অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেৱতী মোহন দত্তচৌধুৰী

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।

হালনাগাদ: ১১ জানুৱাৰী ২০২৬ ৩৯০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে 'অনুুসন্ধান' আৰু 'অপৰাজেয়' উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে 'অবিচ্ছিন্ন' আৰু 'গধূলি' উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।১

জন্ম আৰু শিক্ষা

১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত শীলভদ্ৰৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। গৌৰীপুৰৰ পি. চি. ইনষ্টিটিসনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়। পূৰ্ববংগৰ ৰংপুৰৰ কাৰমাইকেল কলেজৰ পৰা বি.এছ.ছি আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে।

কৰ্মজীৱন

চাকৰিৰ বাবে শীলভদ্ৰলৈ প্ৰথম আহ্বান আহে এম.চি. কলেজৰ পৰা। পিছত প্ৰৱক্তা কটন মহাবিদ্যালয় ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰ (১৯৪৯-৫৪) হয়। তাৰপিচতে তেওঁ দ্য আছাম ট্ৰিবিউন (১৯৫৫)ৰ কামত যোগদান দিয়ে যদিও কিছুদিন চাকৰি কৰি এছিচটেণ্ট মেনেজাৰ ৰূপে চাহ-বাগানত সোমায়। চাহ বাগিচাত ১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ কাম কৰে। ইয়াৰ পিচত ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিতৰ শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৮২ চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো (১৯৬৫ - ৮৫) অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়।২

গ্ৰন্থৰাজী

১৯৬৪ চনত 'অসম বাতৰি' কাকতত প্ৰকাশিত 'অভিযোগ' চুটিগল্পৰে আত্মপ্ৰকাশ।৩

উপন্যাস

শীলভদ্ৰই ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৭১ চনত প্ৰকাশিত 'মধুপুৰ আৰু তৰংগিনী' উপন্যাসখনৰ জৰিয়তে। তেওঁৰ বাকী উপন্যাসকেইখন হ'ল: 'আগমনীৰ ঘাট' (১৯৭৩), 'আহঁতগুৰি' (১৯৭৩), 'অবিচ্ছিন্ন' (১৯৮০) 'প্ৰাচীৰ' (১৯৮০), 'গধূলি' (১৯৮১), 'অনুসন্ধান' (১৯৮৭), উপন্যাস সমগ্ৰ।৪

গল্প সংগ্ৰহ

শীলভদ্ৰই মুঠ ২৬ খনমান গল্পপুথি ৰচনা কৰে। ১৯৬৪ চনত 'অসম বাতৰি' পূজা সংখ্যাত তেওঁৰ প্ৰথম গল্প 'অভিযোগ' প্ৰকাশ হৈছিল। শীলভদ্ৰই ৰচনা কৰা গল্পপুথিবোৰ হ'ল:৫

  • বাস্তৱ
  • কোনো ক্ষোভ নাই
  • সমুদ্ৰ তীৰ
  • তৰুৱা কদম
  • বীৰ সৈনিক
  • শীলভদ্ৰৰ কুৰিটা গল্প
  • মেজাজ
  • ৰতুবাবুৰ গেৰেজ
  • প্ৰতীক্ষা
  • উত্তৰণ
  • বিশ্বাস আৰু অন্যান্য গল্প
  • দায়িত্ব আৰু অন্যান্য গল্প
  • জীৱন আৰু অন্যান্য গল্প
  • আকৌ মধুপুৰ
  • দূৰগত আৰু অন্যান্য গল্প
  • মধুপুৰ বহুদূৰ
  • তৰ্পণ
  • চিঠি আৰু অন্যান্য গল্প
  • নিৰ্বাচিত গল্প
  • লগৰীয়া
  • অন্য এক মধুপুৰ
  • মধুপুৰৰ মধুকৰ
  • উত্তৰ নাই
  • আপোন মানুহ
  • জীৱনৰ ৰং
  • সায়াহ্ন

আত্মজীৱনী

  • স্মৃতিচাৰণ
  • মধুপুৰৰ স্মৃতি
  • অতীতৰ খণ্ডিত চিত্ৰ

অনুবাদ গ্ৰন্থ

ৰিপ ভ্যান উইংকল আৰু অন্যান্য কেইটামান গল্প, মেটামৰফ’চিছ। তেওঁৰ বহুকেইখন গল্প সংকলন ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।

স্বীকৃতি আৰু সন্মান

মৃত্যু

২০০৮ চন ২৯ ফেব্ৰুৱাৰী তাৰিখে ৰেৱতী মোহন দত্তচৌধুৰীৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ ড॰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ''শীলভদ্ৰৰ উপন্যাস' শীৰ্ষক প্ৰবন্ধ; 'এশ বছৰৰ অসমীয়া উপন্যাস (ষষ্ঠ খণ্ড),' সম্পাঃ নগেন ঠাকুৰ, ২য় প্ৰকাশ- জুলাই ২০১২।
  2. ↑ শইকীয়া, বিনয় মোহন. (১ অক্টোবৰ ২০০৯). শীলভদ্ৰৰ উপন্যাস সমগ্ৰ. বনলতা. পৃ. ১-৮
  3. ↑ ড॰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ''শীলভদ্ৰৰ উপন্যাস' শীৰ্ষক প্ৰবন্ধ; 'এশ বছৰৰ অসমীয়া উপন্যাস (ষষ্ঠ খণ্ড),' সম্পাঃ নগেন ঠাকুৰ, ২য় প্ৰকাশ- জুলাই ২০১২।
  4. ↑ দাস, ড॰ চন্দনা. (আগষ্ট ২০১৫). শীলভদ্ৰ: সৃষ্টি আৰু দৃষ্টি. Zend Academy Publication. পৃ. ০১. ISBN 978-81-928411-3-7
  5. ↑ দাস, অতুল চন্দ্ৰ. (১৫ জুন ২০১২). অসমীয়া চুটিগল্পৰ আলোচনা. মানৱ বিকাশ সমাজ. পৃ. ৭৯-৮০. ISBN 978-73-81859-09-04

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদঅসমীয়া গল্পকাৰঅসমীয়া ঔপন্যাসিকঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীঅসম উপত্যকা সাহিত্য বঁটা বিজয়ীধুবুৰী জিলাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱতী মোহন দত্তচৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৬৯০৬৯ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।