অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গণেশ গগৈ

গণেশ গগৈ (Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল।

হালনাগাদ: ১০ মে’ ২০২৫ ৩৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গণেশ গগৈ (Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও১, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল।

চমু জীৱনী

গণেশ গগৈৰ ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম কনক চন্দ্ৰ গগৈ আছিল২। গণেশ গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ত নাম লগায়। অবিভক্ত লখিমপুৰ জিলা জিলাৰ প্ৰথম গ্ৰেজুৱেট আছিল। ১৯২৭ চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগোৱাৰ পিছত বন্ধু আনন্দ চন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰচ হিন্দু কলেজলৈ যায়। কিন্তু পঢ়া সাং নকৰি ঘৰলৈ আহি সাহিত্য চৰ্চাত মনপুতি লাগে। ১৯৩৮ চনৰ ২১ আগষ্টত মাথোঁ ৩০ বছৰ বয়সতে তেখেতৰ মৃত্যু ঘটে।

সাহিত্যিক অৱদান

বিংশ শতিকাৰ প্ৰথম ভাগত কলিকতাত হোৱা সাংস্কৃতিক জাগৰণে তেখেতক অসমতো এক নাট্য আন্দোলন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। তেখেতে আনন্দ চন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত "বাণী সন্মিলন" প্ৰতিষ্ঠা কৰে। তাৰ উপৰিও তেখেতে কেইবাখনো চুটি নাট লিখি গ্ৰামফোন ৰেকৰ্ড উলিয়াইছিল।

১৯২৯ চনত তেখেতে "যোৰহাট থিয়েটাৰ"ত যোগ দি অভিনয় কৰা আৰম্ভ কৰে। এই সময়ছোৱাতে তেখেতে কেইবাখনো নাটক আৰু চুটি নাট লিখি উলিয়ায়। "যোৰহাট থিয়েটাৰ"ত মঞ্চস্থ কৰা গণেশ গগৈৰ কেইখনমান নাটক হ’ল: নাটক

  • জেৰেঙাৰ সতী (১৯৩৭),
  • শকুনিৰ প্ৰতিশোধ,
  • কাশ্মীৰ কুমাৰী,
  • লাচিত,
  • দক্ষ যজ্ঞ,
  • সীতাৰ বনবাস,
  • কুৰি শতিকা,
  • কমলা কুৱঁৰী ইত্যাদি

কবিতা

  • পাপৰি (১৯৩৪); এই কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰে।
  • স্বপ্ন ভংগ (১৯৩৪)
  • ৰূপজ্যোতি (১৯৪৫)
  • নাৱৰীয়া
  • ব’ৰাগী

সংগীতৰ জগততো খোজ পেলোৱা গণেশ গগৈৰ যুগজয়ী গীতবোৰ বিভিন্ন আলোচনী যেন বাঁহী, আৱাহন, ঘৰ-জেউতি, দৈনিক বাতৰি ন-জোন আদিত প্ৰকাশ পাইছিল আৰু পিছলৈ ‘ৰূপজ্যোতি’ নামৰ কিতাপ আকাৰে প্ৰকাশ পায়। তেখেতৰ গীতিমালা নামৰ গ্ৰন্থখনত এই গানবোৰ লিপিবদ্ধ কৰা হৈছিল।

সন্মান

  • অসম চৰকাৰে ২০০৯ চনৰে পৰা কবিজনৰ সন্মানাৰ্থে গণেশ গগৈ বঁটা প্ৰদান কৰি আহিছে।
  • "গণেশ গগৈৰ জীৱন সুৰভি" নামৰ এখন তথ্যচিত্ৰ তেখেতৰ জীৱন আৰু কৰ্মাৱলী বিষয়ক সামৰি নিৰ্মাণ কৰা হৈছে, এই তথ্যচিত্ৰখন ঢাকাত অনুষ্ঠিত ২০০৭ চনৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভৱে নিৰ্বাচিত কৰা হৈছিল৩।
  • গণেশ গগৈ কবিতা কানন নামে এখন উদ্যান অসমৰ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি কৰা হৈছে।

বাহ্যিক সংযোগ

গ্ৰন্থ:

অডিঅ’:

তথ্যসূত্ৰ

  1. ↑ Music of India Website
  2. ↑ Ganesh Gogoi – A Versatile Genius, by Babul Tamuli, Source, Bipuljyoti.in
  3. ↑ Ganesh Gogoi Award to Hiren Bhattacharya দ্য আছাম ট্ৰিবিউনত প্ৰকাশিত বাতৰি, তাৰিখ: ছেপ্টেম্বৰ ১১, ২০০৯]

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমীয়া নাট্যকাৰঅসমীয়া অভিনেতাঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণেশ গগৈ” প্ৰবন্ধৰ সংশোধন ৫০৭৪৫৮ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।