অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰত্নকান্ত বৰকাকতী

ৰত্নকান্ত বৰকাকতী (Ratnakanta Borkakati) অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি “শেৱালি’’ৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল৷

হালনাগাদ: ১০ অক্টোবৰ ২০২৩ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰত্নকান্ত বৰকাকতী (Ratnakanta Borkakati) অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি “শেৱালি’’ৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল৷১

জন্ম

১৮৯৭ চনৰ ২০ জুন তাৰিখে নগাঁও জিলাৰ ধিং মৌজাৰ আঠগাঁৱত ৰত্নকান্ত বৰকাকতীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ভূধৰ বৰকাকতী আছিল।২

শিক্ষা

ৰত্নকান্ত বৰকাকতীয়ে ধিঙৰ প্ৰাথমিক বিদ্যালয়ত বুনিয়াদী শিক্ষা গ্ৰহণ কৰি নগাঁৱৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু তাৰপৰাই ১৯১৫ চনত প্ৰৱেশিকা পাছ কৰে৷ তাৰপিছত তেওঁ কটন বিশ্ববিদ্যালয়ত নাম লগাই পিছত কলিকতাৰ “ৰিপন কলেজ’’লৈ পঢ়িবলৈ যায়৷ কিন্তু ঘৰুৱা দুৰ্যোগৰ বাবে পঢ়া আধৰুৱাকৈ এৰি ১৯১৭ চনত অসমলৈ উভতি আহে৷ পিছত এবাৰ কলিকতাৰ সংস্কৃত কলেজত নাম ভৰ্তি কৰিছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে উভতি আহিবলগীয়া হয়৷ পিছত তেওঁ “হুগলী কলেজ’’তো নাম ভৰ্তি কৰিছিলগৈ৷ কিন্তু ভাৰতৰ অসহযোগ আন্দোলনৰ বাবে পঢ়া এৰি তেওঁ আন্দোলনত নামি পৰে৷২

কৰ্মজীৱন

১৯১৭ চনত কলিকতাৰ পৰা প্ৰথমবাৰ উভতি আহি নলবাৰী হাইস্কুলত শিক্ষক হিচাপে যোগ দিয়ে৷ তাৰপিছত দ্বিতীয়বাৰ পঢ়িবলৈ কলিতালৈ গৈ উভতি আহি, ধিং মৌজাৰ এক্টিং মৌজাদাৰৰূপে তিনিবছৰমান(১৯২৪-১৯২৭) কাম কৰি পিছত কৃষি কাৰ্যত মনোনিৱেশ কৰে৷ ১৯৩৩ চনৰ পৰা মৌজাদাৰী পাই সেই কামতে জীৱনৰ শেষ সময়লৈ থাকে৷২

মৃত্যু

১৯৬৩ চনত ৰত্নকান্ত বৰকাকতীৰ মৃত্যু হয়।২

সাহিত্যকৃতি

অতি কম বয়সতে সাহিত্য চৰ্চাত ব্ৰতীহোৱা বৰকাকতীয়ে সাহিত্যিক জীৱন আৰম্ভ কৰে "উষা" আলোচনীৰ জৰিয়তে। ইয়াৰ উপৰিও বাঁহী আৰু চেতনা আলোচনীতো তেখেতৰ গীতিকবিতা প্ৰকাশ হয়। সাহিত্যাচাৰ্য্য যজ্ঞেশ্বৰ শৰ্মাই বৰকাকতীৰ কবিতাক পাঁচটা ভাগত ভগাইছে (১) প্ৰেম আৰু ভালপোৱা (২)কবি আৰু কাব্য সমন্ধীয় (৩)শোকৰ কবিতা (৪) পৌৰাণিক আৰু ঐতিহাসিক (৫)জীৱন সমন্ধীয় কবিতা৩

সাহিত্য সমালোচক হিচাপেও তেওঁ অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই গৈছে৷ বেজবৰুৱাৰ ডালিমী চৰিত্ৰ তেখেতৰ উল্লেখযোগ্য সমালোচনাত্মক লেখা।

প্ৰকাশিত গ্ৰন্থৰাজী

  • শেৱালি (১৯৩২) (কবিতা পুথি)
  • তৰ্পণ (১৯৫৩) (কবিতা পুথি)
  • চন্দ্ৰহাৰ (১৯৬৩) (কবিতা পুথি)
  • অন্যান্য- আলাপ (১৯১৯)
  • হিন্দু স্বৰাজ, (১৯২৩)
  • Our Script Question (১৯৫৩)
  • অলকা আৰু চিত্ৰলেখা নামৰ দুখন নাটক৷
  • ৰুবায়েতৰ ৫০টামান অসমীয়া ভাঙনি৷২
  • লিপি প্ৰশ্ন (১৯৫৬) ৪

স্বীকৃতি আৰু সন্মান

১৯৬৩ চনৰ নাজিৰা অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি১।

গ্ৰন্থ সংযোগ

  • সঞ্চয়ন (ড॰ মহেশ্বৰ নেওগ, পৃষ্ঠা ৪৩৯)
  • অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, পৃষ্ঠা ৩১৮)
  • কবি আৰু কবিতা (ড॰ নন্দ তালুকদাৰ, পৃষ্ঠা ২৩৭)

তথ্যসূত্ৰ

  1. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. ↑ বৰ্মন, শিৱনাথ. (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ২১০. ISBN 978-81-7339-428-7
  3. ↑ "বৰেণ্য, নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী, ২০১২
  4. ↑ চেতিয়া, উমেশ. (২০১৬). সাহিত্যৰত্ন:এশ একুৰি সাহিত্যিকৰ জীৱনী. কিৰণ প্ৰকাশন. পৃ. ১৫০

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসম সাহিত্য সভাৰ সভাপতিঅসমীয়া কবিঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্নকান্ত বৰকাকতী” প্ৰবন্ধৰ সংশোধন ৩৮৬৯০৪ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।