অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰসন্নলাল চৌধুৰী

প্ৰসন্নলাল চৌধুৰী (Prasannalal Choudhury) (১৮৯৮-১৯৮৬)বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক আছিল। তেওঁ সাপ্তাহিক কাকত প্ৰকাশৰ সম্পাদক আছিল। তেওঁ এগৰাকী চিকাৰী আৰু সু-অভিনেতাও আছিল। প্ৰধানকৈ কবি হিচাপে তেওঁ বিদ্ৰোহী কবি নামেৰেহে জনাজাত আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰসন্নলাল চৌধুৰী (Prasannalal Choudhury) (১৮৯৮-১৯৮৬)বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক আছিল। তেওঁ সাপ্তাহিক কাকত প্ৰকাশৰ সম্পাদক আছিল। তেওঁ এগৰাকী চিকাৰী আৰু সু-অভিনেতাও আছিল। প্ৰধানকৈ কবি হিচাপে তেওঁ বিদ্ৰোহী কবি নামেৰেহে জনাজাত আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ লিখা মেলা কৰিছিল।অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনৱদ্য বৰঙণিৰ বাবে অসম সাহিত্য সভাই ৪৫ তম গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাত তেওঁক সভাপতিৰ পদত বৰণ কৰিছিল।১

জন্ম আৰু শিক্ষা

প্ৰসন্নলাল চৌধুৰী দেৱৰ ১৮৯৮ চনৰ ৭ ডিচেম্বৰত কামৰূপ জিলাৰ পলাশবাৰীত জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল শ্যামলাল চৌধুৰী আৰু মাকৰ নাম আছিল প্ৰমীলা চৌধুৰী। প্ৰাথমিক শিক্ষাৰ আৰম্ভনি পলাশবাৰীতে হৈছিল। পাছত ১৯১৯ চনত যোৰহাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৮ চনত চৌধুৰীয়ে কলিকতাৰ ছেণ্ট পল মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ন হয়।১

কৰ্মজীৱন

প্ৰশন্নলাল চৌধুৰীয়ে কেইবাখনো বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৬৫ চনত তেওঁ বৰপেটা বিদ্যাপীঠৰ পৰা প্ৰধান শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰে। তাৰো পৰি তেওঁ কিছুদিন অসম চৰকাৰৰ প্ৰচাৰ বিভাগৰো চাকৰিয়াল আছিল।১

সাহিত্যিক অৱদান

কবিতা কিতাপ

১)অগ্নিমন্ত্ৰ (১৯৫০)

২)চানেকি (১৯৬৫)

৩) কণ্টক উপহাৰ

গীতৰ পুথি

১) গুঞ্জৰী

২) ৰঙ্গে ফাগু খেলে(১৯৭৭)

নাটক

১) নীলাম্বৰ (১৯৩৩)

২) চুলতানা ৰেজিয়া(১৯৪৯)

৩)ৰণজিৎ সিংহ(১৯৪৯)

৪)বাৰিষাৰ ৰঙা ৰ'দ(১৯৫৯, অনাতাঁৰ নাট)

৫)অপেশ্বৰী (১৯৬১, কাব্য-নাটক)

গল্পসংকলন

১) মধুৰ-বিপাক (১৯৮১)

চিকাৰ কাহিনী

১) চিকাৰ-নিকাৰ (১৯৮৮)

শিশু সাহিত্য

১)আমাৰ দেশৰ সাধু (১৯৫৬)

২)জাতিৰ ফুল(১৯৬৭)

৩)মৌচাক (১৯৯৫)

৪)তেজৰ অৰিহণা

৫)ৰাণা প্ৰতাপ

অন্যান্য গ্ৰন্থ

১. সম্পাদনা

  • মাধৱ কন্দলীৰ ৰামায়ণ(১৯৪১)
  • প্ৰকাশ(সাপ্তাহিক বাতৰিকাকত,১৯৫১)

২. স্মৃতিচাৰণ গ্ৰন্থ

  • স্মৃতিৰ সঁফুৰা (১৯৯৭)

মৃত্যু

বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীদেৱৰ ১৯৮৬ চনৰ ২০ জানুৱাৰী তাৰিখে দেহৱসান ঘটে।

তথ্যসূত্ৰ

  1. ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃ. ১৩৪, ১৩৫

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া কবিঅসমীয়া নাট্যকাৰঅসম সাহিত্য সভাৰ সভাপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰসন্নলাল চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৮৬৯১৭ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।