সুদীপ্তা চক্ৰৱৰ্তী ( Sudiptaa Chakraborty ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে বেছিভাগ বাংলা চলচ্চিত্ৰত কাম কৰে। বাড়ীৱালী ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। দীঘলীয়া সময়ৰ কাৰণে সম্প্ৰচাৰিত হোৱা ৰবি ওঝাৰ বাংলা ডেইলী ছ’প অপেৰা খেলাত তিস্তাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিপুল স্বীকৃতি লাভ কৰিছিল। চক্ৰৱৰ্তীয়ে বিগ বছ বাংলাৰ (২০১৩) প্ৰথম ছিজ’নত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ শীৰ্ষৰ চাৰিজন চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল। ইয়াৰ উপৰিও তেওঁ এগৰাকী এংকৰ, টক শ্ব'ৰ আয়োজক, কাষ্টিং ডাইৰেক্টৰ আৰু অভিনয় প্ৰশিক্ষক।১
তেওঁ ফ’ৰ্ট উইলিয়ামৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা স্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰে। ইংৰাজী বিষয়ত অনাৰ্ছ ডিগ্ৰী লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।
তেওঁৰ জ্যেষ্ঠ ভগ্নী বিদীপ্তা চক্ৰৱৰ্তী আৰু বিদিশা চক্ৰৱৰ্তীও জনপ্ৰিয় অভিনেত্ৰী।২ সংঘাট সুদীপ্তাৰ অভিষেক চলচ্চিত্ৰ আছিল।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুদীপ্তা চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৪৯৬৫১৫ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।