ড॰ দীনেশ চন্দ্ৰ গোস্বামী (Dinesh Chandra Goswami) অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকাৰ, ব্যংগ সাহিত্যক, আৰু ঘাইকৈ জনপ্ৰিয় বিজ্ঞান আৰু কল্পবিজ্ঞান গল্প-উপন্যাস-অনাতাঁৰ নাটক আদিৰ লিখক। ড॰ গোস্বামীয়ে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ গ্ৰহণ কৰিছে।১ গোস্বামী ‘শৰাইঘাট অভিধান’ৰ সম্পাদক আৰু অসম সাহিত্য সভাৰদ্বাৰা প্ৰকাশিত ‘বিশ্বকোষ’ৰ বিজ্ঞানৰ খণ্ড তিনিটাৰ মুখ্য সম্পাদক৷ তেখেতৰ ছদ্মনাম হৈছে দিগন্ত গোস্বামী। ২
শিক্ষা
- ১৯৬৩: গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত দুটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ৩
- ১৯৬৪: গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয় বিজ্ঞান পৰীক্ষাত সপ্তম স্থান লাভ
- ১৯৬৭: কটন কলেজৰপৰা পদাৰ্থবিজ্ঞানত সন্মানসহ প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ
- ১৯৬৯: গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থবিজ্ঞানত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ
- ১৯৭০: কলিকতাৰ সাহা ইন্সটিটিউট অব নিউক্লিয়াৰ ফিজিক্সৰপৰা নিউক্লীয় পদাৰ্থবিজ্ঞানত কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিপ্ল’মা লাভ
- ১৯৭২: গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ফৰাছী ভাষাত পাৰদৰ্শিতাৰ মানপত্ৰ লাভ
- ১৯৭৬: গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা মহাজাগতিক ৰশ্মি বিষয়ত পি.এইচ.ডি. ডিগ্ৰি লাভ (তত্ত্বাৱধায়ক- ড॰ কিশোৰী মোহন পাঠক)৪
কৰ্মজীৱন
- ১৯৭০-৭২: গুৱাহাটীৰ বি. বৰুৱা কলেজত পদাৰ্থবিজ্ঞানৰ প্ৰবক্তা৫
- ১৯৭২-৭৬: কটন কলেজত পদাৰ্থবিজ্ঞানৰ প্ৰবক্তা, স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষাদান
- ১৯৭৬: বিজ্ঞানী ‘বি’ (সহকাৰী সম্পাদক), পি.আই.ডি. (বৰ্তমান নিস্ক্পিআৰ), ছি.এছ.আই.আৰ., নতুন দিল্লী
- ১৯৭৯: বিজ্ঞানী ‘ছি’ (পৰিকল্পনা), ছি.এছ.আই.আৰ.ৰ মুখ্য কাৰ্য্যালয়, নতুন দিল্লী
- ১৯৮২: বিজ্ঞানী ই-১, পৰিকল্পনা বিভাগৰ মুৰব্বী, আঞ্চলিক গৱেষণাগাৰ, যোৰহাট
- ১৯৮৮: বিজ্ঞানী ই-২, আঞ্চলিক গৱেষণাগাৰ, যোৰহাট
- ১৯৯৩: বিজ্ঞানী এফ, আঞ্চলিক গৱেষণাগাৰ, যোৰহাট (ব্যৱস্থাপনা এলেকাৰ সমন্বয়ক)
- ২০০০: বিজ্ঞানী জি. আৰু সঞ্চালকৰ উপদেষ্টা, আঞ্চলিক গৱেষণাগাৰ, যোৰহাট (এছোৱা সময় ভাৰপ্ৰাপ্ত সঞ্চালক), ২০০৪ চনৰপৰা সঞ্চালকৰ উপদেষ্টা।
- ২০০৯: বিজ্ঞানী জি. আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ লাভ। ৬
বিদেশ ভ্ৰমণ
থাইলেণ্ড, আমেৰিকা, জাৰ্মানি, ইউ.এ.ই. (ডুবাই) আৰু মালদ্বীপ, আৰু কানাডা ভ্ৰমণ
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু সন্মান
