নীলমণি ফুকন (Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) ১ হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।
জন্ম
১৮৮০ জুন মাহ ডিব্ৰুগড়। পিতৃ লম্বোদৰ ফুকন। মাতৃ চন্দ্ৰাৱলী। শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এণ্ট্ৰেন্স (১৯০০) স্কুলিয়া শিক্ষা ডিব্ৰুগড়ত। পিতৃ লম্বোদৰ ফুকন।
শিক্ষা
কলিকতাতৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়, কলকাতা,কটন বিশ্ববিদ্যালয়ৰ পৰা এফ এ (১৯০৫)। কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ (১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা
কৰ্মজীৱন
ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬)। ন জোন(১৯৩৪),আলোচনী, অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ৰ প্ৰথম সম্পাদক।
ৰচনা
জ্যোতিকণা(১৯৩৮), সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০), জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩), আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?
সন্মান আৰু স্বীকৃতি
- অসম সাহিত্য সভাৰ শিৱসাগৰ (১৯৪৪) আৰু ডিব্ৰুগড় (১৯৪৭) অধিৱেশনৰ সভাপতি২।
- দিল্লী সাহিত্য অকাডেমিৰ জলপানী (১৯৭৩), সাহিত্য সভাৰ সহস্য মহত্তম (১৯৭২)
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি .লীট উপাধি
- নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন লাভ
মৃত্যু
১৯৭৮ চন
তথ্য সংগ্ৰহ
- অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ)
- সঞ্চয়ন
তথ্যসূত্ৰ
- ↑ Mohan B. Daryanani. (1999). Who's who on Indian stamps. Mohan B. Daryanani. ISBN 978-84-931101-0-9
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলমণি ফুকন (জ্যেষ্ঠ)” প্ৰবন্ধৰ সংশোধন ৩৯০২০৩ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।