অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভুৱনেশ্বৰ বৰুৱা

ডা° ভুবনেশ্বৰ বৰুৱা (১৮৯৩- ২৫ ছেপ্টেম্বৰ, ১৯৫৬) অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক৷

হালনাগাদ: ৪ নৱেম্বৰ ২০২৩ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

ডা° ভুবনেশ্বৰ বৰুৱা (১৮৯৩- ২৫ ছেপ্টেম্বৰ, ১৯৫৬)১ অসমৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিক৷

জন্ম আৰু শৈশৱ

১৮৯৩ চনৰ চাৰি ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ খলিহামাৰীত বৰুৱাৰ জন্ম হৈছিল৷ কোনো কোনোৱে তেওঁৰ জন্ম শদিয়াতহে বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ পিতৃ আছিল জীৱেশ্বৰ বৰুৱা আৰু মাতৃ গিৰিজা দেৱী৷২ তেওঁলোকৰ মুঠ তেৰটা সন্তানৰ ভিতৰত ভুবনেশ্বৰ বৰুৱা আছিল ষষ্ঠ৷ বাৰ বছৰ বয়সলৈকে ঘৰুৱা অভাৱ-অনাটনৰ বাবে তেওঁ শিক্ষা আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাছিল৷

শিক্ষাজীৱন

গুৱাহাটীত ভিনিহিয়েক ৰবি নাৰায়ণ বৰাৰ ঘৰত থাকি পোনপ্ৰথমে ভুবনেশ্বৰ বৰুৱাই শিক্ষাৰম্ভ কৰে৷ পিছলৈ পুনৰ ডিব্ৰুগড়লৈ উভতি গৈ পঢ়া-শুনা কৰিবলৈ লয় আৰু ১৯১২ চনত ১৯ বছৰ বয়সত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯১৫ চনত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত দ্বিতীয় বিভাগত আইএছ চি পাছ কৰে আৰু তেতিয়া তেওঁ এক বিশেষ বৃত্তি লাভ কৰি কলিকতালৈ চিকিৎসাবিজ্ঞান পঢ়িবলৈ যায়৷ ১৯১৮ চনত এম ডি ডিগ্ৰী লৈ ভুবনেশ্বৰ বৰুৱা ডিব্ৰুগড়লৈ উভতি আহে৷ ২

কৰ্মজীৱন

ভুবনেশ্বৰ বৰুৱাই শিক্ষা বিভাগৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ কলকাতাৰ পৰা উভতি আহি তেওঁ গান্ধীৰ অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ লয়৷ এই আন্দোলনৰ পিছত তেওঁ পুনৰ চাকৰিত যোগ দিয়ে আৰু অসমৰ বিভিন্ন ঠাইত এচিষ্টেণ্ট চাৰ্জন হিচাপে কাৰ্য্যনিৰ্বাহ কৰে৷ চাকৰি কালতো স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱাৰ বাবে ইংৰাজ চৰকাৰে তেওঁৰ বিৰুদ্ধে নানা অভিযোগ আনে আৰু ইয়াৰ পৰিণতিতে তেওঁ ১৯২৪ চনত চাকৰিৰ পৰা ইস্তফা দিয়ে৷ গুৱাহাটীলৈ গৈ ভুবনেশ্বৰ বৰুৱাই ’শংকৰদেৱ ফাৰ্মাচী’ খুলি ব্যক্তিগতভাৱে চিকিৎসাসেৱা অব্যাহত ৰাখে৷ পটু চিকিৎসক হিচাপে খ্যাত হোৱাৰ উপৰিও বহুতো দুখীয়া লোকক কোনো মাচুল নোলোৱাকৈ তেওঁ চিকিৎসা সেৱা আগবঢ়াইছিল বুলি জনা যায়৷২

মৃত্যু

১৯৫৬ চনৰ ২৫ ছেপ্টেম্বৰত তিনিকুৰি তিনি বছৰ বয়সত ভুবনেশ্বৰ বৰুৱাৰ মৃত্যু হয়। তেখেতক 'লোকবন্ধু' উপাধি প্ৰদান কৰা হৈছিল আৰু তেখেতৰ নামেৰেই গুৱাহাটীত 'ডা° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান' স্থাপন কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯৬). অমৃতস্য পুত্ৰাঃ (Divine Lives). চম্পাৱতী প্ৰকাশন. পৃ. ৫৯-৭৩
  2. ↑ ’এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া’ (দ্বিতীয় খণ্ড), হেমন্ত কুমাৰ ভৰালী, চিত্ৰলেখা পাব্লিকেশ্বনচ, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভুৱনেশ্বৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৯০২২৬ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।