- ১৯৬৮-৮০: শিশু সাহিত্য বিষয়ত তিনিবাৰ অসম সাহিত্য সভাৰ বঁটা লাভ৷৫ (গোপালচন্দ্ৰ গোস্বামী বঁটা) আৰু (প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা)
- ১৯৯২: ‘ট্ৰাইটনৰ অভিযান’ শিশু গ্ৰন্থৰ বাবে নেছনেল বুক ট্ৰাষ্টৰ বঁটা লাভ৷
- ১৯৯৭: গণমাধ্যমৰ যোগেদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জনপ্ৰিয়কৰণত উল্লেখনীয় অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ৷
- ২০০৭: শিশু সাহিত্যৰ ক্ষেত্ৰত অৱদানৰ বাবে গণৰাজ্য দিৱসৰ দিনা ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ.পি.জে. আব্দুল কালামৰদ্বাৰা সন্মানিত৷
- ২০১২: অসম প্ৰকাশন পৰিষদ বঁটা লাভ৷
- ২০১৩: বিছনলাল আগৰৱালা পৰিৱেশ বঁটা লাভ৷
- ২০১৪: সাহিত্য একাডেমিৰ শিশু সাহিত্য বঁটা লাভ৷
- ২০১৬: অসম প্ৰকাশন পৰিষদৰ ‘জীৱনজোৰা সাধনা বঁটা’৷
- ২০২২: অসম চৰকাৰৰ ‘পৰিৱেশ মিত্ৰ’ সন্মান৷
- ২০২৩: 'গোলাঘাট জাতীয় বিদ্যালয় বঁটা'৷
- ২০২৪: 'অন্যযুগ' জীৱনজোৰা সাধনা বঁটা
- ২০২৫: পণ্ডিত তীৰ্থনাথ শৰ্মা স্মাৰক বঁটা, প্ৰাগজ্যোতিষ কলেজ, গুৱাহাটী
- ২০২৫: ৰামানুজন শিক্ষক বঁটা
- ২০২৬: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডি.এছছি. (সন্মানীয়) ডিগ্ৰি
ইয়াৰোপৰি অসম সাহিত্য সভাৰ মৰিগাঁও (১৯৯৪), বোকাখাত (১৯৯৬), ডিব্ৰুগড় (২০০১) আৰু পাঠশালা (২০২৫) অধিৱেশনৰ বিজ্ঞান সন্মিলনৰ বক্তা, আৰু ধেমাজি (২০০৯) অধিৱেশনৰ বিজ্ঞান সন্মিলনৰ সঞ্চালক হিচাপে তেখেতে কৰ্ম সম্পাদন কৰিছিল৷
কৰ্মশালা সঞ্চালনা
- ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান অনুধাৱন কাৰ্য্যসূচী (১৯৮২-২০০৯)- ৫৬ টা
- দুৰ্য্যোগ–বিপদ আশংকা লঘূকৰণ আৰু সজাগতা বৰ্ধন কৰ্মশালা - ১৪ খন
- বিজ্ঞান শিক্ষণৰ কম-খৰচী যতন বিষয়ৰ কৰ্মশালা - ৫ খন
- পুতলা নাচৰ কৰ্মশালা - ১ খন
- বিজ্ঞান লেখকৰ কৰ্মশালা - ৬ খন
- বিজ্ঞান অনুবাদকৰ কৰ্মশালা - ৩ খন
- ভাৰত-আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱ (লক্ষ্ণৌ, অক্টোবৰ ২০১৮; কলিকতা, অক্টোবৰ ২০১৯)–আলোচনা-চক্ৰৰ অধ্যক্ষ, গুৱাহাটী, নৱেম্বৰ ২০২৪- প্ৰধান বক্তৃতা)
- সাহিত্য একাডেমি (দিল্লী, ২০১৬, ২০১৭)–আলোচনা-চক্ৰৰ অধ্যক্ষ
বৃক্ষৰোপণ
- আঞ্চলিক গৱেষণাগাৰ চৌহদ আৰু অন্যান্য স্থানত–৩০,০০০ জোপাৰো অধিক
সামাজিক কাম
নলবাৰী জিলাৰ দাহুদী গাঁৱৰ উলুবাৰী সত্ৰত ‘অনন্তগিৰি পুথিভঁৰাল আৰু বিকাশ কেন্দ্ৰ' স্থাপন (২০১০) আৰু ইয়াৰ যোগেদি অঞ্চলটোত অধ্যয়ন সংস্কৃতি আৰু কম্পিউটাৰ সাক্ষৰতা গঢ়ি তোলাত বাহিৰেও অস্বচ্চল ছাত্ৰছাত্ৰী আৰু ৰুগীয়া লোকক সাহায্য প্ৰদান৷৫
সদস্য/পদবী
- সভাপতি, অসম বিজ্ঞান সমিতি (২০০৫-০৭)
