অনন্যা খাৰে ( Ananya Khare ) এগৰাকী ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। দেৱদাস আৰু চান্দনী বাৰৰ দৰে বলীউডৰ ছবিত অভিনয় কৰি তেওঁ অধিক পৰিচিত। চান্দনী বাৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১
জীৱনী
২০০৫ চনত খাৰেই স্বামী ডেভিদক লগ পোৱাৰ পিছত তেওঁ বিৰতি লয় আৰু আমেৰিকালৈ গুছি যায়। তাত তেওঁ ইংৰাজীৰ শিক্ষক হিচাপে কাম কৰিছিল। ১০ বছৰৰ পাছত দম্পতীহালে পুনৰ মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।২
ডাঙৰ পৰ্দাত সফলতা লাভ কৰাৰ আগতে, প্ৰায় দুটা দশক ধৰি ১৯৮৭ চনৰ নিৰ্মলাকে ধৰি ধাৰাবাহিকসমূহত তেওঁ প্ৰথমে টেলিভিছনত নিজৰ নাম উজলাইছিল।৩ চান্দনী বাৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত দেৱদাসত কৰা অভিনয়ৰ বাবেও বঁটাৰ মনোনীত হৈছিল।৪
জনপ্ৰিয় ছ'প অপেৰাত বেছিভাগেই নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে।৫ ২০২০ চনত অনন্যাই অল্টবালাজী চিৰিজ বেবাকীত বেনজীৰ আব্দুল্লাৰ চৰিত্ৰত অভিনয় কৰিছে।৬
তথ্যসূত্ৰ
- ↑ Ananya Khare
- ↑ 'Not many know that I was a teacher in LA for the last 10 years'
- ↑ Ananya Khare Reveals Jaya Bachchan Is The Reason She Moved To Mumbai & Got Into Acting
- ↑ Today, TV is a brave, new world: Ananya Khare
- ↑ (9 June 2015). After 'Devdas' most roles offered were negative: Ananya Khare. The Indian Express
- ↑ Ananya Khare joins the cast of ALTBalaji’s Bebaakee
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্যা খাৰে” প্ৰবন্ধৰ সংশোধন ৪৯৮৮৪৬ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।