অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহিম বৰা

মহিম বৰা (Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৫৯ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মহিম বৰা (Mahim Bora) (১৯২৪ - ২০১৬) অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়১।

জন্ম আৰু শিক্ষা

মহিম বৰাৰ ১৯২৪ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাৰ কলিয়াবৰ মহকুমা অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।২৩

কৰ্মজীৱন

মহিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকতাকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি আকাশবাণী গুৱাহাটীৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচল প্ৰদেশৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।২৩

গ্ৰন্থপঞ্জী

গল্প সংকলন

  • কাঠনিবাৰী ঘাট (১৯৬১)
  • দেহা গৰকা প্ৰেম (১৯৬৭)
  • ম‍ই, পিপলী আৰু পূজা (১৯৬৭)
  • বহুভুজী ত্ৰিভুজ (১৯৬৭)
  • এখন নদীৰ মৃত্যু (১৯৭২)
  • ৰাতি ফুলা ফুল (১৯৭৭)
  • বৰযাত্ৰী (১৯৮০)
  • মোৰ প্ৰিয় গল্প (১৯৮৭)
  • গল্প সমগ্ৰ মহিম বৰা (১৯৯৩)

প্ৰবন্ধ সংকলন

  • চিন্তা বিচিত্ৰা (১৯৭৫)
  • সাহিত্য বিচাৰ (১৯৮৯)

উপন্যাস

  • হেৰোৱা দিগন্তৰ মায়া (১৯৭৩)৩
  • পুতলা ঘৰ (১৯৭৩)
  • এধানি মাহীৰ হাঁহি (১৯৯৭)
  • বন্দুলি ফুলৰ ৰং (২০০৭)

শিশু সাহিত্য

  • বত্ৰিশ পুতলাৰ সাধু (১৯৭৬),
  • তেজীমলা আৰু চিণ্ডেৰেলা (২০০১)

অনুবাদ গ্ৰন্থ

  • ৰাজা ৰামমোহন ৰায় (১৯৮৯)

সম্পাদিত গ্ৰন্থ

  • শ্ৰীশ্ৰী শংকৰদেৱৰ নাট্যাৱলী (১৯৮৯)

কবিতা পুথি

  • ৰঙা জিঞা (১৯৭৮)
  • জোনমণিৰ হাঁহি

ৰেডিঅ' নাট

  • লাৰু গোপালৰ প্ৰেম
  • লাৰু গোপালৰ বিবাহ
  • লাৰু গোপালৰ ঘৰ-সংসাৰ
  • পদুম কুঁৱৰী (১৯৫১)
  • নিৰ্মল ভকত( ১৯৫১)
  • পঞ্চস্বৰ
  • গৰখীয়া ভীম (১৯৫১)
  • তিনিৰ তিনি গ'ল
  • পাখিলগা দিন (১৯৮৯)

অন্যান্য

  • এই নদীৰ সোঁতে (১৯৭৫)
  • মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা (১৯৬৭)

বঁটা-সন্মান

মৃত্যু

৩ আগষ্ট ২০১৬ তাৰিখে আবেলি নগাঁও চহৰত থকা নিজা বাসভৱনত মহিম বৰা হৃদৰোগত আক্ৰান্ত হয়। প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ অৰ্থে পিছদিনাখন গুৱাহাটীৰ জি.এন.আৰ.চি হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। এইখন হাস্পাতালতে চিকিৎসাধীন অৱস্থাত ৫ আগষ্টত পুৱা ৯-৫০ বজাত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ।৩

তথ্যসূত্ৰ

  1. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃ. ১৬০, ১৬১
  3. ↑ কাঠনিবাৰী ঘাট এৰি চিৰদিনলৈ গ'লগৈ মহিম বৰা. অসমীয়া প্ৰতিদিন. পৃ. ১, ১৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদঅসম সাহিত্য সভাৰ সভাপতিঅসম উপত্যকা সাহিত্য বঁটা বিজয়ীঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিম বৰা” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৩৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।