লম্বোদৰ বৰা (Lambodar Bora) (১৮৬০-১৮৯২) অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক আছিল। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম১। অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠাৰ আঁৰত এখেতৰ অৱদান অতিকৈ উল্লেখযোগ্য২।
চমু জীৱনী
লম্বোদৰ বৰা জন্ম হয় ১৮৬০ চনত দৰং জিলাৰ গমিৰি মৌজাৰ খালিপোকীয়া গাঁৱত হৈছিল২৷ তেখেতৰ পিতৃৰ নাম বৃকোদৰ কাকতি৷ ১৮৭৭ চনত তেজপুৰৰ মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ বৃত্তি পৰীক্ষা উত্তীৰ্ণ হয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৮৮২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ পৰৱৰ্তী সময়ত তেখেতে কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউচনত নাম ভৰ্ত্তি কৰে৷ কলিকতাৰ পৰাই এফ.এ. আৰু ১৮৮৭ চনত স্নাতক উপাধি অৰ্জন কৰে৷ আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেখেতে "কোহিমা হাইস্কুল"ৰ প্ৰধান শিক্ষক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ দুবছৰ তেওঁ সেই পদতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ কলিকতালৈ গৈ আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু বি.এল. ডিগ্ৰী লাভ কৰি তেজপুৰলৈ আহি আইনজ্ঞ ৰূপে অধিষ্ঠিত হয়২৷
সাহিত্যিক অৱদান
লম্বোদৰ বৰাই বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল৷ আসাম বিলাসিনী, "আসাম তৰা", আসাম নিউজ আদি কাকত আলোচনীত নিয়মিতভাৱে লিখামেলা কৰিছ্লি২৷ আসাম বন্ধুত প্ৰকাশিত ’সদানন্দৰ কলা ঘূমটি’, ’সদানন্দ নতুন অভিধান’ ’সদানন্দৰ সমাচাৰ’ আদি ব্যংগ সাহিত্য ৰচনা কৰিছিল৷ ’শকুন্তলা’ নাটকখন তেখেতে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল২৷ ’ল’ৰাবোধ’ আৰু ’জ্ঞানোদয়’ বৰাৰ দুখন প্ৰকাশিত পাঠ্যপুথি৩৷ ’ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আৰু ’সমাজ দৰ্পন’ নামৰ পুথি দুখন অসমাপ্ত অৱস্থাত থাকোতেই ১৮৯২ চনৰ ১২ এপ্ৰিলত হাইজা ৰোগত আক্ৰান্ত হৈ মৃত্যুৱৰণ কৰে২৷
তথ্যসূত্ৰ
- ↑ Satyendranath Sarma. (1976). A History of Indian Literature: Modern Indo-Aryan literatures. Assamese literature. Otto Harrassowitz Verlag. পৃ. 95–. ISBN 978-3-447-01736-7
- ↑ নৱজ্যোতি দেৱ চৌধুৰী. (ছেপ্টেম্বৰ, ২০০৯). ঐতিহাসিক তেজপুৰ. পৃ. ৫৬-৫৭. ISBN নাই
- ↑ Sisir Kumar Das. (1991). A History of Indian Literature: 1800-1910, Western impact: Indian response. Sahitya Akademi. পৃ. 519–. ISBN 978-81-7201-006-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লম্বোদৰ বৰা” প্ৰবন্ধৰ সংশোধন ৪৯৪০৮৫ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।