তীৰ্থনাথ শৰ্মা (Tirtha Nath Sharma) একাধাৰে সু-সাহিত্যিক, সফল শিক্ষাবিদ আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, গল্পকাৰ,কবি, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল। শৰ্মাদেৱে প্ৰায় কুৰিখন উচ্চ প্ৰশংসিত গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰাই স্বদেশী আন্দোলনত যুক্ত শৰ্মাদেব কলিকতাৰ এ এচ এল ক্লা, গান্ধী সাহিত্য পৰিষদ, বিশ্বহিন্দু পৰিষদ আদিৰ সক্ৰিয় সদস্য আছিল। শৰ্মা দেৱে কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। তেওঁ ১৯৮৬ চনত বেণুধৰ শৰ্মা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। গান্ধীজীৰ আদৰ্শ আৰু জীৱন দৰ্শনৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল। সেয়ে ১৯২৯ চনত শৰ্মাদেৱে মহাবিদ্যালয় ত্যাগ কৰি মহাত্মাগান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত গঢ়ি উঠা আইন অমান্য আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু কাৰাবৰণো খাটিবলগীয়া হৈছিল। তীৰ্থনাথ শৰ্মা দেৱ একেৰাহে সংগীত, অভিনয়, বাদ্য-যন্ত্ৰ, ছন্দ অলংকাৰ কথা, নাট্য-সাহিত্য, দৰ্শন-নৰ্তন, শ্ৰুতি-স্মৃতি, কোষ-অভিধান নিৰুক্ত, ধৰ্ম-কৰ্ম, ভক্তি-মুক্তি, সুকুমাৰ কলা, চাৰু কাৰু কলা, ৰাজনীতি-প্ৰজানীতি-সমাজনীতি সকলোতে দক্ষ ব্যক্তি আছিল।১
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল ২৩ অক্টোবৰ ১৯১১ চনত শিৱসাগৰৰ আমগুৰি সমষ্টিৰ ভূঞাহাট পঞ্চায়তৰ অন্তৰ্গত জৰাবাৰী বামুণ গাঁৱত। পিছত জাঁজীৰ ঢেকিয়াল চাউদাং গাঁৱত স্থায়িভাৱে থাকিবলৈ লয়। তেওঁৰ পিতৃৰ নাম গোলাপ চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম চেনেহী দেৱী। তীৰ্থনাথ শৰ্মাই যোৰহাট ১ নং প্ৰেকটিচিং স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত যোৰহাট চৰকাৰী হাইস্কুল, জাঁজী হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰে আৰু ১৯২৯ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। একে বছৰতে তেওঁ কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ১৯৩২ চনত প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৪ চনত কটনৰ পৰা সংস্কৃতত অনাৰ্ছসহ বি এ পাছ কৰে। ১৯৩৬ চনত নিৰ্মলা দেৱীৰ লগত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ এবছৰৰ পিছত, অৰ্থাত ১৯৩৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীসহ সংস্কৃতত এম এ ডিগ্ৰী লাভ কৰে।২
কৰ্মজীৱন
১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিভাগত অধ্যাপনা আৰম্ভ কৰা শৰ্মাদেৱে সেই বছৰৰ পৰাই ১৯৫০ চনলৈ সুদীৰ্ঘ বাৰ বছৰ বিশ্ববিদ্যালয়ৰ এম আই এল বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫১ চনত "আছাম ব'ৰ্ড অৱ মিউজিক" স্থাপন কৰা শৰ্মাদেৱে ১৯৫৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি অবৈতনিক অধক্ষ্যৰূপে নিয়োজিত হয়। ১৯৫৬ চনত তেওঁ কলেজখনৰ স্থায়ী অধ্যক্ষৰূপে নিয়োজিত হয়। ১৯৬৭ চনত বিশ্ব হিন্দু পৰিষদ (অসম শাখা)ৰ কাৰ্যকৰী সভাপতি হয়। ১৯৭১ চনত তীৰ্থনাথ শৰ্মাই মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গহণ কৰে। ৰাজনীতিৰ প্ৰতি থকা আস্থাৰ বাবে তেওঁ ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত সংসদীয় আসনৰ বাবে প্ৰতিদ্বণ্ডিতা কৰে।২
সাহিত্যিক জীৱন
১৯৭১ চনত শৰ্মাদেৱে অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰে৩। ১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত মৰোণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।২ তেখেতে বিভিন্ন শ্ৰেণীৰ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। সংস্কৃত সাহিত্যত অগাধ ব্যুতপত্তি থকা পণ্ডিত শৰ্মাই কৰা উপনিষদৰ অসমীয়া ৰূপান্তৰ অসমীয়া সাহিত্যলৈ এক উল্লেখযোগ্য অৱদান।
প্ৰকাশিত গ্ৰন্থ
- কামসেন্দূৰ(কবিতা সংকলন)
- পঞ্চপুষ্প (প্ৰবন্ধ সংকলন)
- সাহিত্য বিদ্যা পৰিক্ৰমা
- আউনিআটী সত্ৰৰ বুৰঞ্জী
- বেণুধৰ শৰ্মা (সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ)
- ভক্তিবাদ
- ঝান্সীৰ ৰাণী লক্ষীবাঈ
- কামাখ্যাৰাম বৰুৱা
- প্ৰৱেশিকা কথা চানেকি
- চানেকি পাঠ
- গান্ধী-শিক্ষা সাৰ
- মহাত্মাৰ বাণী
মৃত্যু
১৯৮৬ চনৰ ২৩ অক্টোবৰ।
তথ্যসূত্ৰ
- ↑ তীৰ্থনাথ শৰ্মা. ভাৰতীয় আদৰ্শত বৈৰাগ্য. উচ্চতম মাধ্যমিক শিক্ষা সংসদ. পৃ. ৫৩
- ↑ অনুভূতি, আজিৰ দৈনিক বাতৰি, লেখক: অঞ্জন দত্ত, তথ্য সংগ্ৰহৰ সময়: ২৪ অক্টোবৰ ২০১১
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তীৰ্থনাথ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯১৪৫৩ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।