অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।
অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।
আচল নামৰ সৈতে ছদ্ম নাম
- অঘৰী প্ৰমোদ কুমাৰ বৰদলৈ
- অজগৰ চৈয়দ আব্দুল মালিক
- অনিৰুদ্ধ কটকী মুনীন বৰকটকী
- অস্তবক্ৰ কমলাকান্ত ভট্টাচাৰ্য্য
- অস্বীকৃত জগদীশ ফুকন
- এ নেটিভ আনন্দৰাম ঢেকিয়াল ফুকন
- বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বিষ্ণুপ্ৰসাদ ৰাভা
- ভনানন্দ পাঠক ড॰ বাণীকান্ত কাকতি
- ভানুনন্দন ড॰ সূৰ্য্যকুমাৰ ভূঞা
- ভোলাই শৰ্মা ৰজনীকান্ত বৰদলৈ
- বীনা বৰুৱা ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা
- বাপচন্দ্ৰ ভাগৱতী শৰৎচন্দ্ৰ গোস্বামী
- বিহগুটি বৰা বেণুধৰ শৰ্মা
- দিগন্ত গোস্বামী দীনেশ চন্দ্ৰ গোস্বামী
- চিত্ৰসেন জখৰীয়া হলিৰাম ডেকা
- ধনবৰ কাই মহিম বৰা
- দদাই কীৰ্তিনাথ হাজৰিকা
- এণ্ডি খুড়া ড॰ নগেন দত্ত
- এখুদ ককাইদেউ নৱকান্ত বৰুৱা
- এজন অসমীয়া সত্যনাথ বৰা
- গুৰু দত্ত গুণাভিৰাম বৰুৱা
- হয়বৰ অভয়াপুৰীয়া পাৰ্ৱতি প্ৰসাদ বৰুৱা
- যদু যতীন্দ্ৰ নাথ দুৱৰা
- ভূৱন মোহন বৰুৱা ভুৱন মোহন বৰুৱা
- কুমাৰ কিশোৰ কিশোৰ কুমাৰ শৰ্মা
- কৃপাবৰ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা
- কেৰপাই শৰ্মা বিনন্দ চন্দ্ৰ বৰুৱা
- """লম্বোদৰ গগৈ"""উপেন্দ্ৰনাথ শৰ্মা
- মনাই বৈৰাগী মহেন্দ্ৰনাথ ডেকা ফুকন
- মামণি ৰয়ছম গোস্বামী ড॰ ইন্দিৰা গোস্বামী
- নতুন কৃপাবৰ ৰত্নকান্ত বৰকটকী
- নিৰ্মলা দেৱী তীৰ্থনাথ শৰ্মা
- নীলা বাইদেউ নিৰ্মলপ্ৰভা বৰদলৈ
- নিৰঞ্জন ফুকন ড॰ হীৰেন গোহাঁই
- নীলিম কুমাৰ হেমেন কুমাৰ শৰ্মা
- পশুপতি ভৰদ্বাজ ঊমাকান্ত শৰ্মা
- প্ৰিয় বন্ধু ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- ৰংমন ৰ’বীন দে
- ৰসেশ্বৰ হাজৰিকা পবিত্ৰ কুমাৰ ডেকা
- ৰাস্না বৰুৱা ড॰ বিৰিঞ্চি কুমাৰ বৰুৱা
- ৰত্না তামূলী প্ৰণৱ তামূলী
- ৰাম দাস গোস্বামী ৰন্তেশ্বৰ মহন্ত
- ৰূপচন্দ্ৰ ভাগৱতী শৰৎচন্দ্ৰ গোস্বামী
- স্বামী অভাগানন্দ চৈয়দ আব্দুল মালিক
- সীমা দত্ত নৱকান্ত বৰুৱা
- ৰেৱতী মোহন দত্তচৌধুৰী ৰেৱতী মোহন দত্তচৌধুৰী
- সঞ্জয় ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- সত্যপ্ৰিয় পাঠক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
- সৌৰভ কুমাৰ চলিহা সুৰেন্দ্ৰনাথ মেধি
- শান্তনু তামূলী শান্তনু তামূলী
- সোণাৰাম চান্দ’ হেমচন্দ্ৰ বৰুৱা
- সদানন্দ লম্বোদৰ বৰা
- শ্ৰী হৰ্ষ আনন্দ চন্দ্ৰ আগৰৱালা
উপাধি
- অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য
- অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী১
- অতিন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱী১
- অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা
- বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা
- বনকোঁৱৰ আনন্দি ৰাম দাস
- বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰা
- বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী
- বাগ্মীবৰ নীলমণি ফুকন (জ্যেষ্ঠ)
- বিহগী কবি ৰঘুনাথ চৌধাৰী
- ভাঙণি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা
- ধ্বণি কবি বিনন্দচন্দ্ৰ বৰুৱা
- গীতি কবি পাৰ্ৱতি প্ৰসাদ বৰুৱা
- জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকা
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
- কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন
- লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা
- নটসূৰ্য ফণী শৰ্মা
- নিজৰা কবি শৈলধৰ ৰাজখোৱা
- নাট্য প্ৰভাকৰ সত্য প্ৰসাদ বৰুৱা
- পাপৰি কবি গণেশ গগৈ
- প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা
- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
- শেৱালি কবি ৰত্নকান্ত বৰকাকতী
- সাহিত্য ৰন্ত চন্দ্ৰধৰ বৰুৱা
- শোণিত কোৱঁৰ গজেন বৰুৱা
- উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ
বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধি
বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া হ'ল।২
| ক্ৰম | ব্যক্তিৰ নাম | উপাধি/উপাধিসমূহ |
|---|---|---|
| ১ | শংকৰদেৱ | মহাপুৰুষ, জগতগুৰু |
| ২ | শ্ৰীশ্ৰী মাধৱদেৱ | বঢ়াৰ পো |
| ৩ | জ্যোতিপ্ৰসাদ আগৰৱালা | ৰূপকোঁৱৰ |
| ৪ | বিষ্ণুপ্ৰসাদ ৰাভা | কলাগুৰু |
| ৫ | অম্বিকাগিৰী ৰায়চৌধুৰী | অসম কেশৰী |
| ৬ | তৰুণ ৰাম ফুকন | দেশভক্ত |
| ৭ | ব্ৰজনাথ শৰ্মা | অভিনয়াচাৰ্য |
| ৮ | নলিনীবালা দেৱী | অতীন্দ্ৰিয়বাদী কবি |
| ৯ | লক্ষ্মীনাথ বেজবৰুৱা | সাহিত্যৰথী, ৰসৰাজ |
| ১০ | ৰজনীকান্ত বৰদলৈ | উপন্যাস সম্ৰাট |
| ১১ | কমলাকান্ত ভট্টাচাৰ্য্য | অগ্নিকবি |
| ১২ | অম্বেশ্বৰ চেতিয়া ফুকন | কবিতা কোঁৱৰ |
| ১৩ | নবীনচন্দ্ৰ বৰদলৈ | কৰ্মবীৰ |
| ১৪ | বিক্ৰম সিং য়েইন | গণ শিল্পী |
| ১৫ | পাৰ্ৱতি প্ৰসাদ বৰুৱা | গীতিকবি |
| ১৬ | দেৱেশ্বৰ শৰ্মা | জননায়ক |
| ১৭ | মফিজুদ্দিন আহমদ হাজৰিকা | জ্ঞান মালিনীৰ কবি |
| ১৮ | হেমচন্দ্ৰ বৰুৱা | ত্যাগবীৰ |
| ১৯ | লক্ষ্মীধৰ শৰ্মা | দেশপ্ৰাণ |
| ২০ | বিনন্দ চন্দ্ৰ বৰুৱা | ধ্বনি কবি |
| ২১ | ফণী শৰ্মা | নটসূৰ্য |
| ২২ | সত্য প্ৰসাদ বৰুৱা | নাট্য প্ৰভাকৰ |
| ২৩ | শৈলধৰ ৰাজখোৱা | নিজৰাৰ কবি |
| ২৪ | গণেশ গগৈ | পাপৰিৰ কবি |
| ২৫ | চন্দ্ৰকুমাৰ আগৰৱালা | প্ৰতিমাৰ খনিকৰ |
| ২৬ | হীৰেন ভট্টাচাৰ্য | প্ৰেম আৰু ৰ'দালিৰ কবি |
| ২৭ | আনন্দ চন্দ্ৰ বৰুৱা | বকুল বনৰ কবি |
| ২৮ | ৰঘুনাথ চৌধাৰী | বিহগী কবি |
| ২৯ | যতীন্দ্ৰ নাথ দুৱৰা | বনফুলৰ কবি |
| ৩০ | আনন্দিৰাম দাস | বনকোঁৱৰ |
| ৩১ | প্ৰসন্নলাল চৌধুৰী | বিদ্ৰোহী কবি |
| ৩২ | নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) | বাগ্মীবৰ, ককা |
| ৩৩ | কনকলতা বৰুৱা | বীৰবালা |
| ৩৪ | আনন্দ চন্দ্ৰ আগৰৱালা | ভাঙনি কোঁৱৰ |
| ৩৫ | ৰুদ্ৰ বৰুৱা | লুইত কোঁৱৰ |
| ৩৬ | অমিয় কুমাৰ দাস | লোকনায়ক |
| ৩৭ | মতিৰাম বৰা | লোকপ্ৰাণ |
| ৩৮ | গোপীনাথ বৰদলৈ | লোকপ্ৰিয় |
| ৩৯ | ডা: ভুৱনেশ্বৰ বৰুৱা | লোকবন্ধু |
| ৪০ | ৰত্নকান্ত বৰকটকী | শেৱালি কবি |
| ৪১ | গজেন বৰুৱা | শোণিত কোঁৱৰ |
| ৪২ | লক্ষ্মীৰাম বৰুৱা | সংগীতাচাৰ্য |
| ৪৩ | চন্দ্ৰধৰ বৰুৱা | সাহিত্য ৰত্ন |
| ৪৪ | ভীমবৰ দেউৰী | জননেতা |
লগতে চাওক
- অসমীয়া কবিতা
- অসমীয়া সাহিত্য
- অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা
- অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা
তথ্যসূত্ৰ
- ↑ Assam General Knowledge. Bright Publications. পৃ. 22–. ISBN 978-81-7199-451-9
- ↑ "নতুন জানানে" - শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (জ্যোতি প্ৰকাশন) পৃষ্ঠা নং ১০৫-১০৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৮৫৪৯ (১৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।