অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শৰ্মিষ্ঠা মুখাৰ্জী

শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷

বাল্যকাল আৰু শিক্ষা

পশ্চিমবংগত জন্ম হোৱা মুখাৰ্জীয়ে বাল্যকাল দিল্লীত অতিবাহিত কৰে৷ তেওঁৰ পিতৃ হৈছে ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী৷ ১

নৃত্যৰ কেৰিয়াৰ

মুখাৰ্জীয়ে বাৰ বছৰ বয়সত কথক নৃত্যৰ শিক্ষা আৰম্ভ কৰে৷২ তেওঁৰ শিক্ষকসকলৰ ভিতৰত পণ্ডিত দুৰ্গালাল, বিদুষী উমা শৰ্মা আৰু ৰাজেন্দ্ৰ গংগানী (Rajendra Gangani) আদি উল্লেখযোগ্য৷ ৩ হিন্দু কাকতে তেওঁৰ নৃত্য পৰিৱেশনৰ ভুয়সী প্ৰশংসা কৰিছে৷ ৩

ৰাজনৈতিক কেৰিয়াৰ

শৰ্মিষ্ঠা মুখাৰ্জীয়ে ২০১৪ চনৰ জুলাই মাহত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে৷ তেতিয়াৰ পৰা তেওঁ এই দলৰ বুনিয়াদী ক্ষেত্ৰৰ পদক্ষেপসমূহকে ধৰি দলীয় ৰেলীতো সক্ৰিয়ভাৱে অংশ লৈ আহিছে৷৪ তেওঁ দিল্লীৰ গ্ৰেটাৰ কৈলাশ সমষ্টিৰ পৰা ২০১৫ চনৰ ফেব্ৰুৱাৰীত নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰে,৫ কিন্তু পৰাজিত হয়৷৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (June 14, 2014). Pranab Mukherjee's daughter, Sharmistha Mukherjee joins protest against power outages. The Economic Times
  2. ↑ Sandhu, Veenu. (April 5, 2013). Sharmistha Mukherjee chose not to live in India's biggest house. Business Standard
  3. ↑ Varma, P. Sujatha. (January 21, 2012). Hypnotic grace. দ্য হিন্দু
  4. ↑ Singh, Rohinee. (November 14, 2014). Sharmistha Mukherjee wants to be a mass leader. DNA
  5. ↑ (February 7, 2015). Sharmistha Mukherjee casts vote in GK, mum on Congress' prospects. Zee News
  6. ↑ (February 10, 2015). Sharmistha loses Greater Kailash, gets just 6,000 votes. Business Standard

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্মিষ্ঠা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৪০২৫১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।