অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তনু তামূলী

শান্তনু তামূলী (Santanoo Tamuly; জন্ম: ১৯৪৮-), মৌচাক মামা নামে পৰিচিত অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেওঁ মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমানলৈ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী।

হালনাগাদ: ৩০ আগষ্ট ২০২৫ ৩৮০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শান্তনু তামূলী (Santanoo Tamuly; জন্ম: ১৯৪৮-), মৌচাক মামা নামে পৰিচিত অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেওঁ মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমানলৈ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনাম। তেওঁ অসমীয়া শিশু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে।

জন্ম আৰু বংশ পৰিচয়

শান্তনু তামূলীৰ জন্ম হয় ১৯৪৮ চনৰ ১ মাৰ্চ১ তাৰিখে গোলাঘাট নগৰৰ কাষৰ বেঙেনাখোৱা অঞ্চলত। দেউতাকৰ নাম ডিম্বেশ্বৰ তামূলী আৰু মাতৃৰ নাম ডালিমী তামূলী।২ তেওঁৰ দেউতাকৰ চাকৰিসূত্ৰে বেঙেনাখোৱাৰ পৰা বৰকাঠনি চাহ বাগিচালৈ পৰিয়ালবৰ্গৰ সৈতে উঠি আহে। তেখেতৰ বাল্যকালটো বৰকাঠনি চাহবাগিচা আৰু কোৱাৰ্টাৰত পাৰ হৈছিল।

শিক্ষা জীৱন

বৰকাঠনি চাহবাগিচাত থকা প্ৰাথমিক বিদ্যালয়খনতে তেওঁৰ স্কুলীয়া শিক্ষাৰ শুভাৰম্ভ ঘটে। সেই বিদ্যালয়খনৰ পৰা তৃতীয় শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে ১৯৫৭ চনত ঢেকীয়াল চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুলত নামভৰ্তি কৰে আৰু সেই স্কুলখনৰ পৰাই দশম শ্ৰেণী উত্তীৰ্ণ হয়।২ তেওঁ বিজ্ঞান শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ১৯৬৮ চনত। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ত্ব বিষয়ত এম. এছ. ছি. (M. Sc.) প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১৯৭০ চনত। ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট মেনেজমেণ্ট (R&D Management) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ২০০৪ চনত Journalism & Mass Communication বিষয়ত PGT J.M.C ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

শান্তনু তামূলীয়ে ১৯৭৫ চনত Regional Research Laboratory, Jorhat, CSIRত Senior Scientist Asst. পদত যোগদান কৰে। ২০০৮ চনত সেই চাকৰিৰ পৰা Scientist 'G' হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ শিশু সাহিত্যৰ উন্নতিৰ হকে যথেষ্ট কাম কৰি আহিছে। দুখন শিশু আলোচনী ক্ৰমে মৌচাক (আলোচনী) আৰু নতুন আৱিষ্কাৰৰ সম্পাদনা কৰি আছে। সাহিত্য জগতত তেওঁ “মৌচাক মামা’’ নামে জনাজাত।১ তদুপৰি হেৰিটেজ আছাম নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে 'অসম গ্ৰন্থ মহোৎসৱ' নামেৰে যোৰহাট জিলাত দুবছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত কৰে। তদুপৰি অসমৰ ১০০খন চাহবাগিচাৰ শিশুসকলৰ ’লেংগুৱেজ স্কিল ডেভেলপমেণ্ট’ৰ বাবে ইউনিচেফ (UNICEF) নামৰ সংস্থাৰ পৃষ্ঠপোষকতাত বিশেষকৈ চাহবাগিচাৰ শিশুসকলৰ ভাষাৰ বিকাশৰ ক্ষেত্ৰত ২০০৯ চনৰ পৰা আত্মনিয়োগ কৰি আহিছে।

সাহিত্যিক অৱদান

তেওঁ বহুকেইখন আলোচনীৰ সম্পাদকৰ কাম কৰিছিল যদিও বৰ্তমান মৌচাক আৰু নতুন আৱিষ্কাৰৰ সম্পাদকৰ দায়িত্বত থাকি শিশু সাহিত্যৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰি তুলিছে। মৌচাক আলোচনীখন তেওঁ ৩৪ বছৰ ধৰি সম্পাদনা কৰি আছে৩ আৰু তেখেতৰ সম্পাদনাতেই আলোচনীখনে অসমীয়া শিশু সাহিত্যৰ ধাৰাটোত এটা নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নতুন আৱিষ্কাৰ আলোচনীখনো তেওঁ বিগত ৩০ বছৰ ধৰি সম্পাদনা কৰি আহিছে। এই দুখন আলোচনীৰ উপৰিও পূৰ্বতে সম্পাদনা কৰা আন কেইখনমান আলোচনী হৈছে 'ত্ৰিশূল', 'ভূমিকা' ইত্যাদি।২ এতিয়ালৈকে তেওঁৰ প্ৰায় ৪০টাতকৈ অধিক শিশুৰ কোৱা আৰু খেলা সম্পৰ্কীয় প্ৰবন্ধ প্ৰকাশ পাইছে। NCSTC, Department of Science & Technology (Ministry of Science & Technology, Govt. of India, 1994, and on behalf of Assam Scienceৰ আৰ্থিক অনুদানৰ সহায়ত তেখেত গৱেষকৰূপে 'Preparation of anAnnotated Bibliography of Popular Science Books in Assamese Lenguage' নামৰ এখন ৰাষ্ট্ৰীয় প্ৰকল্প প্ৰতিবেদনৰ কাম সম্পন্ন কৰিছিল।৪ বনত ৰঙৰ মেলা নামৰ নিজে লিখা শিশু গ্ৰন্থখন নিজেই ইংৰাজীলৈ অনুবাদ কৰি JOY IN THE JUNGLE নামে প্ৰকাশ কৰে। নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰা এই গ্ৰন্থখনলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছে। দক্ষিণ আৰু পশ্চিম এছিয়াৰ ২৬খন দেশৰ বিদ্যালয়ৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।৫

