মহেন্দ্ৰনাথ ডেকা ফুকন অসমৰ এগৰাকী শিল্পী, কবি আৰু সাংবাদিক হিচাপে পৰিচিত।
জন্ম ঃ ১৯০৩ চনত গুৱাহাটীত।
পিতৃ ঃ লক্ষ্মীনাথ ফুকন
ছদ্মনাম ঃ মনাই বৈৰাগী ( নিজে মহেন্দ্ৰ নাথ মৈ হেংদাং ডেকা ফুকন বুলি লিখিছিল)
দাম্পত্য সংগী - মিছ ক্লেৰিছ (পাছলৈ জ্যোতিৰ্ময়ী দেৱী নাম গ্ৰহণ কৰে)
মৃত্যু ঃ ১৯৭৩
শিক্ষা
কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন কলেজত নামভৰ্তি কৰে যদিও পঢ়া আধাতে এৰে।
কৰ্মজীৱন
পঢ়া সমাপ্ত নকৰাকৈ তেওঁ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি ফুৰোঁতে তেওঁ ৰেংগুনত উপস্থিত হয় আৰু তাতেই ‘ৰেংগুন মেইল’ কাকতখনৰ সহকাৰী সম্পাদক হয়। তাত থাকোঁতেই তেওঁৰ সৈতে লণ্ডন আৰ্ট কোম্পানীৰ সম্পৰ্ক হয়। তেতিয়াই তেওঁ কেইবাখনো পৰীক্ষামূলক চিনেমা নিৰ্মাণ কৰে। তাৰ পাছত তেওঁ কলিকতালৈ আহি ‘আচাম বংগল প্ৰেছ’ৰ মেনেজাৰ হয়। কটন কলেজ (বৰ্তমান কটন বিশ্ববিদ্যালয়)-ৰ প্ৰতীক চিহ্নটো তেওঁ অংকন কৰিছিল। তেওঁ অসমৰ বিভিন্ন সাহিত্যিক-সামাজিক-সাংস্কৃতিক কাম-কাজৰ লগত জড়িত আছিল। তেওঁৰ কবিতাসমূহ ‘অস্থিব্ৰজ আৰু অন্যান্য কবিতা’ নামেৰে নগাঁও সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছে। মহেন্দ্ৰ নাথ ডেকা ফুকনৰ নামত কটন কলেজত এটি ছাত্ৰাবাসৰ নামকৰণ কৰা আছে।
তথ্য সংগ্ৰহ
nilacharai.com/moihengdan-dekaphukanar-charitra/
ৰংমন (শিশু আলোচনী) Vol. 10, Issue 8, জানুৱাৰী, ২০২০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেন্দ্ৰনাথ ডেকা ফুকন” প্ৰবন্ধৰ সংশোধন ৪২১০৫৬ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।