চন্দ্ৰধৰ বৰুৱা (Chandradhar Baruah) (১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ ৷১ ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটত জন্ম ৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান ৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি২৷ ১৯২৬ চনত 'অসম সাহিত্য সভা পত্ৰিকা'ৰ প্ৰতিষ্ঠাপক সম্পাদক ৷ ১৯২৯ চনত 'সাহিত্য ৰত্ন' উপাধি লাভ কৰিছিল৩৷
জন্ম আৰু শিক্ষা
চন্দ্ৰধৰ বৰুৱাৰ ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটৰ ভুধৰ আগমাচৰ্যৰ বংশত জন্ম হৈছিল। পিতৃ দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী।১ যোৰহাটৰ পৰা বৰুৱাই তেওঁৰ শিক্ষা জীৱনৰ পাতনি মেলি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পাছত ১৮৯২ চনত এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতালৈ যায়। তাত মেট্ৰ’পলিটান ইনষ্টিটিউচনৰপৰা এফ এ পাছ কৰি চেইণ্ট জেভিয়াৰ্ছ কলেজত নাম লগায়। কিন্তু পিতৃ বিয়োগৰ বাবে স্নাতক ডিগ্ৰী নোলোৱাকৈয়ে যোৰহাটলৈ উভতি আহে। ১৯০০ চনত আইনৰ পৰীক্ষা পাছ কৰি ওকালতি আৰম্ভ কৰে।১ তেওঁ জগন্নাথ বৰুৱাৰ ছোৱালীক বিয়া কৰাইছিল।৩
কৰ্মজীৱন
কলিকতাৰ পৰা আহি তেওঁ যোৰহাটতে ওকালতি আৰম্ভ কৰিছিল যদিও ওকালতি সামৰি শহুৰেকৰ সৈতে চাহ ব্যৱসায় কৰে। ১৯২০ চনত অসম ব্যৱস্থাপক সভাৰ আৰু ১৯২৮ চনত দিল্লীৰ কাউন্সিল অব্ ষ্টেটচ্ৰ সভ্য নিৰ্বাচিত হয়।১ ১৯৩০ চনত ভাৰতৰ স্বাধীনতা সম্পৰ্কত আলোচনা কৰিবলৈ অসমৰ প্ৰতিনিধি হিচাপে ইংলেণ্ডলৈ ৰাওনা হয় আৰু ইংলেণ্ডত অনুষ্ঠিত হোৱা ঘুৰণীয়া মেজমেলত যোগদান কৰে৩১। ১৯১৮ চনত তেওঁ অসম সাহিত্য সভাৰ দ্বিতীয় গোৱালপাৰা অধিৱেশনত সভাপতিত্ব কৰিছিল। বৰুৱা ১৯২৬ চনৰ পৰা প্ৰকাশ হোৱা অসম সাহিত্য সভা পত্ৰিকাৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯২৯ চনত কামৰূপ সঞ্জীৱনী সভাই তেওঁক বিশেষ সাহিত্য প্ৰতিভাৰ বাবে সাহিত্য ৰত্ন উপাধি প্ৰদান কৰে,১ স্বৰ্গীয় লক্ষীনাৰায়ণ চট্টোপাধ্যায়ৰ সভাপতিত্বত কটন বিশ্ববিদ্যালয়ত বহা অধিৱেশনত। তেওঁ গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰচলিত খণ্ডবাক্য, ভত্সিতা আৰু যোজনা গোটাই ৰত্নকোষ নাম দি এটা সংকলনৰ কাম কৰিছিল। কিন্তু দুৰ্ভাগ্য তেওঁ জীৱিত অৱস্থাত ইয়াৰ প্ৰকাশিত ৰূপটো দেখা নাপালে, ১৯৬২ চনত ৰত্নকোষ প্ৰকাশ কৰা হয় সংকলনটোৰ মুঠ ৩৩০০ বচনৰ যোগেদি। এই সংকলনটো প্ৰস্তুত কৰিবলৈ তেওঁক প্ৰায় ২০ বছৰ সময় লাগিছিল। তেখেতৰ কামৰূপ জীয়াৰী আৰু বিদ্যুদ্বিকাশ নামৰ দুখন দীঘলীয়া বৰ্ণনাত্মক কাব্য ‘আৱাহন’ কাকতত প্ৰকাশ হৈছিল। প্ৰথম খনত সতী বেউলাৰ কাহিনী আৰু দ্বিতীয় খনত বৃত্ৰাসুৰ বধৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। চন্দ্ৰধৰ বৰুৱাৰ ১৯৬১ চনত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে৩।
নাট সংকলন
- মেঘনাদ বধ নাট (১৯০৪),
- ভাগ্য পৰীক্ষা (১৯১৫),
- তিলোত্তমা সম্ভৱ (১৯২৪),
- ৰাজৰ্ষি (১৯৩৭),
- পুনৰ্জন্ম,
- মোগল বিজয়,
- আহোম সন্ধ্যা৩
- ৰত্নকোষ (খণ্ডবাক্য কোষ, ১৯৬২),
- মুক্তাৱলী (অনুবাদ)
কাব্য সংকলন
- ৰঞ্জন (ধেমেলীয়া কবিতা পুথি, ১৯২৭)
- কামৰূপ জীয়াৰী,
- বিদ্যুদ্বিকাশ৩
উপন্যাস
- শান্তি
পুৰস্কাৰ আৰু সন্মান
সাহিত্য ৰত্ন উপাধি, (১৯২৯)
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন. (১৯৯২). অসমীয়া জীৱনী অভিধান. চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড. পৃ. ৮৭-৮৮
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা,পানবজাৰ. পৃ. ১৯, ২০, ২১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰধৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪১১১৬২ (১২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।