- প্ৰতিষ্ঠাপক সভাপতি, অসম বিজ্ঞান লেখক সংস্থা (১৯৯৯-২০০২)
- সদস্য, আন্তৰ্জাতিক বিজ্ঞান লেখক সংস্থা, আমেৰিকা
- আজীৱন সদস্য, ভাৰতীয় বিজ্ঞান লেখক সংস্থা
- হিতৈষী সভ্য, অসম সাহিত্য সভা
- আজীৱন সভ্য, অসম বিজ্ঞান সমিতি
- প্ৰাক্তন সদস্য, গৱেষণা-উন্নয়ন পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ ভাৰতীয় সমিতি
- জুৰিৰ প্ৰাক্তন সদস্য, ৰাষ্ট্ৰীয় জনপ্ৰিয় বিজ্ঞান বঁটা, এন.ছি.এছ.টি.ছি., ভাৰত চৰকাৰ
- প্ৰাক্তন সদস্য, অসমীয়া উপদেষ্টা পৰিষদ, সাহিত্য একাডেমি
- প্ৰাক্তন সদস্য, পৰিচালনা সমিতি, দেৰগাঁও কমল দুৱৰা কলেজ
- প্ৰাক্তন সদস্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক'ৰ্ট
- প্ৰাক্তন সদস্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্য্যৱাহী পৰিষদ
- প্ৰতিষ্ঠাপক সভাপতি, যোৰহাট বাল্যভৱন প্ৰকাশন উপ-সমিতি (২০০১-০৯)
- সদস্য, ৰাজ্যিক উদ্ভাৱন পৰিষদ, অসম
- সদস্য, অসমীয়া উপদেষ্টা পৰিষদ, ৰাষ্ট্ৰীয় অনুবাদ মিছন
- প্ৰাক্তন সদস্য, ভাৰতীয় কল্পবিজ্ঞান লেখক সংস্থা
- প্ৰাক্তন অতিথি সম্পাদক, প্ৰপাগেছন (গৱেষণা আলোচনী), ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় সংস্থা
- প্ৰাক্তন সদস্য, অসমীয়া উপদেষ্টা পৰিষদ, এন.বি.টি., নতুন দিল্লী
- প্ৰাক্তন প্ৰতিষ্ঠাপক সদস্য, অসম শিশু সাহিত্য ন্যাস
সাহিত্যৰাজি
উপন্যাস
- জোনাকীৰ জিলিকনি (চন্দ্ৰ প্ৰকাশ, ১৯৯২; ২০০৯) ৭
- শব্দ, নিৰন্তৰ শব্দ (লয়াৰ্ছ বুক ষ্টল, ১৯৯২; ৪টা সংস্কৰণ, অসম বুক হাইভ, ২০২৪)
- উষ্ম প্ৰৱাহ (পূৰ্বাঞ্চল প্ৰকাশ, ১৯৯৩)
- অতি-বিশিষ্ট সমাজ (ষ্টুডেণ্টছ ষ্ট’ৰ্ছ, ২০০৪)
- আত্মজীৱনীৰ প্ৰয়াস (লয়াৰ্ছ বুক ষ্টল, ২০০৭; ২০১৩)
- দিব্য উপবন (কিৰণ প্ৰকাশন, ২০০৯)
- আত্মজীৱনীৰ দ্বিতীয় প্ৰয়াস (লয়াৰ্ছ বুক ষ্টল, ২০১৪)
- দীনেশ চন্দ্ৰ গোস্বামী: সাহিত্য সমগ্ৰ (খণ্ড-২: উপন্যাস সমগ্ৰ) (ভৱানী বুক্ছ, ২০১৪)
শিশু উপন্যাস
- সোণালী সুৰুযৰ পুৱা (অসম বুক হাইভ, ২০২২)
- মন্টুৰ পৰিৱেশ (অসম বিজ্ঞান লেখক সংস্থা, ২০২০)
শিশু নাটিকা
- ট্ৰাইটনৰ অভিযান (প্ৰকাশিকা, ১৯৯১; অসম বুক ট্ৰাষ্ট, ২০১৮)
গল্প-সংকলন
- ভদ্ৰতামাপক যন্ত্ৰ (চাৰু প্ৰকাশ, ডুমডুমা, ১৯৮৫)
- পোৰ্টেবল স্মেল এব্জৰ্বাৰ (অনন্ত প্ৰকাশ, ১৯৮৬)
- এক তৰংগৰ দৰে (চাৰু প্ৰকাশ, ১৯৯৫)
- অভিন্ন হৃদয় (বাণী মন্দিৰ, ২০০৪)
- কল্পজগত (ষ্টুডেণ্টছ ষ্ট’ৰ্ছ, ২০০৪)
- দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প (এন.বি.টি. ২০০৫; ২০১০) (এই পুথিৰ ইংৰাজী সংস্কৰণ: ‘The Hair Timer’, NBT, ২০১১)
- অন্তৰ্ৱাহী (জ্যোতি প্ৰকাশন, ২০১১)
- দীনেশ চন্দ্ৰ গোস্বামী: সাহিত্য সমগ্ৰ (খণ্ড-১: গল্প সমগ্ৰ) (ভৱানী বুক্ছ, ২০১৪)
