ভুৱন মোহন বৰুৱা (Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।১
চমু জীৱনী
১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা।২ তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়।৩
বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি(Film Finance Board)ৰ এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।৪
তেখেত অবিবাহিত আছিল, পৰিয়ালত দুজন ভাই ককাই আৰু দুগৰাকী ভগ্নী আছিল।৪
অসম চৰকাৰে তেখেতৰ কৰ্মৰ প্ৰতি সন্মান জনাই শিল্পী পেঞ্চন আগবঢ়াইছিল।৪
১৯৯৮ চনৰ ১০ মে’ত তেখেতে শ্বিলঙত দেহত্যাগ কৰে।৪
সাহিত্য কৰ্ম
বৰুৱাৰ প্ৰথম উপন্যাস অসীমত যাৰ হেৰাল সীমা। এইখন এখন 'বেষ্ট চেলাৰ' অসমীয়া উপন্যাস। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেখেতে উপন্যাসখন ৰচনা কৰিছিল। ডিগবৈত এখন বিশেষ ইংৰাজী চিনেমা উপভোগ কৰাৰ পিছতে তেখেতৰ মনলৈ এই উপন্যাস ৰচনা কৰাৰ কথা মনলৈ আহিছিল।৩ তেখেতে মুঠ ২০ খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্পৰ ৰচক আছিল। ইয়াৰে কিছুমান হৈছে:১
- অসীমত যাৰ হেৰাল সীমা (১৯৪৫)৫৬
- অশান্ত প্ৰহৰ
- পুৱতি তৰা
- মৃত বিহংগ
- জয়া মহল
- উৰ্মিলাৰ চকুলো
- গ্ৰহণান্ত
- মৃগতৃষ্ণা (গল্প সংকলন)
- সুবৰ্ণ বলয়
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ enajori.com. Authors. enajori.com
- ↑ শিৱনাথ বৰ্মন. কাঞ্চন বৰুৱা. বনলতা. পৃ. ৩৭
- ↑ Biswajit Baruah. (2017). সাহিত্যিক কাঞ্চন বৰুৱাক কেনেদৰে পাইছিলো. Prantik. পৃ. 35, 36
- ↑ ASSAMESE WRITER KANCHAN BARUA DEAD, দ্য আছাম ট্ৰিবিউন, 11 May 1998, Retrieved 2013-05-23
- ↑ Context of Novels. শব্দ (অভিধান)
- ↑ (2012-10-31). Assamese Book Database (First List). enajori.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূৱন মোহন বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪২০৮৮০ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।