নাহৰকটীয়া মহাবিদ্যালয় (Naharkatiya College) কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল।১ নাহৰকটীয়া মহাবিদ্যালয়খন ১৯৬৪ চনত স্থানীয় জনসাধাৰণৰ উদ্যোগত প্ৰতিষ্ঠিত হৈছিল। চহৰৰ শান্তিময় পৰিৱেশত থকা এই মহাবিদ্যালয়খন নাহৰকটীয়াৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত৷
অন্তৰ্ভুক্ত আৰু স্বীকৃতি
মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত, উপধাৰা ২ (F) আৰু ১২ (B) -ৰ অধীনত বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (University Grants Commission) -ৰ দ্বাৰা স্বীকৃত আৰু বেঙ্গালুৰুৰ 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment & Accreditation Council চমুকৈ NAAC) -ৰ দ্বাৰা অনুমোদিত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহৰকটীয়া মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৭১২০৯ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।