অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঙ্কুশিতা বড়ো

অঙ্কুশিতা বড়ো (Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২১ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

অঙ্কুশিতা বড়ো (Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কিলোগ্ৰাম শাখাত অঙ্কুশিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগেই অঙ্কুশিতা বড়ো বিশ্ব যুৱ মহিলা বক্সিঙত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া হৈ পৰিল।

শোণিতপুৰ জিলাৰ ঠেলামৰা অঞ্চলৰ মেঘাই জাৰণি গাঁৱৰ অঙ্কুশিতাৰ পিতৃ ৰাকেশ কুমাৰ আৰু মাতৃ ৰঞ্জিতা বড়ো। অঙ্কুশিতা বৰ্তমান দক্ষিণ গুৱাহাটী জুনিয়ৰ কলেজৰ ছাত্ৰী। ২০১২ চনত প্ৰথম বক্সিং খেলিবলৈ আৰম্ভ কৰা অঙ্কুশিতাই ২০১৫ চনত ৰাজ্যিক বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। পিছত ২০১৭ চনত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ বক্সিঙত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিবড়ো জনগোষ্ঠীৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ বক্সাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঙ্কুশিতা বড়ো” প্ৰবন্ধৰ সংশোধন ২৯২৪৯৪ (২৬ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।