অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনন্দ চন্দ্ৰ বৰুৱা

বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিনন্দ চন্দ্ৰ বৰুৱা (১৯০১ - ১৯৯৪) এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত 'ধ্বনি-কবি' হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। 'শংখধ্বনি', 'প্ৰতিধ্বনি', আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।১

জন্ম

১৯০১ চনত যোৰহাটত টীয়কত বিনন্দচন্দ্ৰ বৰুৱাৰ জন্ম হয়৷

শিক্ষা

১৯২১ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে৷ তাৰ পাছত ১৯২৫ চনত কলিকতাত সমান্তৰালভাৱে স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ যায় যদিও অসমাপ্তভাৱেই পঢ়া শেষ কৰিব লগাত পৰে৷২

কৰ্মজীৱন

সৰুৰে পৰা সমাজ আৰু সাহিত্য-সংস্কৃতিৰ লগত জড়িত হৈ থকা বিনন্দ চন্দ্ৰ বৰুৱাই চৰকাৰী চাকিৰ প্ৰত্যাখ্যান কৰি ১৯২৯ চনত জাঁজী উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৭ চনত সেই বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ লয়৷২ তেওঁ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলন (১৯২৭-২৮) ৰ সম্পাদক আছিল ৷ সেইদৰে বিনন্দ চন্দ্ৰ বৰুৱা ১৯৫৮-৫৯ চনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল৷ উপ-সভাপতি হিচাপেও চাৰিটা বছৰ কাৰ্যকাল জড়িত হৈ থকাৰ পাছত ১৯৬৬ চনত তেওঁ লখিমপুৰ জিলাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰে৷ ১৯৮৮ চনত তেওঁ অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে।২

সাহিত্যৰাজি

কবিতা পুথি

  1. শংখধ্বনি (১৯২৫)
  2. প্ৰতিধ্বনি (১৯৪০)
  3. জয়ধ্বনি (১৯৭৪)
  4. শিশুধ্বনি
  5. অন্তৰধ্বনি
  6. ফুলকলি

খুহুতীয়া ৰচনা

  1. টিটি হেই
  2. বেঙেনাৰ ৰহস্য

নাটক

  1. পাৰ্থ সাৰথি
  2. শৰাইঘাট

শিশু উপযোগী গ্ৰন্থ

  1. মহাৰাজ নৰনাৰায়ণ
  2. ৰাজস্থানৰ গল্প
  3. ল’ৰাৰ বেজবৰুৱা
  4. অসম গৌৰৱ
  5. আমাৰ লক্ষ্মীনাথ

অন্যান্য

  1. ভাৰতৰ শাসন নীতি- প্ৰথম ভাগ

মৃত্যু

১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷২

তথ্যসূত্ৰ

  1. ↑ পৰিচয়জ্ঞাপক তালিকা, শৰাইঘাট অভিধান, পৰিশিষ্ট-৯, শৰাইঘাট প্ৰকাশন, দ্বিতীয় মুদ্ৰণ: নৱেম্বৰ ২০১১, পৃ: ১২২১
  2. ↑ সম্পাদনা-শোণিত বিজয় দাস, মুনিন বায়ন. (2006, ডিচেম্বৰ). পৃষ্ঠা-২৩৭,=কথা বৰেণ্য

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসম সাহিত্য সভাৰ সভাপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনন্দ চন্দ্ৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮২৯ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।