- নতুন শতিকাৰ কল্পবাস্তৱ (অসম বুক ট্ৰাষ্ট, ২০১৬) ৭
- শ্যামল অনুভৱ (অসম বুক হাইভ, ২০২১)
- মায়াবী বান্ধোন (অসম বুক হাইভ, ২০২৪)
নাটক সংকলন
- ড° দীনেশ চন্দ্ৰ গোস্বামীৰ কেইখনমান অনাতাঁৰ নাটক (অসম বুক হাইভ, ২০২২)
জনপ্ৰিয় বিজ্ঞান
- অভিনৱ আৱিষ্কাৰ (বাণী প্ৰকাশ, ১৯৭৫)
- ন শিকাৰুৰ বাবে লেখ (অৰিয়েণ্ট লংমেন, ১৯৭৫)
- মানুহ আৰু মহাকাশ (অসম বিজ্ঞান সমিতি, ১৯৭৬, ২০১৮)
- বিশ্বব্ৰহ্মাণ্ড (অসম প্ৰকাশন পৰিষদ, ১৯৭৭)
- সংযোগ (সাহিত্য প্ৰকাশ, ১৯৭৯)
- বতৰ (এল.বি.এছ. প্ৰকাশন, ১৯৭৭; অসম বুক ট্ৰাষ্ট, ২০১৮)
- শব্দ (অসম বিজ্ঞান সমিতি, ১৯৭৭)
- আমাৰ বেলিটো (অসম বিজ্ঞান সমিতি, ১৯৭৭)
- দেৱতা পৃথিৱীলৈ আহিছিল নেকি? (চন্দ্ৰ প্ৰকাশ, ১৯৭৭)
- Our Wonderful Universe (NBT, ১৯৯৩)
- কম্পিউটাৰ (অসম শিশু সাহিত্য ন্যাস, ১৯৯৫)
- বিজ্ঞানীৰ লগত কাল্পনিক সাক্ষাৎকাৰ (স্বস্তিকা প্ৰকাশন, ১৯৯৫)
- বিজ্ঞানীৰ লগত কাল্পনিক সাক্ষাৎকাৰ (ষ্টুডেণ্টছ ষ্ট’ৰ্ছ, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-১ (জ্ঞান বিজ্ঞান সমিতি, অসম, ১৯৯৫)
- বিজ্ঞানৰ সৰু সৰু কথা-২ (জ্ঞান বিজ্ঞান সমিতি, অসম, ১৯৯৬)
- বিজ্ঞানৰ সৰু সৰু কথা-৩ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-৪ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-৫ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-৬ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-৭ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-৮ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-৯ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- বিজ্ঞানৰ সৰু সৰু কথা-১০ (জ্ঞান বিজ্ঞান সমিতি, অসম, ২০০৪)
- মহাকাশ অভিযান (জ্ঞান বিজ্ঞান সমিতি, অসম, ১৯৯৬)
- পদাৰ্থবিজ্ঞানৰ মনোৰম জগতখন (জিজ্ঞাস প্ৰকাশন, ১৯৯৬; অসম বুক ট্ৰাষ্ট, ২০১৮)
- জোন-বেলি-তৰা (জিজ্ঞাস প্ৰকাশন, ১৯৯৭; অসম বুক ট্ৰাষ্ট, ২০১৮)
- বিজ্ঞানৰ বিচিত্ৰ জগত (১) (লয়াৰ্ছ বুক ষ্টল, ১৯৯২; ১৯৯৯; ২০০১; ২০১১)
- বিজ্ঞানৰ বিচিত্ৰ জগত (২) (লয়াৰ্ছ বুক ষ্টল, ২০০৪; ২০১১)
- শতাধিক মহান বিজ্ঞানী, (ষ্টুডেণ্ট্ছ ষ্ট’ৰ্ছ, ১৯৯৯; ২০০৫)
- কুৰি শতিকাৰ কুৰিজন মহান বিজ্ঞানী আৰু আৱিষ্কাৰক (ষ্টুডেণ্ট্ছ ষ্ট’ৰ্ছ, ২০০১)
- বিজুলীৰ সঁচা সাধু (কে.এম. পাবলিছিং কোম্পানি, ২০০২; অসম বুক ট্ৰাষ্ট, ২০১৮)
- মনোৰম বিশ্বব্ৰহ্মাণ্ড (অসম সাহিত্য সভা, ২০০৩)
- দক্ষিণ মেৰু অভিযান (ষ্টুডেণ্টছ ষ্ট’ৰ্ছ, ২০০৬)
- বিজ্ঞানৰ বিতোপন জগত (১) (সাৰস্বত, ২০০৬; ২০১৩)
- মানুহৰ জগত (অসম প্ৰকাশন পৰিষদ, ২০০৭)
- বিজ্ঞানেৰে জীৱনৰ বোধ (কিৰণ প্ৰকাশন, ২০১০)
