অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰমাকান্ত চৌধুৰী

ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়। ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী।

হালনাগাদ: ৬ মে’ ২০২০ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়।১

ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী। ১৮৭০ চনত তেখেতে কলেজিয়েট স্কুলৰ পৰা এফ এ উত্তীৰ্ণ হৈ গুৱাহাটীত উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণীৰ চাকৰিত যোগদান কৰে। ইয়াৰ পাছত তেখেতে গোৱালপাৰা আৰু ধুবুৰীতো কাম কৰে। শেষত গুৱাহাটীলৈ ঘূৰি আহি তেখেতে চিৰস্তাদাৰৰ চাকৰি কৰে।

প্ৰখ্যাত বঙালী লেখক মাইকেল মধুসুদন দত্তৰ আৰ্হিত অমিত্ৰাক্ষৰ ছন্দত লিখা তেখেতৰ প্ৰথম কবিতাৰ পুথি "অভিমন্যু বধ" ১৮৭৫ চনত প্ৰকাশ পায়।২ ৯৮ পৃষ্ঠাৰ এই কবিতাত ভীষ্মৰ নেতৃত্বত মহাভাৰতৰ যুদ্ধৰ আৰম্ভৰ পৰা অভিমন্যুৰ মৃত্যুলৈকে কাহিনী চিত্ৰিত হৈছে। ১৯শ শতিকাৰ শেষৰফালে তেখেতে "সীতাহৰণ" আৰু "ৰাৱণ বধ" নামৰ দুখন নাটক লিখে। অৱশ্যে ইয়াৰে এখন কিতাপো বৰ্তমান উপলব্ধ নহয়।১

তথ্যসূত্ৰ

  1. ↑ Datta, Amaresh (Editor). (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃ. 667
  2. ↑ Sarma, Satyendranath. (1976). Assamese Literature. Otto Harrassowitz Verlag. পৃ. 77

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমাকান্ত চৌধুৰী” প্ৰবন্ধৰ সংশোধন ২২৫৭৬৭ (৬ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।