অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আনন্দিৰাম দাস

আনন্দিৰাম দাস (Anandiram Das; জন্ম: ২ অক্টোবৰ, ১৯০৯ -মৃত্যু: ৪ আগষ্ট, ১৯৬৯ ) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত প্ৰায় এহেজাৰ গীত ৰচনা কৰিছে। পুৰুষোত্তম দাসে লিখিছে যে, “অসমীয়া গীত ৰচকসকলৰ ভিতৰত দাসেই বোধকৰোঁ আটাইতকৈ সৰহ সংখ্যক গীত লিখিছে।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আনন্দিৰাম দাস (Anandiram Das; জন্ম: ২ অক্টোবৰ, ১৯০৯ -মৃত্যু: ৪ আগষ্ট, ১৯৬৯ ) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত প্ৰায় এহেজাৰ গীত ৰচনা কৰিছে।১২ পুৰুষোত্তম দাসে লিখিছে যে, “অসমীয়া গীত ৰচকসকলৰ ভিতৰত দাসেই বোধকৰোঁ আটাইতকৈ সৰহ সংখ্যক গীত লিখিছে। ”২ তেওঁৰ দুখন গীতৰ সংকলন বিৰহী আৰু সুৰ-নিজৰা ক্ৰমে ১৯৩৭ আৰু ১৯৩৯ চনত প্ৰকাশ পাইছিল।৩৪ ত্ৰিছ আৰু চল্লিশৰ দশকত আনন্দিৰাম দাসে ৰচনা কৰা আৰু সুৰ কৰা গীত সমূহ চাৰু বৰদলৈ, অনুকূল নাথ, তাৰিণী বৰুৱা, বলোৰাম দাস, নিৰ্মলেন্দু মজুমদাৰ, ভূপেন হাজৰিকা আদি শিল্পীৰ কণ্ঠত জনপ্ৰিয় হৈ উঠিছিল। দাসে কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ বাবে গীত ৰচিছিল।২

বনগীত ৰচনা কৰা বাবে তেওঁক বনকোঁৱৰ আখ্যা দিয়া হৈছিল।৫

সংক্ষিপ্ত জীৱনী

১৯০৯ চনৰ ২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ খাৰঘূলিত আনন্দিৰাম দাসৰ জন্ম হয়। পিতৃ খেলাইৰামৰ পৰা তেওঁ সংগীতৰ শিক্ষা লৈছিল। সৰুতেই পিতৃ বিয়োগ হোৱাত পেটৰ তাড়নাত তেওঁ কম্পোজিটৰ কামত সোমায়।৬ বনগীত গাই আনন্দিৰাম দাসে প্ৰসিদ্ধি লভিছিল। নিজে গীত গোৱাৰ উপৰিও তেওঁ বহু সংখ্যক গীত লিখিছিল। দাসক বনগীতৰ স্ৰষ্টা বুলি কোৱা হৈছিল। ত্ৰিশৰ দশকত অসমীয়া গীতি সাহিত্যক চহকী কৰাত দাসৰ যথেষ্ট অৱদান আছিল। সেইসময়ৰ অসমীয়া সমাজক বঙালী গীত আৰু সংগীতৰ প্ৰভাৱৰ পৰা মুক্ত কৰি থলুৱা অসমীয়া গীতৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰাত আনন্দিৰাম দাসৰ গীতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।২