- বিজ্ঞানৰ বিচিত্ৰ জগত (৩) (লয়াৰ্ছ বুক ষ্টল, ২০১১)
- বিজ্ঞানৰ বিচিত্ৰ জগত (৪) (লয়াৰ্ছ বুক ষ্টল, ২০১১)
- বিজ্ঞানৰ বিনন্দীয়া জগত (বনলতা, ২০১১)
- উৰন্ত চাকিত উঠি ‘তেওঁলোক’ আহে নেকি? (সাৰস্বত, ২০১১)
- বিজ্ঞানৰ অনুপম জগত (বনলতা, ২০১২)
- বিজ্ঞানীৰ জীৱনৰ অন্য দিশ অন্য কথা (সাৰস্বত, ২০১২)
- বিজ্ঞানৰ বিতোপন জগত (২) (সাৰস্বত, ২০১৩)
- প্ৰশ্নৰ সন্ধানত বিজ্ঞানৰ কেতবোৰ উত্তৰ (বিশাল প্ৰকাশন, ২০১৪)
- পুতুল খুৰাৰ আজব কাণ্ড (বাণী প্ৰকাশ মন্দিৰ, ২০১৪)
- গেলিলিঅ’ গেলিলি (ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০১৪)
- পৰিৱেশৰ বাবে সামান্য কাম (অসম বুক ষ্ট্ৰাষ্ট, ২০১৭)
- বিজ্ঞানৰ বৰ্ণময় জগত (অসম বুক ষ্ট্ৰাষ্ট, ২০১৮)
- গেলিলিঅ’ৰ জীয়েক (অসম বুক ষ্ট্ৰাষ্ট, ২০১৮)
- বিজ্ঞানৰ অভিনৱ জগত (অসম সাহিত্য সভা, ২০২১)
- বিজ্ঞান জগতৰ অনন্য জীৱন (অসম বুক হাইভ, ২০২১)
- বিজ্ঞান জগতৰ মোহনীয় কাহিনী (অসম বুক হাইভ, ২০২২)
- বিজ্ঞানৰ ৰমণীয় জগত (বনলতা, ২০২৪)
- বিজ্ঞানৰ নিৰুপম জগত (বনলতা, ২০২৪)
প্ৰবন্ধ/আলোচনা
- বৈজ্ঞানিক মন, বৈজ্ঞানিক চিন্তা (ষ্টুডেণ্ট্ছ ষ্ট’ৰ্ছ, ১৯৯৯)
- কিতাপৰ বিচিত্ৰ জগত (অসম বুক ট্ৰাষ্ট, ২০১৬)
সাক্ষৰতা অভিযান
- লিখা-পঢ়া শিকোঁ–৩ খণ্ড
- ‘লিখা-পঢ়া শিকোঁ’ৰ প্ৰশিক্ষকৰ হাতপুথি–৩ খণ্ড
পাঠ্যপুথি
- আধুনিক পদাৰ্থবিজ্ঞান (স্নাতক মহলাৰ) (গুৱাহাটী বিশ্ববিদ্যালয় পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি, ১৯৭৫)৫
- উচ্চ বিজ্ঞান (নৱম শ্ৰেণী)
- উচ্চ বিজ্ঞান (দশম শ্ৰেণী) মাধ্যমিক শিক্ষা পৰিষদ, অসম, ১৯৭৫
অন্যান্য
- অন্য এক দৃষ্টিকোণৰপৰা (যুটীয়াভাৱে, বীণা লাইব্ৰেৰী; ১৯৭৮, কিৰণ প্ৰকাশন, ২০১০)৭
- মোৰ দিঠকৰ সপোন (ইলোৰা প্ৰকাশন, ২০১৩)
- মোৰ সপোনৰ দিঠক (অসম বুক ষ্ট্ৰাষ্ট, ২০১৭)
- সময়ৰ সাঁচিপাত (অসম বুক ষ্ট্ৰাষ্ট, ২০১৭)
- আশা আৰু আকাংক্ষাৰ কুসুম বুটলি (অসম বুক হাইভ, ২০২০)
- সোণালী সপোন মোৰ (অসম বুক হাইভ, ২০২১)
- সৌৰভ কুমাৰ চলিহা--ব্যক্তি আৰু কৃতি (ড° ৰূপশ্ৰী গোস্বামীৰ লগত যুটীয়াভাৱে) (অসম বুক হাইভ, ২০২৩)
- সপোন-দিঠকৰ ছবি (অসম বুক হাইভ, ২০২৩)
- শিশু আৰু কিশোৰৰ নিৰুপম জগত (যুটীয়ভাৱে)(অসম বুক হাইভ, ২০২৫)
অনুবাদ
- পৰমাণুৰ কথা (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৭৪)
- দানাপানী (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৭৯)
- শিক্ষকৰ হাতপুথি ১ম খণ্ড (এন.ছি.ই.আৰ.টি. ১৯৭৪)
- শিক্ষকৰ হাতপুথি ২য় খণ্ড (এন.ছি.ই.আৰ.টি. ১৯৭৪)
- সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ (অসম প্ৰকাশন পৰিষদ, ১৯৮২; শৰাইঘাট প্ৰকাশন)
- ছি.ভি. ৰামণ (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮৪)