উপন্যাস আৰু কল্পবিজ্ঞান গ্ৰন্থ

  1. মানী, বাণী আৰু এখন ফুলনি (১৯৬৭)
  2. ইলেকট্ৰনিক নামৰ ল'ৰাটো (১৯৯৩)
  3. মায়ামৃগ (১৯৯৭)
  4. বনত ৰঙৰ মেলা (২০০৯)
  5. বুবু বুলবুলিৰ ফুলনি (২০০৯)

জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ

  1. জোন আৰু জোনলৈ (১৯৭৩)
  2. সৰীসৃপ (১৯৭৪)
  3. বিজ্ঞানৰ যাদু (১৯৭৯)
  4. ফট’গ্ৰাফী(১৯৯৩)
  5. আকাশ মহাকাশ (২০০৬)
  6. কোনে কি কেনেকৈ উদ্ভাৱন কৰিছিল (২০০৮)

অনুবাদ গ্ৰন্থ

  1. ভাৰতৰ বিপন্ন প্ৰাণী আৰু সিহঁতৰ সংৰক্ষণ (১৯৯৫)
  2. মহাকাশৰ তাৰকা (১৯৯৩)
  3. গ্ৰহযুদ্ধ (২০০০)
  4. মোৰ ৰবট ৰব্বী (২০০১)
  5. সইটি-সইটি (২০০২),
  6. ধুমকেতুত উঠি (২০০৮)
  7. মাষ্টাৰ অৱ্ দা ৱৰ্ল্ড (২০১০)

ভ্ৰমণ কাহিনী

  1. টকিয়ত তেৰদিন (২০০৬)
  2. কলম্বোত সাতদিন (২০১৩)

সংকলন আৰু সম্পাদনা

  1. সৰ্বোত্তম জানেনে (২০১০)
  2. প্ৰজ্ঞা (১৯৯৭)
  3. আবৃত্তি (২০০৬)
  4. মজাৰ সাঁথৰ (২০০৬)
  5. পৃথিৱী আমাৰ ঘৰ (২০০৮)
  6. অসমীয়া কল্পবিজ্ঞান গল্প সংকলন, ২০১৭)

শিশু সাহিত্য সম্পৰ্কীয় সংকলন

  1. নিৰ্বাচিত সাধুকথা (২০১৫)
  2. অসমীয়া শিশু-সাহিত্যৰ নিৰ্বাচিত চুটিগল্প (২০১৬)
  3. নিৰ্বাচিত অসমীয়া শিশু-নাট (২০১৮)

আলোচনামূলক গ্ৰন্থ

  1. অসমীয়া শিশু-সাহিত্য সমীক্ষা (২০১০)

বঁটা-সন্মান

  1. সদস্য, Assamese Language Advisory Board, সাহিত্য অকাডেমি, ভাৰত
  2. সদস্য, Board of Management, Jan Shiksha Sansthan, Ministry of Human Resource Development, যোৰহাট
  3. সভাপতি, Haritage Assam, যোৰহাট, অসম
  4. সদস্য, Advisory Board (Ass), নেশ্চনেল বুক ট্ৰাষ্ট, ভাৰত
  5. সভাপতি, Assam Science Writers' Association.
  6. দেৱৰ্ষি নাৰদ বঁটা।৬
  7. বাল সাহিত্য পুৰস্কাৰ।৭

তথ্যসূত্ৰ

  1. ↑ কল্প বিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অৱদান....
  2. ↑ ৰাজখোৱা, অৰবিন্দ (সম্পা). (২০১৮). অসমীয়া বিজ্ঞান সাহিত্য. অসম বিজ্ঞান সন্থা. পৃ. ২২৬
  3. ↑ বৰুৱা, শান্তনু কৌশিক. (1 June 2018). আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী: এক অসম্পূৰ্ণ আলোচনা. ফটাঢোল
  4. ↑ তালুকদাৰ, হিমজ্যোতি (সাক্ষাৎকাৰ লওঁতা). (15 December 2013). ‘মৌচাক মামা’ৰ সৈতে এখন্তেক. ‌সাহিত্য ডট্‌ অৰ্গ
  5. ↑ (২০২৫). লেখক শান্তনু তামূলীৰ ’জয় ইন দ্যা জাংগল’লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি. দৈনিক জনমভূমি
  6. ↑ ঔপনিৱেশিক বাম মানসিকতাত ভাৰতৰ সাংবাদিকতা দিকভ্ৰান্ত
  7. ↑ শিশু সাহিত্য অকাডেমী বঁটা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদঅসমীয়া সাহিত্যিকসাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তনু তামূলী” প্ৰবন্ধৰ সংশোধন ৫৩৬০০৮ (৩০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।