বিভিন্ন ঠাইত গ্ৰামোফ’নত সহজে গান বজোৱা দেখি, দাসে গ্ৰামোফ’নৰ জৰিয়তে গীতৰ জনপ্ৰিয়তা সৃষ্টি কৰিবলৈ তেওঁৰ চাৰিটা গান ৰেকৰ্ড কৰিবলৈ গৈছিল। যদিও নতুন প্ৰযুক্তিটো কেৱল কলিকতাত কাৰ্যকৰী আছিল, চাহিদা অনুসৰি সুলভ শ্বেলাক ৰেকৰ্ডৰ প্ৰতিলিপিবোৰ দ্ৰুততাৰে বিতৰণ কৰা হৈছিল। ইয়াৰ ফলত সংগীতৰ প্ৰসাৰত বিপ্লৱ ঘটিছিল, আৰু ই আনন্দিৰাম দাসক উদীয়মান অসমীয়া ল'ৰা আৰু ছোৱালীসকলক প্ৰশিক্ষণ দিয়া আৰু তেওঁৰ ৰচনাসমূহ ৰেকৰ্ড কৰিবলৈ কলিকতালৈ লৈ যোৱাৰ অভিযান আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ উপৰি, ১৯৪৬ চনৰ পৰা তেওঁ তেওঁৰ শিক্ষাৰ্থীসকলক অল ইণ্ডিয়া ৰেডিঅ', কলিকতা আৰু ১৯৪৮ চনৰ পৰা এ আই আৰৰ শ্বিলং-গুৱাহাটী ষ্টেচনত গান গোৱাবলৈ আৰম্ভ কৰিছিল আৰু অসমীয়া গীতৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিছিল। ৭

তেওঁ অসমীয়া চলচ্চিত্ৰ ‘বদন বৰফুকন’, ‘পাৰঘাট’, ‘লাচিত বৰফুকন’, ‘ভক্ত প্ৰহ্লাদ’ আদিৰ বাবে গীত লিখিছিল। ‘বিৰহী’ আৰু ‘সুৰ নিজৰা’ দাসৰ প্ৰকাশিত গীতৰ সংকলন। তেওঁ ‘নন্দন’ আৰু ‘ৰক্তাঞ্জলি’ নামৰ আন দুখন গীতৰ পুথি লিখিছিল যদিও এই দুখনে ছপা আখৰৰ মুখ নেদেখিলে। ‘মোহন মালতি’ আনন্দিৰাম দাস বিৰচিত একমাত্ৰ নাটক। দাসক ১৯৩৭ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত শ্ৰেষ্ঠ গায়কৰূপে নিৰ্বাচন কৰা হৈছিল। ১৯৫৪ চনত গুৱাহাটীত অনুষ্ঠিত ‘ভাৰতীয় গণনাট্য সন্মিলন’ৰ বাৰ্ষিক অধিৱেশনত দাসে সাংস্কৃতিক বিভাগৰ সভাপতিত্ব কৰিছিল। তেওঁ কিছুকাল গণনাট্য সংঘৰ অসম শাখাৰ উপ-সভাপতিও আছিল। গুৱাহাটীৰ ‘প্ৰগতি শিল্পী সংঘ’ই তেওঁক ১৯৫৯১ ‘বন কোঁৱৰ’ আৰু ‘নিউ আৰ্ট প্লেয়াৰ্চে’ ‘বন গীতৰ ওজা'’ উপাধি প্ৰদান কৰিছিল। ৩২

১৯৬৯ চনৰ ৪ আগষ্টত আনন্দিৰাম দাসৰ মৃত্যু হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (ডিচেম্বৰ, ২০২২). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৫৮. ISBN 978-93-81485-82-8
  2. ↑ সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰণ্য ১০০. কথা. পৃ. ২৭৮. ISBN 81-89148-14-1
  3. ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃ. ২৫
  4. ↑ ভাগৱতী, কমল কুমাৰ. (২০২৪). আনন্দিৰাম দাস, বনগীতৰ সুৰে সুৰে. অসমীয়া প্ৰতিদিন
  5. ↑ কিশোৰী মোহন পাঠক. (১৯৮৩). বনকোঁৱৰ. শৰ্মা প্ৰিণ্টাৰ্ছ এণ্ড এণ্টাৰপ্ৰাইজ
  6. ↑ DR AMIYA MOHAN DAS. (4 Aug 2021). Bonkonwar! revitalised music in early 20th-century Assam. The Assam Tribune
  7. ↑ DR AMIYA MOHAN DAS. (4 Aug 2021). Bonkonwar! revitalised music in early 20th-century Assam. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দিৰাম দাস” প্ৰবন্ধৰ সংশোধন ৪২৭৯৯৪ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।