- মহাজাগতিক উপহাৰ (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮৫)
- গৰুগাড়ীৰপৰা উপগ্ৰহলৈ (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮৫)
- পানী (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮৮)
- টেলিভিছন (অসম শিশু সাহিত্য ন্যাস, ১৯৮৯)
- টেলিফোন (অসম শিশু সাহিত্য ন্যাস, ১৯৯২)
- কাইলৈ এনে ঘটিছিল (নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৯৬)
- ২০০১- এখন মহাকাশ অ’ডিছি (লয়াৰ্ছ বুক ষ্টল, ১৯৯৬)
- মহাকাশচাৰী (শৰাইঘাট প্ৰকাশন, ১৯৯৯)
- পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান (শৰাইঘাট প্ৰকাশন, ২০০০)
- কেপ্টেইন গ্ৰেণ্টৰ সন্তান (শৰাইঘাট প্ৰকাশন, ২০০৫)
- শ্বাৰলক হ’ম্ছৰ ৰহস্য কাহিনী [৩] (যুটীয়াভাৱে, শৰাইঘাট প্ৰকাশন, ২০০৪)
- নোমৰ দেশ (শৰাইঘাট, ২০১২)
- দেৱদূত, চয়তান আৰু বিজ্ঞান (এন.বি.টি. ২০১২)
- এজন বিপ্লৱী বিজ্ঞানী–আইনষ্টাইন আৰু তেওঁৰ ধাৰণাসমূহ (এন.বি.টি., যন্ত্ৰস্থ)
- মঙলৰ ৰাজকুমাৰী (শৰাইঘাট প্ৰকাশন, ২০২১)
- ২৮৮৯ চনত (শৰাইঘাট প্ৰকাশন, ২০২১)
- জুল ভাৰ্নৰ সাহিত্য সম্ভাৰ ১ (অসম বুক হাইভ, ২০২৪)
সম্পাদনা
- বিশ্বকোষ (বিজ্ঞানৰ তিনি খণ্ড, ২৪০০ পৃষ্ঠা, অসম সাহিত্য সভা, ২০০২–মুখ্য সম্পাদক)
- বিজ্ঞান অভিধান ১ম খণ্ড (অসম বিজ্ঞান সমিতি, ১৯৭৭–মুখ্য সম্পাদক)
- অসমীয়া বৈজ্ঞানিক পৰিভাষা (গুৱাহাটী বিশ্ববিদ্যালয় পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি, ১৯৭৩– সংকলক)
- অসমীয়া বিশ্বকোষ (অসম প্ৰকাশন পৰিষদ, ১৯৮০–সহযোগী সম্পাদক, বিজ্ঞান)
- ‘দৃষ্টি’ (বিজ্ঞানৰ একো একোটা বিষয়ৰ একক দুমহীয়া আলোচনী, অসম চৰকাৰৰ অনুদানেৰে৷ –সম্পাদক, (১৯৮৪-৯৫, ৫৮ টা সংখ্যা প্ৰকাশিত)
- হেমলিন নিউ জুনিয়ৰ এনছাইক্ল’পেডিয়া (পীতাম্বৰ, নতুন দিল্লী, ১৯৯৮–সম্পাদক)
- Science and Human Values (Assam Science Society, ১৯৮২–Editor)
- বিজ্ঞান লেখকৰ হাতপুথি (অসম বিজ্ঞান সমিতি] যোৰহাট শাখা আৰু নবীন পুস্তকালয়, যোৰহাট, ২০০৩; অসম বুক হাইভ, গুৱাহাটী, ২০০৯, ২০১৭–সম্পাদক)
- আমাৰ সৰুকালিৰ দিনবোৰ (বাল্য ভৱন প্ৰকাশন, ২০০৩–সম্পাদক)
- ‘কালজয়ী সাহিত্য’ ছিৰিজত পৃথিৱীৰ বিখ্যাত পুথিসমূহৰ (১২৪ খন পুথি) অনুবাদ (শৰাইঘাট প্ৰকাশন, ১৯৯৯-২০১২; ২০২০-২০২১–সম্পাদক)
- লিখা-পঢ়া শিকোঁ (অসম বিজ্ঞান সমিতি, ১৯৯১-৯২, দেশৰ সাক্ষৰতা অভিযানৰ সৰ্বাধিক সফল ৩খন পাঠ্যপুথি আৰু ৩কন হাতপুথিৰ স্বীকৃতিপ্ৰাপ্ত পৰিকল্পনা আৰু সম্পাদনা)
- জ্ঞান বিজ্ঞান সমিতি, অসমৰ কুৰিখনতকৈ অধিক পুথিৰ সম্পাদক
- গুৱাহাটী বিশ্ববিদ্যালয় পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ ডেৰকুৰি পাঠ্যপুথিৰ ভাষা-সম্পাদক
