অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বীমা কেৰমানী

শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী। তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক। তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।

হালনাগাদ: ২০ অক্টোবৰ ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শ্বীমা কেৰমানী (Sheema Kermani; জন্ম: ১৬ জানুৱাৰী ১৯৫১) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু সমাজ কৰ্মী।১ তেখেত তেহৰিক-ই-নিছৱান কালচাৰেল একচন গ্ৰুপ (মহিলা আন্দোলন)ৰ প্ৰতিষ্ঠাপক।২ তেখেত ভাৰতনাট্যম নৃত্যৰ প্ৰতিনিধিও।৩৪ কেৰমানী পাকিস্তানৰ কৰাচীত বাস কৰা এগৰাকী প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্য পৰিচালক, নৃত্য গুৰু, নাট্য অনুশীলনকাৰী, অভিনেত্ৰী, পৰিচালক, প্ৰযোজক, টিভি অভিনেত্ৰী৷ তেওঁ সংস্কৃতি, নাৰীৰ অধিকাৰকে৫ প্ৰমুখ্য কৰি শান্তিৰ বিষয়সমূহৰ পোষকতা কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫১ চনৰ ১৬ জানুৱাৰীত পঞ্জাৱৰ ৰাৱালপিণ্ডিত কেৰমানীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃয়ে পাকিস্তান সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিছিল আৰু ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ তাৰ পিছত তেওঁ কৰাচী ইলেক্ট্ৰিক চাপ্লাই কৰ্প'ৰেশ্যনৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।৬৭ তেওঁৰ পৈতৃক পৰিয়াল লক্ষ্ণৌ চহৰৰ৷ আৰু ইয়াৰ বংশ ইৰাণৰ কেৰমান চহৰৰ লগত সংপৃক্ত৷ আনহাতে তেওঁৰ মাতৃৰ পৰিয়ালৰ হায়দৰাবাদ ডেক্কানৰ।৭

কেৰমানীৰ দুগৰাকী ভাই-ভনী আছে৷৭ তেওঁ পাকিস্তানৰ বিভিন্ন চহৰৰ কনভেণ্ট স্কুলৰ পৰা শিক্ষা লাভ কৰে য'ত তেওঁৰ পিতৃ কিছুমান বিশেষ পদত অধিষ্ঠিত আছিল।৭স্কুলৰ ছুটীৰ সময়ত কেৰমানীয়ে ভাৰতত বাস কৰা মাতৃৰ ফালৰ পৰা ককা-আইতাকক লগ কৰিবলৈ গৈছিল আৰু তাতেই তেওঁৰ পৰিৱেশন কলাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিছিল।৭

সামাজিক সক্ৰিয়তা

কেৰমানীয়ে নিজকে নাৰীবাদী আৰু মাৰ্ক্সবাদী হিচাপে পৰিচয় দিয়ে।৭ তেওঁ উপলব্ধি কৰিছিল যে পাকিস্তানী সমাজৰ মহিলাসকলে সমাজত সমতা লাভ কৰিব নোৱাৰে গতিকে তেওঁ 'তেহৰিক-ই-নিছৱান' (মহিলা আন্দোলন) নামৰ এক আন্দোলন আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ অধিকাৰ, স্বাস্থ্যজনিত বিষয়, শিক্ষা আৰু সমতাৰ বাবে মাত মাতিছিল।৮

তথ্যসূত্ৰ

  1. ↑ (2022-08-15). Cultural resilience celebrated at a unique event. Daily Times
  2. ↑ Baloch, Shah Meer. (2021-06-24). 'A haven for free-thinkers': Pakistan creatives mourn loss of progressive arts space. The Guardian
  3. ↑ (2019-03-09). What went down at Aurat March 2019 in Karachi. Something Haute
  4. ↑ Raza, Laila; Khan, Muhammad Salman. (2018-10-29). Arts Council hosts 4th Women's Peace Table Conference. The Express Tribune
  5. ↑ Sheikh, Fatima. (2020-03-07). 'Aurat March is not confined to a single slogan'. The Express Tribune
  6. ↑ (21 October 2017). SHEEMA KERMANI. KarachiBiennale 2017
  7. ↑ Magsi, Mariam. (2016-01-12). I think Muslim men see my dancing as a challenge to them, says Sheema Kermani. Dawn Images
  8. ↑ (8 October 2019). Identity, Performance and Gender in Pakistan. Michigan State University Museum

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ অভিনেত্ৰীপাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীনৃত্যশিল্পীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বীমা কেৰমানী” প্ৰবন্ধৰ সংশোধন ৫৪৪৩২৬ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।