ৰাণা ক্ষেত্ৰ সিংহ১ (ৰাজত্ব ১৩৬৪–১৩৮২), মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। তেওঁ পিতৃ আৰু পূৰ্বপুৰুষ ৰাণা হাম্মিৰ সিঙৰ জ্যেষ্ঠ পুত্ৰ ছিছোদিয়াৰ পূৰ্বপুৰুষ আছিল। তেওঁৰ ৰাজত্ব কালত তেওঁ আজমেৰ আৰু মণ্ডলগড়ৰ ভূখণ্ড দখল কৰে।
ৰাজত্ব
১৩৬৪ চনৰ পৰা ১৩৮২ চনলৈ ৰাজত্ব কৰা ক্ষেত্ৰ সিংহ আছিল প্ৰখ্যাত ৰাণা হাম্মিৰ সিংহৰ পুত্ৰ আৰু উত্তৰাধিকাৰী। ৰাণা ক্ষেত্ৰ সিংহই মেৱাৰ ৰাজ্যৰ বহু পৰিমাণে সম্প্ৰসাৰণ কৰিছিল। তেওঁ আজমেৰ আৰু জাহাজপুৰ দখল কৰি পুনৰ মণ্ডলগড়, মন্দচৌৰ আৰু সমগ্ৰ চাপ্পানক মেৱাৰত সংযুক্ত কৰে। তেওঁ দিল্লীৰ চুলতানৰ ওপৰত জয়লাভ কৰে,২ যিজন বাক্ৰোলেত সম্পূৰ্ণৰূপে পৰাজিত হয়। কুম্ভলগড়ৰ শিলালিপিত কোৱা হৈছে যে যুদ্ধত তেওঁ পাটানৰ গৱৰ্ণৰ জাফৰ খানক (যি পিছলৈ গুজৰাটৰ প্ৰথম স্বাধীন চুলতান হৈছিল) বন্দী কৰিছিল।৩ ক্ষেত্ৰ সিঙে মালৱাৰ চুলতানক পৰাস্ত কৰি তেওঁৰ সেনাপতি আমিৰ শ্বাহক হত্যা কৰি তেওঁৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰে।৪
১৩৮২ চনত বুণ্ডীৰ হাদাৰ বিৰুদ্ধে অভিযানৰ সময়ত ক্ষেত্ৰ সিঙৰ মৃত্যু হয়।৫ মৃত্যুৰ পিছত লখা সিংহই (১৩৮২-১৪২১) মেৱাৰৰ সিংহাসনত আৰোহণ কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণা ক্ষেত্ৰ সিংহ” প্ৰবন্ধৰ সংশোধন ৫৭০০০৫ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।