সৌৰভ কুমাৰ চলিহা (Saurabh Kumar Chaliha) অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি।১২ চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।
১৯৬০ চনত চলিহা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল আৰু এই বিভাগৰে মূৰব্বী ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ১৯৭৪ চনত তেওঁ গোলাম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।১
জীৱন-বৃত্ত
১৯৩৩ চনত দৰং জিলাৰ মঙলদৈত সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয়।১ পিতৃ কালিৰাম মেধি আৰু মাতৃ স্বৰ্ণলতা মেধিৰ পুত্ৰ সুৰেন্দ্ৰ নাথ মেধিয়ে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল ১৯৩৯ চনত গুৱাহাটীৰ ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলত। কটন কলেজিয়েট স্কুলৰ পৰা ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰা মেধিয়ে ১৯৪৮ চনত আই এছ চি পৰীক্ষাত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত পঢ়ি থাকোঁতেই তেওঁ ৰিভ'লুশ্বনাৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাম-কাজত জড়িত হোৱাৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল। কিন্তু জে'লৰ পৰাই পৰীক্ষা দি ১৯৫০ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক কাম-কাজত জড়িত হৈ পৰাৰ বাবে ঘৰৰ মানুহে তেওঁক বিলাতলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। ১৯৫২ চনত ইংলেণ্ডৰ লিভাৰপুল অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে। দুবছৰৰ পিছত তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জাৰ্মানীৰ ভিতৰুৱা ঠাই গুটিংগেনৰ এখন স্কুলত শিক্ষকতাৰ পাতনি মেলে। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত মেধি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।
সাহিত্যকৃতি
পঞ্চাছৰ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা সুৰেন্দ্ৰ নাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো হ'ল 'পঞ্জাব সীমান্তৰ সহযাত্ৰী'।১৩ ইয়াৰ পিছতে 'কালমাৰ্ক্স-এৰা' নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়। ৰামধেনুৰ চুটি গল্প প্ৰতিযোগিতাত তেওঁৰ 'অশান্ত ইলেকট্ৰন' গল্পটোৱে প্ৰথম স্থান লাভ কৰে। তেখেতে ১৯৭৪ চনত 'গোলাম' নামৰ সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা৪ আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। মন কৰিবলগীয়া যে জীৱিত কালত তেওঁ কোনোধৰণৰ বঁটা বাহন গ্ৰহণ কৰিবৰ বাবে নিজে যোৱা নাছিল। 'একৈশ শতিকা ধেমালি নহয় আৰু অন্যান্য ৰচনা', 'জন্মদিন আৰু অন্যান্য গল্প', 'দ্ৰোণ আৰু গ্যেটে' তেওঁৰ আন তিনিখন অনন্য ৰচনা।
গল্প সংকলন
- অশান্ত ইলেকট্ৰন (১৯৬২)
- দুপৰীয়া আৰু অন্যান্য গল্প (১৯৬৩)
- এহাত ডাবা (১৯৭২)
- গোলাম (১৯৭৪)
- সৌৰভ কুমাৰ চলিহাৰ স্বনিৰ্বাচিত সংকলন(১৯৯৪)
- সৌৰভ কুমাৰ চলিহাৰ স্বৰচিত গল্প (১৯৯৮)
- কবি(১৯৯৯)
- ছয় দশকৰ গল্প (২০০১)
- জন্মদিন আৰু অন্যান্য গল্প (২০০৫)
- জোনবিৰি (২০০৬)
- নৱজন্ম (২০০৮)
ৰচনা সংকলন
- গল্প নহয় (১৯৮৮)
- ভাল খবৰ (১৯৯৮)
- ৰসনা সমগ্ৰ (১৯৯৯)
- একৈশ শতিকা ধেমালি নহয় আৰু অন্যন্য ৰচনা (২০০৪)
- দ্ৰোণ আৰু গ্যেটে আৰু অন্যান্য ৰচনা (২০০৭)
নাটক
- অৱৰুদ্ধ চহৰ (১৯৯৪)
- মৰুদ্যান(২০০৯)
অনূদিত গ্ৰন্থ
- আজি শুক্ৰবাৰ (১৯৯২)
- ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড (১৯৯৯)
- আশী দিনত পৃথিৱী পৰিভ্ৰমণ (২০০১)
সুৰেন্দ্ৰনাথ মেধি নামত লিখা বিজ্ঞান গ্ৰন্থ
- চিন্তাৰ বেগ কিমান
- মহাকাশত প্ৰাণৰ সন্ধান
প্ৰভাৱিত শিল্প-কৰ্ম
লাখটকীয়াত গোলাম (Closed-door-syndrome-and the stuff-inside-the-magazine syndrome) (২০০২), সৌৰভ কুমাৰ চলিহাৰ ওপৰত নিৰ্মিত এখন তথ্য-চিত্ৰ। পৰিচালক আলতাফ মজিদ। আলতাফ মজিদেই চলিহাৰ আন এটা লেখনিৰ ভিত্তিত ২০০৫ চনত নিৰ্মাণ কৰে অন্য এখন তথ্য চিত্ৰ 'ভাল খবৰ' (Good News). চলিহাৰ গল্প 'দুপৰীয়া' আৰু 'সিহঁতেও পাহাৰ বগালে'ৰ ওপৰত ভিত্তি কৰি দুখন অঁনাতাৰ নাটক প্ৰযোজিত হয়।
মৃত্যু
২০১১ চনৰ ২৫ জুন তাৰিখে বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত ভুগি গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল হাস্পতালত পুৱা ৫.৪০ বজাত মৃত্যু হয়।
লগতে চাওঁক
তথ্যসূত্ৰ
- ↑ (15 Sept 2010). Saurabh Chaliha passes away. দ্য আছাম ট্ৰিবিউন
- ↑ বিৰিঞ্চি কুমাৰ দাস. (৭ নৱেম্বৰ, ২০২১). সৌৰভ কুমাৰ চলিহা আৰু সুৰেন্দ্ৰ নাথ মেধি. অসমীয়া প্ৰতিদিন
- ↑ "নাম তেওঁৰ সৌৰভ কুমাৰ চলিহা"; মুবিনা আখটাৰ; 'আমাৰ অসম পূৰ্বাচল', ১৭ জুলাই ২০১১
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌৰভ কুমাৰ চলিহা” প্ৰবন্ধৰ সংশোধন ৬০১১৩৯ (১৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।