অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সত্যনাথ বৰা

সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণ, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। 'জোনাকী'ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণ, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। 'জোনাকী'ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। আধুনিক অসমীয়া ভাষাত ৰচিত গীতৰ প্ৰথম পুথি 'গীতাৱলী', ব্যাকৰণৰ পুথি 'বহল ব্যাকৰণ', চিন্তাগধূৰ প্ৰবন্ধৰ সংকলন 'সাৰথি' আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।১

জন্ম আৰু শিক্ষা

১৮৬০ চনত গুৱাহাটীত সত্যনাথ বৰাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দয়ানাথ বৰা আৰু মাতৃ অময়া। সৰুতে পিতৃ-মাতৃ বিয়োগ হোৱাৰ পিছত তেখেতক আইতাক সূৰ্য বৰবৰাণীয়ে ডাঙৰ-দীঘল কৰে।

গুৱাহাটীতে তেখেতে স্কুলীয়া শিক্ষা লাভ কৰে। হাইস্কুলত দুবছৰমান পঢ়াৰ পিছত তেখেতৰ বুঢ়ীমাৰ মৃত্যু হয়। পিছত দদায়েক সোণাৰাম বৰাই তেওঁক স্কুলত ভৰ্তি কৰাই দিয়ে। ১৮৮১ চনত তেখেত দ্বিতীয় বিভাগত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তাৰ চিটী কলেজৰ পৰা তেখেত এফ.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত ১৮৮৬ চনত তেখেত বি.এ. আৰু ১৮৮৯ চনত আইন পৰীক্ষাত উত্তীৰ্ণ হয়।১

কৰ্ম জীৱন

শিক্ষা শেষ কৰি সত্যনাথ বৰা গুৱাহাটীলৈ উভতি আহে আৰু ওকালতি আৰম্ভ কৰে। এই সময়চোৱাতে তেখেতে গুৱাহাটী আৰ্ল ল কলেজত অধ্যাপনা কৰিবলৈ লয়। একে সময়তে তেখেতে কটন বিশ্ববিদ্যালয়ত অসমীয়াৰ অধ্যাপনাও আৰম্ভ কৰে। গুৱাহাটীত ওকালতি ব্যৱসায় আৰম্ভ কৰা তেখেতেই প্ৰথম অসমীয়া।১

কলিকতাত থাকোঁতে 'জোনাকী'ৰ জৰিয়তে তেখেতে অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াইছিল। ৰাজনৈতিক অনুষ্ঠান 'আসাম এছ'চিয়েছন'ৰ লগত তেখেত ঘনিষ্ঠভাৱে জড়িত আছিল। এই অনুষ্ঠানটোৰ ১৯১৫ চনত গুৱাহাটীত বহা অধিবেশনত তেখেত অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু ১৯১৭ চনত শিৱসাগৰত বহা মূল অধিবেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। কলিকতাত বহা নিখিল কংগ্ৰেছ অধিবেশনত তেখেতে নগাঁৱৰ প্ৰতিনিধিৰূপে অংশগ্ৰহণ কৰিছিল। ১৯১৯ চনত অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনত তেখেত প্ৰধান সম্পাদক নিৰ্বাচিত হৈছিল। সেইবাৰ সভাপতিৰ দায়িত্বত আছিল ভাষাবিদ কালিৰাম মেধি। সত্যনাথ বৰা কামৰূপ অনুসন্ধান সমিতিৰো সদস্য আছিল।

সাহিত্যিক জীৱন

১৮৮২ চনত সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থ আঠাইশটা গীতৰ সংকলন "গীতাৱলী" প্ৰকাশিত হয়। আধুনিক অসমীয়া ভাষাত ৰচিত এইখনেই প্ৰথম গীতৰ পুথি।১ ইয়াৰ পিছত তেখেতে "কামৰূপীয়া গীত" নামৰ আন এখন পুথিও প্ৰকাশ কৰে। তেখেতৰ ৰচিত আন আন গ্ৰন্থসমূহ হ'ল-

  • সাহিত্য-বিচাৰ (১৮৮৮)
  • আকাশ ৰহস্য (১৯০৮)
  • সাৰথি (১৯১৫)
  • বহল ব্যাকৰণ (১৯২৫)
  • কেন্দ্ৰ সভা (১৯২৯)
  • চিন্তাকলি (১৯৩৫) আদি।

বৰাৰ তৃতীয় গ্ৰন্থ "সাহিত্য বিচাৰ"ক সাহিত্যকলা সম্পৰ্কে আলোচনা কৰা প্ৰথম অসমীয়া গ্ৰন্থ আখ্যা দিয়া হয়। তেখেতৰ চতুৰ্থ গ্ৰন্থ "সাৰথি" হৈছে ৩৪টা চিন্তাগধূৰ প্ৰবন্ধৰ সংকলন। ড: মহেশ্বৰ নেওগে ইয়াৰ বিষয়ে কৈছিল- "বেকনৰ আৰ্হিৰ জ্ঞানদায়ক প্ৰবন্ধ আৰু বেকনৰ দৰেই প্ৰবাদ-বাক্যৰ তুল্য সূক্ষ্ম বাক্যই 'সাৰথি'ক মূল্যবান সম্পদ কৰি তুলিছে। "১ ড: সত্যেন্দ্ৰনাথ শৰ্মাইও সত্যনাথ বৰাৰ লিখন-শৈলীক বেকন বা চেমুৱেল স্মাইলছৰ লগত তুলনা কৰিছে।২ "আকাশ ৰহস্য" এখন বিজ্ঞানৰ পুথি। "কেন্দ্ৰ সভা"ত অসমীয়া সমাজত প্ৰচলিত কিছুমান ৰীতি-নীতি, কুসংস্কাৰ আদি আঙুলিয়াই দিয়া হৈছে। অসমীয়া ভাষাৰ ব্যাকৰণ সম্পৰ্কে লিখা "বহল ব্যাকৰণ" সত্যনাথ বৰাৰ আন এক সাহিত্যিক কীৰ্তি।

চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদিয়ে কলিকতাৰ পৰা প্ৰকাশ কৰা 'জোনাকী'ৰ প্ৰকাশ বন্ধ হোৱাত সত্যনাথ বৰাই আলোচনীখন পুনৰ গুৱাহাটীৰ পৰা তেখেতৰ সম্পাদনাত প্ৰকাশ কৰিছিল।১

মৃত্যু

১৯২৫ চনৰ ১৩ ডিচেম্বৰত সত্যনাথ বৰাৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. (২০০১). শতাধিক অসমীয়া সাহিত্যিক. ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. পৃ. ২২-২৫
  2. ↑ (1974). A History of Indian Literature: Assamese Literature. Otto Harassowitz, Wiesbaden

সম্পৰ্কিত শ্ৰেণী

অসমীয়া প্ৰবন্ধকাৰঅসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যনাথ বৰা” প্ৰবন্ধৰ সংশোধন ৪৯৪১০৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।