টিয়ঁহৰ চুপ পোলেণ্ড আৰু লিথুৱেনিয়ানৰ এবিধ পৰম্পৰাগত খাদ্য আৰু চূপ (পোলেণ্ডৰ ভাষাত Zupa ogórkowa),১ ইয়াক পলিচ শৈলীত সংৰক্ষিত কৰি ৰখা টিয়ঁহ আৰু আলু (পাচলি)১ বা মাজে মাজে আলুৰ সলনি চাউল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
টিয়ঁহৰ চুপ হৈছে এনে এবিধ খাদ্য য’ত টিয়ঁহক মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন ভোজনত পৰিৱেশন কৰা হয়। ইয়াৰ প্ৰধান প্ৰকাৰ দুটা, এটা হ’ল সতেজ টিয়ঁহৰ চুপ আৰু সংৰক্ষণ কৰা টিয়ঁহৰ চুপ।
ৰাছিয়াৰ খাদ্য তালিকা আৰু ইউক্ৰেইনৰ খাদ্য তালিকাতো একেধৰণৰ চুপ সাধাৰণতে দেখা যায়, যাক ৰাছিায়ত ৰাছলনিক নামে জনা যায় আৰু বুলগেৰিয়াত টাৰেটৰ(tarator) নামেৰে জনাজাত এবিধ টিয়ঁহক মূল হিচাপে লৈ প্ৰস্তুত কৰা চূপ আছে, যি ঠাণ্ডাকৈ পৰিৱেশন কৰা হয়।
সতেজ টিয়ঁহৰ চুপ
কিছুমান সতেজ টিয়ঁহৰ চুপ কেৱল কিছুমান উপাদানৰ মিশ্ৰণ (টিয়ঁহ, মছলা, অন্যান্য শাক-পাচলি বা ফল-মূল আদি) আৰু ঠাণ্ডাকৈ পৰিৱেশন কৰা হয়, আন কিছুমান ৰন্ধা হয়, সম্ভৱতঃ কোনো ধৰণৰ জুলীয়া আঞ্জাৰ দৰে আৰু গৰম বা ঠাণ্ডা কৰি পৰিৱেশন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Applebaum, A.; Crittenden, D.; Bialy, B. (2012). From a Polish Country House Kitchen: 90 Recipes for the Ultimate Comfort Food. Chronicle Books. পৃ. 60–61. ISBN 978-1-4521-1055-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিয়ঁহৰ চুপ” প্ৰবন্ধৰ সংশোধন ৪১৭৯৩৬ (১০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।