- Physics at Home (NCSTC-Network, New Delhi, ২০০৭–Editor)
- ৰঙা গোলাপৰ পাহি (মেৰি কৰেলি, অনু: দীপ্তি গোস্বামী, শৰাইঘাট প্ৰকাশন, ২০০৪–সম্পাদক)
- গাঁৱৰ সমাজ (শৰৎ চন্দ্ৰ চট্টোপাধ্যায়,অনুঃ মঞ্জুলা বৰা) শৰাইঘাট প্ৰকাশন, ২০০৬–সম্পাদক)
- এনেকুৱাও ঘটে (টিভি ছিৰিয়েল, ৩০টা খণ্ড, এন.ছি.এছ.টি.ছি. নেটৱাৰ্ক, ২০০৯–সম্পাদক)
- কুশলে থাকক ইত্যাদি (টিভি ছিৰিয়েল, ৫২ টা খণ্ড, বিজ্ঞান প্ৰসাৰ, ২০১০–সম্পাদক)
- কিয়, কেনেকৈ (টিভি ছিৰিয়েল, ২৬ টা খণ্ড, বিজ্ঞান প্ৰসাৰ, ২০১২–সম্পাদক)
- বিজ্ঞানৰ এটা প্ৰশ্ন (টিভি ছিৰিয়েল, ২৬ টা খণ্ড, বিজ্ঞান প্ৰসাৰ, ২০১৪–সম্পাদক)
- গণিতৰ জগত (টিভি ছিৰিয়েল, ২৬ টা খণ্ড, বিজ্ঞান প্ৰসাৰ, ২০১৫–সম্পাদক)
- প্ৰবুদ্ধ মছলা (টিভি ছিৰিয়েল, ২৬ টা খণ্ড, বিজ্ঞান প্ৰসাৰ, ২০১৬–সম্পাদক)
- অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বাবে কেইবাখনো ভিদিঅ’ চলচ্ছিত্ৰৰ সম্পাদনা
- অসম বিজ্ঞান সমিতিৰ এলানি জনপ্ৰিয় বিজ্ঞানৰ পুথিৰ সম্পাদনা
- শৰাইঘাট অভিধান (১২৪২ পৃষ্ঠা, শৰাইঘাট প্ৰকাশন, ২০১১–মুখ্য সম্পাদক)
- অনন্ত নাথ গোস্বামী: নিজকে গঢ়া মানুহজন (প্ৰকাশক নিজে, ২০১৩–সম্পাদক)
- বিজ্ঞানৰ সাধু (ৰোহিণী কান্ত বৰুৱা, অসম প্ৰকাশন পৰিষদ, ২০১৫–সম্পাদক)
- অশোক বিজ্ঞান অভিধান (১০৭২ পৃষ্ঠা, অশোক বুক ষ্টল, ২০১৬–মুখ্য সম্পাদক)
- আমি কেনেকৈ বিশ্বকোষ কৰিলোঁ (আকাশ প্ৰকাশন, ২০১৬–যুটীয়াভাৱে সম্পাদক)
- বিজ্ঞানৰ প্ৰগতি (প্ৰায় ৮০০ পৃষ্ঠা, অসম প্ৰকাশন পৰিষদ, ২০১৭–মুখ্য সম্পাদক)
- সজাগ কণমানিহঁত (অসম আৰক্ষী, ২০২১)–সম্পাদক
অন্যান্য
ৰেডিঅ’যোগে প্ৰচাৰ
- দুকুৰিৰ ওপৰ কল্পবিজ্ঞান নাটক প্ৰচাৰ (আকাশৱাণী-গুৱাহাটী আৰু ডিব্ৰুগড়)
- আকাশৱাণীৰ সকলো কেন্দ্ৰপৰা নিজ নিজ ভাষাত 'পৰিব্ৰাজক' নামৰ এখন কল্পবিজ্ঞান নাটক প্ৰচাৰ, ১৯৭৫। ইউটিউবত হিন্দী ৰূপ উপলব্ধ।
- এখন চাৰিটা খণ্ডৰ কল্পবিজ্ঞান নাটক ('ৰবট বিজয় নাট') আকাশৱাণী-গুৱাহাটীৰপৰা প্ৰচাৰ, ১৯৮৬
- এখন ১৩ টা খণ্ডৰ কল্পবিজ্ঞান নাটক ('অতিবিশিষ্ট সমাজ') আকাশৱাণী-ডিব্ৰুগড়ৰপৰা প্ৰচাৰ, ১৯৯৮-৯৯
- পাঁচশৰো অধিক কথিকা
- এশৰো অধিক ৰূপক
- চাৰিকুৰিৰো অধিক আলোচনা,ফোন-ইন অনুষ্ঠান সাক্ষাৎকাৰ, মন্তব্য আদি
- জীৱনৰ দীঘ-বাণি (আঠটা খণ্ডত জীৱন পৰিক্ৰমা, ২০১৫)
- কেইবাখনো ‘মুকলি চ’ৰা’ত অংশগ্ৰহণ
জনিপ্ৰয় বক্তৃতা
- পাঁচশৰো অধিক জনিপ্ৰয় বিজ্ঞান, বিজ্ঞান শিক্ষা, অন্ধবিশ্বাস, বৈজ্ঞানিক মানসিকতা, অসমীয়া ভাষা-সাহিত্য আদি বিষয়ক বক্তৃতা৷ ৬
দীনেশ চন্দ্ৰ গোস্বামী–জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ
