অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰূপ কুমাৰ ৰাথোৰ

ৰূপ কুমাৰ ৰাথোৰ (Roop Kumar Rathod) এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী৷ তেওঁ হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, বঙালী, উড়িয়া, অসমীয়া, নেপালী, ভোজপুৰী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে৷

হালনাগাদ: ১ আগষ্ট ২০২৩ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰূপ কুমাৰ ৰাথোৰ (Roop Kumar Rathod) এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য কণ্ঠশিল্পী৷১ তেওঁ হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, বঙালী, উড়িয়া, অসমীয়া, নেপালী, ভোজপুৰী আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে৷

ব্যক্তিগত জীৱন

ৰূপ কুমাৰ ৰাথোৰ শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ তৃতীয় পুত্ৰ৷২ সংগীত ৰচয়িতা শ্ৰাৱণ ৰাথোৰ আৰু কণ্ঠশিল্পী বিনোদ ৰাথোৰ তেওঁৰ দুই ভাতৃ৷ ৰূপ কুমাৰে সোণালী ৰাথোৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যি ভজন গায়ক অনুপ জালোটাৰ প্ৰথম পত্নী আছিল। ৰূপ কুমাৰ আৰু সোণালী ৰাথোৰৰ ৰিৱা ৰাথোৰ নামেৰে এগৰাকী কন্যা সন্তান আছে৷

সংগীতৰ আৰম্ভণি

ৰূপ কুমাৰে অতি কম সময়তে সংগীত জগতত দীক্ষিত হৈছিল। তেওঁৰ যাত্ৰা এগৰাকী তবলাবাদক হিচাপে আৰম্ভ হৈছিল আৰু ১৯৮০ চনত প্ৰায় সকলো গজলগায়কে তেওঁক বিচাৰিছিল। ১৯৮৯ চনত লক্ষ্মীকান্ত প্যাৰেলালে সুৰ কৰা 'গুমৰাহ' চলচ্চিত্ৰৰ 'মে তেৰা আশিক হু' গীতটোৰে তেওঁ নেপথ্য কণ্ঠশিল্পীৰ চেষ্টা শুভাৰম্ভ হয়৷

তথ্যসূত্ৰ

  1. ↑ Roop Kumar Rathod. www.bollywoodlife.com
  2. ↑ रूप कुमार राठोड's biography and latest film release news. hindi.filmibeat.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ সংগীতকাৰভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপ কুমাৰ ৰাথোৰ” প্ৰবন্ধৰ সংশোধন ৩৭২৯২৫ (১ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।