঁ নিজৰ শাৰীৰিক অক্ষমতাক নেওচি ভাৰতৰ সাংস্কৃতিক জগতত এক অনন্য প্ৰতিভাৰ নৃত্যাঙ্গনা ৰূপে খ্যাতি লাভ কৰে।

কৰ্মজীৱন

সুধা চন্দ্ৰনে তেলেগু চলচ্চিত্ৰ "ময়ুৰী"ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলে। এই ছবিখন তেওঁৰ জীৱনৰ ওপৰত আধাৰিত আছিল। পাছলৈ চলচ্চিত্ৰখন তামিল আৰু মালায়ালম ভাষালৈও ডাব্‌ হৈছিল। চিনেমাখন "নাছে ময়ুৰী" নামেৰে হিন্দীত পুনৰ নিৰ্মিত হৈছিল। তেওঁক উক্ত চলচ্চিত্ৰখনৰ কাৰণে ১৯৮৬ চনত বিশেষ জুৰী বঁটাৰে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানিত কৰা হৈছিল।

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুধা চন্দ্ৰন” প্ৰবন্ধৰ সংশোধন ২৩১৯৩১ (২৭ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।