- ‘বিশিষ্ট বিজ্ঞান লেখক আৰু বিজ্ঞান প্ৰচাৰক ড॰ দীনেশ চন্দ্ৰ গোস্বামী’, প্ৰতিভা দেৱী, (চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, ২০০৭)
- ‘ড॰ দীনেশ চন্দ্ৰ গোস্বামী–ভৱিষ্যতৰ মানুহ’, ড॰ প্ৰমোদ চন্দ্ৰ নেওগ (মুখ্য সম্পাদক) আৰু ড॰ মণ্টু ভূঞা (সম্পাদক), বেদকণ্ঠ, যোৰহাট, ২০১৩)
- ‘ড॰ দীনেশ চন্দ্ৰ গোস্বামী–বিজ্ঞান, জীৱন আৰু সাহিত্য’, বিনয় মোহন শইকীয়া (বান্ধৱ, গুৱাহাটী, ২০১৮)
- ‘ড॰ দীনেশ চন্দ্ৰ গোস্বামীৰ জীৱন পৰিক্ৰমা’, সম্পাঃ নিকুমণি হুছেইন (পুথিতীৰ্থ, গুৱাহাটী, ২০২৩)
মতামত
সৌৰভ কুমাৰ চলিহাৰ মতে দীনেশ চন্দ্ৰ গোস্বামীৰ লিখনিয়ে জনপ্ৰিয়তা লাভ কৰাৰ কাৰণ কেইবাটাও আছে। প্ৰথমতে, গল্পবোৰত যৌনতা বা ছেক্সৰ প্ৰাচূৰ্য্য, দ্বিতীয়তে, গল্পসমূহত হাস্যৰসৰ ফল্গুপ্ৰৱাহ, তৃতীয়তে, লিখনিত প্ৰয়োগ কৰা কিছুমান সুতীক্ষ্ণ মনস্তাত্ত্বিক আলোকপাত, চতুৰ্থতে, গল্পবোৰত বৈজ্ঞানিক শব্দাৱলীৰ পয়োভৰ, পঞ্চমতে, গল্পবোৰৰ বিস্ময়কৰ বিষয় বৈচিত্ৰ্য।৭ সাদিনে লিখিছে, “বিজ্ঞানৰ প্ৰামাণ্য সত্য এটাক প্ৰাণৱন্ত কাহিনীৰে জগাই তোলাৰ বিৰল দক্ষতা গোস্বামীয়ে প্ৰদৰ্শন কৰি আহিছে। বিজ্ঞান সংবাদকো তেওঁ একে আধাৰতে জীৱন সংবাদ আৰু মানৱ সংবাদ কৰিছে। তেওঁৰ ৰচনা ব্যতিক্ৰম।” উৎপল দত্ত (অভিনেতা)ই কৈছে, “তেওঁৰ আটাইবোৰ কাহিনীৰ কেন্দ্ৰবিন্দুত বিজ্ঞান থাকিলেও মানৱ মনৰ অনুভূতিৰ জগতখনৰ বিভিন্ন স্তৰৰ ছবিও সূক্ষভাৱেই অংকিত হৈছে। মানুহ আৰু বিজ্ঞান দুয়োটাৰে সাৰ্থক উপস্থিতিয়ে তেওঁৰ কাহিনীবোৰক মগজু আৰু হৃদয় দুয়োটাৰে ওচৰ কৰি তুলিছে।”৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ অনুবাদ-দীনেশ চন্দ্ৰ গোস্বামী. (১৯৯৯). মহাকাশচাৰী
- ↑ বিনয় মোহন শইকীয়া. (২০১৮). দীনেশ চন্দ্ৰ গোস্বামী. বান্ধৱ. পৃ. ৪
- ↑ www.xahitya.org/2014/02/15/বিশিষ্ট-কল্পবিজ্ঞান-ল link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.xahitya.org/2014/02/15/বিশিষ্ট-কল্পবিজ্ঞান-ল link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ অৰবিন্দ ৰাজখোৱা (লেখক). ((অসমীয়া বিজ্ঞান সাহিত্য)). নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. পৃ. 237. ISBN 978-81-925881-0-0
- ↑ বিনয় মোহন শইকীয়া. (২০১৮). দীনেশ চন্দ্ৰ গোস্বামী. বান্ধৱ, গুৱাহাটী. পৃ. ৪
- ↑ সৌৰভ কুমাৰ চলিহা. ((দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প)). নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া. পৃ. viii-xiii. ISBN 978-81-237-4382-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীনেশ চন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৮২৫৯৮ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।