অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লক্ষ্মীৰাম বৰুৱা

"লক্ষ্মীৰাম বৰুৱা" অসমৰ এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক। তেখেত আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া স্বৰূপ আছিল।

হালনাগাদ: ৬ মে’ ২০২০ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

"লক্ষ্মীৰাম বৰুৱা" অসমৰ এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক। তেখেত আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া স্বৰূপ আছিল।

জন্ম আৰু বাল্যকাল

উত্তৰ গুৱাহাটীৰ শিলসাঁকোত বেথাৰাম বৰুৱাৰ ঔৰষত আৰু সেউতী বৰুৱানীৰ গৰ্ভত লক্ষ্মীৰাম বৰুৱাৰ জন্ম হয়। সৰুকালতেই তেঁও মাক দেউতাকক হেৰুৱাব লগা হৈছিল।১

সংগীত সাধনা

আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া লক্ষ্মীনাথ বৰুৱাই বান ৰংগমঞ্চৰ সংগীত অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। ১৯০৯ চনত তেখেতৰ সংগীত বিষয়ক প্ৰথম পুথি "সঙ্গীত-কোষ" প্ৰকাশ পায়। জাতীয় সংগীত, বিবিধ সংগীত আৰু পুৰণি সংগীত নামেৰে তিনিটা শিতানত এই পুথিত ৪২২ টা গীত সন্বিবিষ্ট কৰা হৈছে, আৰু লগতে গীতসমূহৰ ৰাগ আৰু তালো উল্লেখ কৰা হৈছে।বৰুৱাদেৱে অসমৰ থলুৱা গীত-মাতো ছপা আকাৰে প্ৰকাশ কৰিছিল।

সাহিত্য কৃতি

বৰুৱাদেবৰ ৰচনাৱলী মূলত: সংগীত সম্বন্ধীয়। তেখেতৰ ৰচিত পূথি সমূহ হ'ল

  • সংগীত কোষ - ১৯০৯ চন
  • সংগীত সাধনা- ১৯১০ চন
  • শিক্ষা সহচৰ- ( ছাত্ৰ-ছাত্ৰীৰ বাবে তৈয়াৰ কৰা থলুৱা গীতৰ স্বৰলিপিৰ সংকলন। ইয়াত বৰুৱাৰ বাদেও আন লোকৰ ৰচনা আছে)

উষা আলোচনীত প্ৰকাশিত সংগীত বিষয়ক প্ৰৱন্ধ

  • নানাবিধ সাংগীতিক ব্যাখ্যা
  • বাদ্য যন্ত্ৰাদিৰ কথা
  • মাৰ্গ আৰু দেশী সংগীত
  • গায়ক আৰু বাদক

তথ্যসূত্ৰ

  1. ↑ " বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ, ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া প্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মীৰাম বৰুৱা” প্ৰবন্ধৰ সংশোধন ২২৫৮৯৭ (৬ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।