অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সত্যব্ৰত শাস্ত্ৰী

সত্যব্ৰত শাস্ত্ৰী ( Satya Vrat Shastri; জন্ম: ২৯ ছেপ্টেম্বৰ, ১৯৩০) হ'ল ভাৰতৰ এজন সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি। তেওঁ সংস্কৃত ভাষাত তিনিখন মহাকাব্য, তিনিখন খণ্ডকাব্য, এখন প্ৰৱন্ধকাব্য, এখন পত্ৰকাব্য আৰু পাঁচখন আলোচনাত্মক কিতাপ লিখিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সত্যব্ৰত শাস্ত্ৰী ( Satya Vrat Shastri; জন্ম: ২৯ ছেপ্টেম্বৰ, ১৯৩০) হ'ল ভাৰতৰ এজন সংস্কৃত পণ্ডিত, লেখক, ব্যাকৰণবিদ আৰু কবি। তেওঁ সংস্কৃত ভাষাত তিনিখন মহাকাব্য, তিনিখন খণ্ডকাব্য, এখন প্ৰৱন্ধকাব্য, এখন পত্ৰকাব্য আৰু পাঁচখন আলোচনাত্মক কিতাপ লিখিছে। তেওঁৰ গুৰুত্বপূৰ্ণ কামসমূহৰ ভিতৰত ৰামকৃতিমহাকাব্যম, বৈদিক ব্যাকৰণ, ব্ৰহত্তৰম ভাৰতম, শ্ৰীবোধিসত্ত্বচৰিতম, সাতটা সংস্কৰণত উপলব্ধ ডিস্ক'ভাৰি অৱ সংস্কৃত ট্ৰেজাৰচ্‌ উল্লেখযোগ্য।১

তেওঁ বৰ্তমান নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সংস্কৃত অধ্যয়নৰ বিশেষ কেন্দ্ৰৰ সন্মানিত অধ্যাপক। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী আৰু 'ফেকাল্টি অৱ আৰ্টচ'ৰ ডীন আছিল।

তেওঁ তেওঁৰ জীৱনকালত সাহিত্য অকাডেমি বঁটা (সংস্কৃত ভাষাত) আৰু ১৯৬৮ চনত প্ৰদান কৰা 'ইণ্ডিয়াজ নেচনেল একাদেমী অৱ লেটাৰচ্‌'কে ধৰি অলেখ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২ ২০০৬ চনত তেওঁ সংস্কৃত ভাষাত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা জ্ঞানপীঠ বঁটা লাভ কৰে। ৩৪

তথ্যসূত্ৰ

  1. ↑ 41st and 42nd Jnanpith Awards, Official Press release
  2. ↑ Sanskrit Awards সাহিত্য অকাডেমি বঁটা Official listing
  3. ↑ (20 August 2009). Sanskrit poet gets Jnanpith award. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (14 January 2009). Sanskrit's first Jnanpith winner is a 'poet by instinct'. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ীসাহিত্য অকাডেমিৰ ফেলোশ্বিপ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যব্ৰত শাস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ৩৮৩০৪৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।