অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কীৰ্তিনাথ হাজৰিকা

কীৰ্তিনাথ হাজৰিকা (Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৫ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কীৰ্তিনাথ হাজৰিকা (Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল। তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ হাইলাকান্দি অনুষ্ঠিত হোৱা ৫৪ তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল।১ কীৰ্তিনাথ হাজৰিকাৰ ২০০২ চনৰ ৩ মে তাৰিখে দেহৱসান ঘটে।

সাহিত্যিক অৱদান

অনুবাদ গ্ৰন্থ

  1. এহেজাৰ এনিশাৰ সাধু,
  2. দাপোণৰ দেশত এলিচ,
  3. ৰামধেনু,
  4. নৈখনে কথা কোৱাৰ দিছা,
  5. মতিলাল ঘোষ,
  6. গৌতম বুদ্ধ,
  7. কিতাপৰ বিচিত্ৰ পৃথিৱী,
  8. মনৰ কথা।

শিশু সাহিত্য

  1. ফুটুকাৰ ফেন,
  2. অলৌগুটি টলৌগুটি,
  3. হুঁচৰিয়ে হাওঁ।

অন্যান্য গ্ৰন্থ

  1. নাৰদৰ ডায়েৰী,
  2. বিকৰ্ষণ আকৰ্ষণ,
  3. অসমীয়া সাংবাদিকতা,
  4. অসম আৰু নেতৃত্ব।

পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান

  1. শ্ৰীমন্ত শংকৰদেৱ বঁটা, (১৯৮৬)
  2. দুৰ্গাৰতন বঁটা, (১৯৮৭)
  3. সাহিত্যিক পেঞ্চন,(১৯৮৭)
  4. বি ডি গোৱেঙ্কা বঁটা, (১৯৮৮)

তথ্যসূত্ৰ

  1. ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃ. ১৫৭

সম্পৰ্কিত শ্ৰেণী

অসম সাহিত্য সভাৰ সভাপতিঅসমীয়া প্ৰবন্ধকাৰঅসমীয়া শিশু সাহিত্যিকশ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ীসাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীৰ্তিনাথ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪৬৬৭৪৫ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।