অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শৈলধৰ ৰাজখোৱা

শৈলধৰ ৰাজখোৱা (Sailadhar Rajkhowa) অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ আছিল। স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে কবিতা লিখাৰ অভ্যাস কৰিছিল। তেখেতে আলোচনী উষা, বাঁহী আদিত অনেক কবিতা ৰচনা কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শৈলধৰ ৰাজখোৱা (Sailadhar Rajkhowa) অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ আছিল। স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে কবিতা লিখাৰ অভ্যাস কৰিছিল। তেখেতে আলোচনী উষা, বাঁহী আদিত অনেক কবিতা ৰচনা কৰিছিল।

জন্ম আৰু বংশ পৰিচয়

শৈলধৰ ৰাজখোৱাৰ জন্ম হৈছিল ১৮৯২ চনত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত। তেখেতৰ পিতৃৰ নাম চন্দ্ৰধৰ ৰাজখোৱা।১

শিক্ষা

  • তেওঁ ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰিছিল।
  • ১৯১৪ চনত কটন কলেজৰ পৰা বি.এ উপাধি লাভ কৰিছিল।২

চাকৰি জীৱন

  • ১৯১৭ চনত ডিব্ৰুগড় হাইস্কুলৰ শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
  • ১৯১৯ চনত মাটিৰ হাকিমৰ চাকৰি কৰি শিৱসাগৰ,বৰপেটা,তেজপুৰ,ধুবুৰী আদিত কাম কৰি ১৯৪৭ চনত ই.এছ.চি হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়।৩

সাহিত্যৰাজি

কবিতাপুথি

  • নিজৰা(১৯৩৫)৪
  • উদগনি (১৯৯০)

নাটক

  • বিদ্যাৱতী(১৯১৮)
  • অসম গৌৰৱ(১৯৫৩)৫

মৃত্যু

  • ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ১৭তাৰিখে মৃত্যু হৈছিল।৬

তথ্যসূত্ৰ

  1. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  2. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  3. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন,তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  4. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা:মহেশ্বৰ নেওগ,পঞ্চদশ তাঙৰণ:২০১৮ পৃষ্ঠা নং ২৭০
  5. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন,তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  6. ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈলধৰ ৰাজখোৱা” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৬৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।