সতীশ কুমাৰ যাদৱ (জন্ম ৪ মে ১৯৮৯) বুলন্দ চহৰৰ এজন ভাৰতীয় বক্সাৰ। তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত ইনচিয়নত অনুষ্ঠিত ২০১৪ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জিকিছিল।১ আৰু ললগতে তেওঁ চুপাৰ হেভিৱেট শ্ৰেণীত অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় বক্সাৰ।২
ব্যক্তিগত আৰু প্ৰাৰম্ভিক জীৱন
বুলন্দচহৰৰ এজন কৃষকৰ ঘৰত জন্ম গ্ৰহণ কৰা সতীশ কুমাৰৰ চাৰিটা পুত্ৰ সন্তান। সতীশ কুমাৰে তেওঁৰ ডাঙৰ ভায়েকৰ দৰে সেনাত যোগদান কৰিব বিচাৰিছিল। তেওঁ ২০০৮ চনত চিপাহীৰ পদত যোগ দি তেওঁ ৰনিখেতলৈ গুচি গৈছিল। তাত তেওঁৰ উচ্চতাৰ বাবে এটা বক্সিং শিবিৰে তেওঁক বক্সিঙত যোগদান কৰিবলৈ আহ্বান জনাইছিল।৩ তেওঁ সেই সময়ত বক্সিং কি আছিল সেয়াও নাজানিছিল, তেওঁ ভাবিছিল যে ডাব্লিউ ডাব্লিউ ইয়ে বক্সিং কৰে আৰু তেওঁ কেৱল দ্য আণ্ডাৰটেকাৰ আৰুজন চিনাৰ বিষয়েহে শুনিছিল।৪
বঁটা
- তেওঁ (২০১৮) চনত ভাৰত চৰকাৰৰ পৰাঅৰ্জুন বঁটাৰে পুৰস্কৃত হৈছিল।৫
- ২০২০ টকিঅ' অলিম্পিকত সতীশ কুমাৰে বক্সিং কোৱাৰ্টাৰ ফাইনেললৈ পদাৰ্পণ কৰে।৬
বাহ্যিক সংযোগসমূহ
তথ্যসূত্ৰ
- ↑ Asian Games 2014: Satish Kumar fails to advance, settles for bronze in 91 kg boxing. Indian Express
- ↑ (11 May 2020). Lovlina, Ashish and Satish earn their Olympics berth. Olympic Channel
- ↑ (11 May 2020). History-maker Satish Kumar at the ntion's service. Olympic Channel
- ↑ (11 May 2020). How Satish Kumar blurred the lines between WWE and boxing. Olympic Channel
- ↑ National Sports Awards 2018. The Hindu
- ↑ The Times of India,July 29,2021 timesofindia.indiatimes.com/sports/tokyo-olympic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতীশ কুমাৰ” প্ৰবন্ধৰ সংশোধন ২৯২৫০০ (২৬ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।